--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ দল বিআৰএছক এক মোক্ষম আঘাত৷ সোমবাৰ অৰ্থাৎ ২৬ জুনত কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন সাংসদ পংগুলেটি শ্ৰীনিবাস ৰেড্ডী, তেলেংগানাৰ প্ৰাক্তন মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাওকে ধৰি দহজন নেতাই। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীৰ উপস্থিতিত এই নেতাসকলে কংগ্ৰেছত যোগদান কৰে৷

এই সময়ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, দলটোৰ তেলেংগানাৰ ভাৰপ্ৰাপ্ত মণিকৰাও থাকৰে আৰু প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱন্ত ৰেড্ডী উপস্থিত থাকে। মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়েও এআইচিচিৰ কাৰ্যালয়ত তেলেংগানা কংগ্ৰেছৰ নেতাসকলক সাক্ষাৎ কৰে। দলৰ নতুন নেতাসকলক আদৰণি জনাই ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ দলে ভয়-ভাবুকিৰ ৰাজনীতি আৰু প্ৰতিশোধৰ ৰাজনীতিত ভয় নকৰে।

সদ্যতে কংগ্ৰেছত যোগদান কৰা পংগুলেতি শ্ৰীনিবাস ৰেড্ডী খাম্মাম লোকসভা আসনৰ প্ৰাক্তন সাংসদ। ৱাই এছ আৰ কংগ্ৰেছৰ পৰা ৰেড্ডীয়ে লোকসভা নিৰ্বাচনত জয়লাভ কৰে। ইয়াৰ পিছত তেওঁ কেচিআৰৰ দলত যোগদান কৰে। তেলেংগানাৰ কে. চন্দ্ৰশেখৰ ৰাও চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ এই দুয়োগৰাকী নেতাক কিছু মাহ পূৰ্বে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত ভাৰত ৰাষ্ট্ৰ সমিতিৰ পৰা নিলম্বন কৰা হৈছিল।এই দুগৰাকী নেতাৰ বাহিৰেও কংগ্ৰেছত যোগদান কৰিছে এম এল চি দামোদৰ ৰেড্ডী, প্ৰাক্তন বিধায়ককে ধৰি প্ৰায় ডেৰ ডজন নেতাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে