--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা আৰু ইজিপ্ত ভ্ৰমণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে৷ এই ভ্ৰমণৰ তথ্য ভাগ-বতৰা কৰি সীতাৰমণে কয় যে অতি কম সংখ্যক লোকে আমেৰিকাৰ সংসদৰ যৌথ অধিৱেশনত ভাষণ দিয়াৰ সুযোগ পাইছে। এই যৌথ অধিৱেশনত ভাষণ দিবলৈ প্ৰধানমন্ত্ৰী মোদী দ্বিতীয়বাৰৰ বাবে মাতি নিয়া হৈছে। লগতে এই ভাষণত আমাৰ প্ৰধানমন্ত্ৰীয়ে ষ্টেণ্ডিং অভেচন পোৱাটো গৌৰৱৰ বিষয়।


সীতাৰমণে কয় যে আমেৰিকাৰ সংসদত যৌথ বৈঠকত ভাষণ দিবলৈ আমেৰিকাত থকা দুয়োটা দলে তেওঁক আমন্ত্ৰণ জনাইছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা উৎপাদন আৰু নিয়োগ বিষয়ক লৈ বহু গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰতীয় সংখ্যালঘুক লৈ কৰা মন্তব্য সন্দৰ্ভত নিৰ্মলা সীতাৰমণে কয় যে এই পৰ্যন্ত ১৩খন দেশে প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ সন্মান প্ৰদান কৰিছে আৰু ইয়াৰে ৬ খন মুছলমান সংখ্যাগৰিষ্ঠ দেশ। ৯০ শতাংশতকৈ অধিক মুছলমান জনসংখ্যা থকা দেশ ইজিপ্তেও প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ নৈল’ৰে সম্বৰ্ধনা জনাইছে য’ত তেওঁ বৰ্তমান ভ্ৰমণ কৰি আছে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে তাত ইজিপ্তৰ প্ৰধানমন্ত্ৰীৰ গ্ৰেণ্ড মুফতিক সাক্ষাৎ কৰি আছে। ইজিপ্তৰ ব’হৰা সম্প্ৰদায়ৰ সৰ্ববৃহৎ মছজিদ পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২৬ বছৰৰ পাছত পুনৰ ভাৰতৰ এজন প্ৰধানমন্ত্ৰী ব’হৰা সম্প্ৰদায়ৰ মছজিদলৈ গৈছে। এই সকলোবোৰে দেখুৱাইছে যে সংখ্যালঘুৰ বিৰুদ্ধে বৈষম্যৰ অভিযোগ ভিত্তিহীন।বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাত স্পষ্টকৈ কৈছিল যে ভাৰতত কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে কোনো বৈষম্য নাই আৰু চৰকাৰে সকলোৰে বাবে উন্নয়ন বিচাৰে।


ইফালে নিৰ্মলা সীতাৰমণে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক লক্ষ্য কৰি লয়। এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আমেৰিকা ভ্ৰমণলৈ যোৱাৰ সময়ত এজন প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰতীয় মুছলমানসকলৰ ওপৰত বক্তব্য দিয়াটো আচৰিত কথা৷

তেওঁ কয় যে আমি আমেৰিকাৰ সৈতে ভাল বন্ধুত্ব বিচাৰো, কিন্তু তাৰ পৰাই ভাৰতৰ ধৰ্মীয় সহনশীলতাৰ ওপৰত মন্তব্য আহে। হয়তো বাৰাক ওবামাৰ নিৰ্দেশতে ছয়খন মুছলমান দেশত ২৬ হাজাৰৰো অধিক বোমা নিক্ষেপ কৰা হ’ল। এনে পৰিস্থিতিত মানুহে তেওঁৰ কথাক বিশ্বাস নকৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে