--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত উমৈহতীয়া বিৰোধী দলৰ মিত্ৰতাৰ নাম চৰ্চালৈ আহিছে। এই মিত্ৰতাৰ নাম পিডিএ বুলি কোৱা হৈছে যদিও এই সন্দৰ্ভত এতিয়াও কোনো চূড়ান্ত ঘোষণা হোৱা নাই, কিন্তু আভ্যন্তৰীণ আলোচনা চলি আছে বুলি জানিব পৰা গৈছে। চিপিআইয়ে বিৰোধী মিত্ৰজোঁটৰ নাম পিডিএ বুলি উল্লেখ কৰাৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ উচ্চ সূত্ৰই কয় যে এই নামটো এতিয়াও আলোচনা হোৱা নাই।

কংগ্ৰেছৰ সূত্ৰই পিডিএ নামৰ পৰামৰ্শকো অস্বীকাৰ কৰা নাছিল। অৱশ্যে ইয়াৰ হিন্দী অনুবাদক জটিল বুলি বৰ্ণনা কৰা হৈছিল। চিপিআইৰ মতে, বিৰোধী মিত্ৰজোঁটৰ নাম হ’ব পিডিএ (পেট্ৰিয়াটিক ডেম’ক্ৰেটিক এলায়েন্স)। একে সময়তে ইয়াৰ পূৰ্বে অখিলেশ যাদৱেও এন ডি এৰ তুলনাত পি ডি এ পিছপৰা, দলিত, সংখ্যালঘু মিত্ৰতাৰ শ্লোগান বুলি আখ্যা দিছে। অহা ১২ জুলাইৰ পৰা ১৪ জুলাইলৈ ছিমলাত অনুষ্ঠিত হ’ব বিৰোধী দলৰ পৰৱৰ্তী বৈঠক। এই বৈঠক দুদিনীয়া হ’ব য’ত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব৷

উল্লেখ্য যে শুকুৰবাৰে (২৩ জুনত) পাটনাত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কংগ্ৰেছকে ধৰি বহু দলে অংশ লৈছিল। বিৰোধী দলসমূহৰ বৈঠকত কমন মিনিমাম প্ৰগ্ৰেম আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে উমৈহতীয়া মতামত এতিয়াও স্পষ্ট হোৱা নাই।

শুকুৰবাৰে বিৰোধী দলৰ কেইবাটাও ডাঙৰ ৰাজনৈতিক দলৰ নেতাৰ বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক কঠোৰ প্ৰত্যাহ্বান জনাবলৈ শক্তিশালী ফ্ৰণ্ট গঠনৰ কৌশল আলোচনা কৰা হয়। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে আয়োজন কৰিছিল এই বৈঠক৷ মুখ্যমন্ত্ৰীৰ ১ নং এন্নে মাৰ্গ বাসগৃহত এই বৈঠক অনুষ্ঠিত হয়৷।

এই বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেইন, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে , ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সভাপতি শাৰদ পাৱাৰৰ লগতে আন কেইবাজনো বিৰোধী নেতা উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে