--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত উমৈহতীয়া বিৰোধী দলৰ মিত্ৰতাৰ নাম চৰ্চালৈ আহিছে। এই মিত্ৰতাৰ নাম পিডিএ বুলি কোৱা হৈছে যদিও এই সন্দৰ্ভত এতিয়াও কোনো চূড়ান্ত ঘোষণা হোৱা নাই, কিন্তু আভ্যন্তৰীণ আলোচনা চলি আছে বুলি জানিব পৰা গৈছে। চিপিআইয়ে বিৰোধী মিত্ৰজোঁটৰ নাম পিডিএ বুলি উল্লেখ কৰাৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ উচ্চ সূত্ৰই কয় যে এই নামটো এতিয়াও আলোচনা হোৱা নাই।

কংগ্ৰেছৰ সূত্ৰই পিডিএ নামৰ পৰামৰ্শকো অস্বীকাৰ কৰা নাছিল। অৱশ্যে ইয়াৰ হিন্দী অনুবাদক জটিল বুলি বৰ্ণনা কৰা হৈছিল। চিপিআইৰ মতে, বিৰোধী মিত্ৰজোঁটৰ নাম হ’ব পিডিএ (পেট্ৰিয়াটিক ডেম’ক্ৰেটিক এলায়েন্স)। একে সময়তে ইয়াৰ পূৰ্বে অখিলেশ যাদৱেও এন ডি এৰ তুলনাত পি ডি এ পিছপৰা, দলিত, সংখ্যালঘু মিত্ৰতাৰ শ্লোগান বুলি আখ্যা দিছে। অহা ১২ জুলাইৰ পৰা ১৪ জুলাইলৈ ছিমলাত অনুষ্ঠিত হ’ব বিৰোধী দলৰ পৰৱৰ্তী বৈঠক। এই বৈঠক দুদিনীয়া হ’ব য’ত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব৷

উল্লেখ্য যে শুকুৰবাৰে (২৩ জুনত) পাটনাত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কংগ্ৰেছকে ধৰি বহু দলে অংশ লৈছিল। বিৰোধী দলসমূহৰ বৈঠকত কমন মিনিমাম প্ৰগ্ৰেম আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে উমৈহতীয়া মতামত এতিয়াও স্পষ্ট হোৱা নাই।

শুকুৰবাৰে বিৰোধী দলৰ কেইবাটাও ডাঙৰ ৰাজনৈতিক দলৰ নেতাৰ বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক কঠোৰ প্ৰত্যাহ্বান জনাবলৈ শক্তিশালী ফ্ৰণ্ট গঠনৰ কৌশল আলোচনা কৰা হয়। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে আয়োজন কৰিছিল এই বৈঠক৷ মুখ্যমন্ত্ৰীৰ ১ নং এন্নে মাৰ্গ বাসগৃহত এই বৈঠক অনুষ্ঠিত হয়৷।

এই বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেইন, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে , ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সভাপতি শাৰদ পাৱাৰৰ লগতে আন কেইবাজনো বিৰোধী নেতা উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু