--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত দুগৰাকী মহিলা বিষয়াক মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। ৩৫ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত দুগৰাকী মহিলা বিষয়াক মহাপৰিদৰ্শক (আই জি) পদবীলৈ উন্নীত কৰা হৈছে। তেওঁলোকৰ নাম এনি আব্ৰাহাম আৰু সীমা ধুণ্ডিয়া। দুয়োগৰাকী মহিলা বিষয়াই ১৯৮৭ চনত চি আৰ পি এফত যোগদান কৰিছিল। 

বিষয়াসকলে জনোৱা মতে, চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি এনি আব্ৰাহামক ৰেপিড একচন ফৰ্চ (আৰ এ এফ)ৰ আই জি নিযুক্তি দিয়া হৈছে, আনহাতে সীমা ধুণ্ডিয়াক বিহাৰ খণ্ডৰ আই জি নিযুক্তি দিয়া হৈছে। এনি আৰু সীমা প্ৰথম বেটচৰ। দুয়োৰে কেৰিয়াৰ প্ৰত্যাহ্বানমূলক। দুয়োজনে অতি স্পৰ্শকাতৰ ক্ষেত্ৰত কাম কৰিছে।

চি আৰ পি এফৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এনি আৰু সীমাক তেওঁলোকৰ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক প্ৰদান কৰা হৈছে। সীমা ধুণ্ডিয়াই দেশৰ বহু স্পৰ্শকাতৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে। চি আৰ পি এফৰ দ্বিতীয় মহিলা বেটেলিয়নক শক্তিশালী কৰাত তেওঁ অতি সক্ৰিয় আছিল। লাইবেৰিয়াত ৰাষ্ট্ৰসংঘৰ মিছনত প্ৰথম মহিলা গঠিত আৰক্ষী ইউনিট (এফ পি ইউ)ৰ অধিনায়ক আছিল। আৰ এ এফত ডি আই জি হিচাপেও কাম কৰি আহিছে।

এনি আব্ৰাহামছে লাইবেৰিয়াত ৰাষ্ট্ৰসংঘৰ মিছনত সৰ্বমহিলা এফ পি ইউৰ কমাণ্ড কৰাৰ উপৰিও ফৰ্চৰ মুখ্য কাৰ্যালয়ত ডি আই জি চোৰাংচোৱা হিচাপে কাশ্মীৰ অপাৰেচন ছেক্টৰৰ অপাৰেচনৰ দলত কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ কয় যে 'ট্ৰেইনিঙৰ অন্তত মোৰ পোষ্টিং অযোধ্যাত কৰা হ’ল। তেতিয়াৰ পৰাই জীৱনটো প্ৰত্যাহ্বানমূলক হৈ পৰিছে যদিও আমি বহু কথা শিকিলোঁ।'

এনি আব্ৰাহামছে কয়, 'মই মিজোৰামত এটা সম্পূৰ্ণ পুৰুষৰ বেটেলিয়নৰ নেতৃত্ব দিছিলো। ২০০৮ চনত ভূমি বিবাদৰ বাবে কেন্দ্ৰীয় বেটেলিয়নটো তাৰ পৰা জম্মুলৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল। দলটোক একেলগে ৰখাটো এটা কঠিন কাম।" নতুন ভূমিকাই আৰ এ এফে অধিক উচ্চতা লাভ কৰাটো নিশ্চিত কৰিব বুলিও তেওঁ কয়।'

১৯৮৬ চনত মহিলাক যুদ্ধত অৱতীৰ্ণ কৰা প্ৰথমটো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আছিল চি আৰ পি এফ। বৰ্তমান ইয়াৰ ছটা এনে বেটেলিয়ন আছে; য’ত ৬ হাজাৰৰো অধিক মহিলা কনিষ্টবলৰ পদত নিযুক্তি দিয়া হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক