--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ উপৰিও বৃহস্পতিবাৰে দেশৰ আন পাঁচখন ৰাজ্যৰ ছয়খন বিধানসভা আসনৰ বাবে  ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।  হাৰিয়ানা আৰু তেলেংগানাৰ দুজন কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰাৰ বাবে সেই দুখন আসন খালী হৈছিল।একনাথ চিন্দেৰ বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত উদ্ধৱ থাকৰেই  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীপদ হেৰুৱাইছিল। 

বাবা বালাচাহাব থাকৰেৰ দ্বাৰা প্ৰতিষ্ঠা কৰা দলটোৱে পূৰ্বৰ  নাম আৰু প্ৰতীকো হেৰুৱাইছে। এই পৰিস্থিতিত শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেই আন্ধেৰী-পূব বিধানসভাৰ উপনিৰ্বাচনক ৰাজনৈতিক পুনৰুজ্জীৱিতকৰণৰ এক সুযোগ হিচাবে গ্ৰহণ কৰিছে।

বৃহস্পতিবাৰে পুৱা আন্ধেৰী-পূব সমষ্টিতো  উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়। ৰিতুজা লাটে 'মশাল'ৰ চিহ্নত উদ্ধৱৰ দল শিৱসেনাৰ প্ৰাৰ্থী হিচাবে থিয় দিছে। তেওঁৰ স্বামী শিৱসেনাৰ বিধায়ক ৰমেশৰ মৃত্যুৰ বাবে সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে।  এনচিপি আৰু কংগ্ৰেছে উপনিৰ্বাচনত উদ্ধৱৰ প্ৰাৰ্থীক সমৰ্থন কৰিছে। আনহাতে, শাসকীয় বিজেপি-ছিন্দেৰ সেনা মিত্ৰজোঁটে বালাচাহেবৰ অনুগামী ৰমেশক সন্মান জনাই আন্ধেৰী-পূব বিধানসভাত প্ৰাৰ্থী প্ৰদান কৰা নাই। 

কংগ্ৰেছৰ দুজন বিধায়ক - হাৰিয়ানাৰ আদমপুৰৰ কুলদীপ বিষ্ণোই আৰু তেলেংগানাৰ মুনুগোৰৰ আৰ কে ৰাজাগোপাল ৰেড্ডীয়ে পদত্যাগ কৰিছিল আৰু বিজেপিত যোগদান কৰিছিল। হাৰিয়ানাৰ  ভজন লালৰ পুত্ৰ কুলদীপে তেওঁৰ পুত্ৰ ভৱ্যক আদমপুৰত পদুমৰ প্ৰতীকত থিয় কৰোৱাইছে।  আনহাতে মুনুগোডেৰ ৰাজাগোপালে  বিজেপিৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছে। 

২০২০ চনত লালু প্ৰসাদৰ প্ৰিয়  প্ৰাৰ্থী অনন্ত সিঙে মোকামাত জয়ী হৈছিল। অস্ত্ৰৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁ তেওঁৰ বিধায়ক পদ হেৰুৱাইছিল। আনহাতে, বিজেপি বিধায়ক সুভাষ সিঙৰ মৃত্যুৰ বাবে গোপালগঞ্জত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ভোটগণনা দেওবাৰে অনুষ্ঠিত হ'ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক