--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ দল বিআৰএছক এক মোক্ষম আঘাত৷ সোমবাৰ অৰ্থাৎ ২৬ জুনত কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন সাংসদ পংগুলেটি শ্ৰীনিবাস ৰেড্ডী, তেলেংগানাৰ প্ৰাক্তন মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাওকে ধৰি দহজন নেতাই। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীৰ উপস্থিতিত এই নেতাসকলে কংগ্ৰেছত যোগদান কৰে৷

এই সময়ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, দলটোৰ তেলেংগানাৰ ভাৰপ্ৰাপ্ত মণিকৰাও থাকৰে আৰু প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱন্ত ৰেড্ডী উপস্থিত থাকে। মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়েও এআইচিচিৰ কাৰ্যালয়ত তেলেংগানা কংগ্ৰেছৰ নেতাসকলক সাক্ষাৎ কৰে। দলৰ নতুন নেতাসকলক আদৰণি জনাই ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ দলে ভয়-ভাবুকিৰ ৰাজনীতি আৰু প্ৰতিশোধৰ ৰাজনীতিত ভয় নকৰে।

সদ্যতে কংগ্ৰেছত যোগদান কৰা পংগুলেতি শ্ৰীনিবাস ৰেড্ডী খাম্মাম লোকসভা আসনৰ প্ৰাক্তন সাংসদ। ৱাই এছ আৰ কংগ্ৰেছৰ পৰা ৰেড্ডীয়ে লোকসভা নিৰ্বাচনত জয়লাভ কৰে। ইয়াৰ পিছত তেওঁ কেচিআৰৰ দলত যোগদান কৰে। তেলেংগানাৰ কে. চন্দ্ৰশেখৰ ৰাও চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ এই দুয়োগৰাকী নেতাক কিছু মাহ পূৰ্বে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত ভাৰত ৰাষ্ট্ৰ সমিতিৰ পৰা নিলম্বন কৰা হৈছিল।এই দুগৰাকী নেতাৰ বাহিৰেও কংগ্ৰেছত যোগদান কৰিছে এম এল চি দামোদৰ ৰেড্ডী, প্ৰাক্তন বিধায়ককে ধৰি প্ৰায় ডেৰ ডজন নেতাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু