--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত দুগৰাকী মহিলা বিষয়াক মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। ৩৫ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত দুগৰাকী মহিলা বিষয়াক মহাপৰিদৰ্শক (আই জি) পদবীলৈ উন্নীত কৰা হৈছে। তেওঁলোকৰ নাম এনি আব্ৰাহাম আৰু সীমা ধুণ্ডিয়া। দুয়োগৰাকী মহিলা বিষয়াই ১৯৮৭ চনত চি আৰ পি এফত যোগদান কৰিছিল। 

বিষয়াসকলে জনোৱা মতে, চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি এনি আব্ৰাহামক ৰেপিড একচন ফৰ্চ (আৰ এ এফ)ৰ আই জি নিযুক্তি দিয়া হৈছে, আনহাতে সীমা ধুণ্ডিয়াক বিহাৰ খণ্ডৰ আই জি নিযুক্তি দিয়া হৈছে। এনি আৰু সীমা প্ৰথম বেটচৰ। দুয়োৰে কেৰিয়াৰ প্ৰত্যাহ্বানমূলক। দুয়োজনে অতি স্পৰ্শকাতৰ ক্ষেত্ৰত কাম কৰিছে।

চি আৰ পি এফৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এনি আৰু সীমাক তেওঁলোকৰ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক প্ৰদান কৰা হৈছে। সীমা ধুণ্ডিয়াই দেশৰ বহু স্পৰ্শকাতৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে। চি আৰ পি এফৰ দ্বিতীয় মহিলা বেটেলিয়নক শক্তিশালী কৰাত তেওঁ অতি সক্ৰিয় আছিল। লাইবেৰিয়াত ৰাষ্ট্ৰসংঘৰ মিছনত প্ৰথম মহিলা গঠিত আৰক্ষী ইউনিট (এফ পি ইউ)ৰ অধিনায়ক আছিল। আৰ এ এফত ডি আই জি হিচাপেও কাম কৰি আহিছে।

এনি আব্ৰাহামছে লাইবেৰিয়াত ৰাষ্ট্ৰসংঘৰ মিছনত সৰ্বমহিলা এফ পি ইউৰ কমাণ্ড কৰাৰ উপৰিও ফৰ্চৰ মুখ্য কাৰ্যালয়ত ডি আই জি চোৰাংচোৱা হিচাপে কাশ্মীৰ অপাৰেচন ছেক্টৰৰ অপাৰেচনৰ দলত কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ কয় যে 'ট্ৰেইনিঙৰ অন্তত মোৰ পোষ্টিং অযোধ্যাত কৰা হ’ল। তেতিয়াৰ পৰাই জীৱনটো প্ৰত্যাহ্বানমূলক হৈ পৰিছে যদিও আমি বহু কথা শিকিলোঁ।'

এনি আব্ৰাহামছে কয়, 'মই মিজোৰামত এটা সম্পূৰ্ণ পুৰুষৰ বেটেলিয়নৰ নেতৃত্ব দিছিলো। ২০০৮ চনত ভূমি বিবাদৰ বাবে কেন্দ্ৰীয় বেটেলিয়নটো তাৰ পৰা জম্মুলৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল। দলটোক একেলগে ৰখাটো এটা কঠিন কাম।" নতুন ভূমিকাই আৰ এ এফে অধিক উচ্চতা লাভ কৰাটো নিশ্চিত কৰিব বুলিও তেওঁ কয়।'

১৯৮৬ চনত মহিলাক যুদ্ধত অৱতীৰ্ণ কৰা প্ৰথমটো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আছিল চি আৰ পি এফ। বৰ্তমান ইয়াৰ ছটা এনে বেটেলিয়ন আছে; য’ত ৬ হাজাৰৰো অধিক মহিলা কনিষ্টবলৰ পদত নিযুক্তি দিয়া হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু