--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা আৰু ইজিপ্ত ভ্ৰমণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে৷ এই ভ্ৰমণৰ তথ্য ভাগ-বতৰা কৰি সীতাৰমণে কয় যে অতি কম সংখ্যক লোকে আমেৰিকাৰ সংসদৰ যৌথ অধিৱেশনত ভাষণ দিয়াৰ সুযোগ পাইছে। এই যৌথ অধিৱেশনত ভাষণ দিবলৈ প্ৰধানমন্ত্ৰী মোদী দ্বিতীয়বাৰৰ বাবে মাতি নিয়া হৈছে। লগতে এই ভাষণত আমাৰ প্ৰধানমন্ত্ৰীয়ে ষ্টেণ্ডিং অভেচন পোৱাটো গৌৰৱৰ বিষয়।


সীতাৰমণে কয় যে আমেৰিকাৰ সংসদত যৌথ বৈঠকত ভাষণ দিবলৈ আমেৰিকাত থকা দুয়োটা দলে তেওঁক আমন্ত্ৰণ জনাইছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা উৎপাদন আৰু নিয়োগ বিষয়ক লৈ বহু গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰতীয় সংখ্যালঘুক লৈ কৰা মন্তব্য সন্দৰ্ভত নিৰ্মলা সীতাৰমণে কয় যে এই পৰ্যন্ত ১৩খন দেশে প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ সন্মান প্ৰদান কৰিছে আৰু ইয়াৰে ৬ খন মুছলমান সংখ্যাগৰিষ্ঠ দেশ। ৯০ শতাংশতকৈ অধিক মুছলমান জনসংখ্যা থকা দেশ ইজিপ্তেও প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ নৈল’ৰে সম্বৰ্ধনা জনাইছে য’ত তেওঁ বৰ্তমান ভ্ৰমণ কৰি আছে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে তাত ইজিপ্তৰ প্ৰধানমন্ত্ৰীৰ গ্ৰেণ্ড মুফতিক সাক্ষাৎ কৰি আছে। ইজিপ্তৰ ব’হৰা সম্প্ৰদায়ৰ সৰ্ববৃহৎ মছজিদ পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২৬ বছৰৰ পাছত পুনৰ ভাৰতৰ এজন প্ৰধানমন্ত্ৰী ব’হৰা সম্প্ৰদায়ৰ মছজিদলৈ গৈছে। এই সকলোবোৰে দেখুৱাইছে যে সংখ্যালঘুৰ বিৰুদ্ধে বৈষম্যৰ অভিযোগ ভিত্তিহীন।বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাত স্পষ্টকৈ কৈছিল যে ভাৰতত কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে কোনো বৈষম্য নাই আৰু চৰকাৰে সকলোৰে বাবে উন্নয়ন বিচাৰে।


ইফালে নিৰ্মলা সীতাৰমণে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক লক্ষ্য কৰি লয়। এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আমেৰিকা ভ্ৰমণলৈ যোৱাৰ সময়ত এজন প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰতীয় মুছলমানসকলৰ ওপৰত বক্তব্য দিয়াটো আচৰিত কথা৷

তেওঁ কয় যে আমি আমেৰিকাৰ সৈতে ভাল বন্ধুত্ব বিচাৰো, কিন্তু তাৰ পৰাই ভাৰতৰ ধৰ্মীয় সহনশীলতাৰ ওপৰত মন্তব্য আহে। হয়তো বাৰাক ওবামাৰ নিৰ্দেশতে ছয়খন মুছলমান দেশত ২৬ হাজাৰৰো অধিক বোমা নিক্ষেপ কৰা হ’ল। এনে পৰিস্থিতিত মানুহে তেওঁৰ কথাক বিশ্বাস নকৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু