--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ উপৰিও বৃহস্পতিবাৰে দেশৰ আন পাঁচখন ৰাজ্যৰ ছয়খন বিধানসভা আসনৰ বাবে  ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।  হাৰিয়ানা আৰু তেলেংগানাৰ দুজন কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰাৰ বাবে সেই দুখন আসন খালী হৈছিল।একনাথ চিন্দেৰ বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত উদ্ধৱ থাকৰেই  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীপদ হেৰুৱাইছিল। 

বাবা বালাচাহাব থাকৰেৰ দ্বাৰা প্ৰতিষ্ঠা কৰা দলটোৱে পূৰ্বৰ  নাম আৰু প্ৰতীকো হেৰুৱাইছে। এই পৰিস্থিতিত শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেই আন্ধেৰী-পূব বিধানসভাৰ উপনিৰ্বাচনক ৰাজনৈতিক পুনৰুজ্জীৱিতকৰণৰ এক সুযোগ হিচাবে গ্ৰহণ কৰিছে।

বৃহস্পতিবাৰে পুৱা আন্ধেৰী-পূব সমষ্টিতো  উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়। ৰিতুজা লাটে 'মশাল'ৰ চিহ্নত উদ্ধৱৰ দল শিৱসেনাৰ প্ৰাৰ্থী হিচাবে থিয় দিছে। তেওঁৰ স্বামী শিৱসেনাৰ বিধায়ক ৰমেশৰ মৃত্যুৰ বাবে সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে।  এনচিপি আৰু কংগ্ৰেছে উপনিৰ্বাচনত উদ্ধৱৰ প্ৰাৰ্থীক সমৰ্থন কৰিছে। আনহাতে, শাসকীয় বিজেপি-ছিন্দেৰ সেনা মিত্ৰজোঁটে বালাচাহেবৰ অনুগামী ৰমেশক সন্মান জনাই আন্ধেৰী-পূব বিধানসভাত প্ৰাৰ্থী প্ৰদান কৰা নাই। 

কংগ্ৰেছৰ দুজন বিধায়ক - হাৰিয়ানাৰ আদমপুৰৰ কুলদীপ বিষ্ণোই আৰু তেলেংগানাৰ মুনুগোৰৰ আৰ কে ৰাজাগোপাল ৰেড্ডীয়ে পদত্যাগ কৰিছিল আৰু বিজেপিত যোগদান কৰিছিল। হাৰিয়ানাৰ  ভজন লালৰ পুত্ৰ কুলদীপে তেওঁৰ পুত্ৰ ভৱ্যক আদমপুৰত পদুমৰ প্ৰতীকত থিয় কৰোৱাইছে।  আনহাতে মুনুগোডেৰ ৰাজাগোপালে  বিজেপিৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছে। 

২০২০ চনত লালু প্ৰসাদৰ প্ৰিয়  প্ৰাৰ্থী অনন্ত সিঙে মোকামাত জয়ী হৈছিল। অস্ত্ৰৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁ তেওঁৰ বিধায়ক পদ হেৰুৱাইছিল। আনহাতে, বিজেপি বিধায়ক সুভাষ সিঙৰ মৃত্যুৰ বাবে গোপালগঞ্জত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ভোটগণনা দেওবাৰে অনুষ্ঠিত হ'ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু