--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে কিছুমান কামেৰে মানুহৰ হৃদয় প্ৰায়ে জয় কৰি থাকে। শেহতীয়াকৈ পুনৰ এই কথাৰ প্ৰমাণ পোৱা গ’ল। আপোনালোকে সকলোৱে জানে যে শ্বাহৰুখ খানৰ ফেন ফ’ল’ৱাৰ বহুত বেছি। শেহতীয়াকৈ কিং খানে তেওঁৰ এগৰাকী ৬০ বছৰীয়া ফেন আৰু কেন্সাৰ আক্ৰান্ত মহিলাৰ শেষ ইচ্ছা পূৰণ কৰিলে। ইয়াৰ লগতে তেওঁ ভিডিঅ’ কলত মহিলাগৰাকীৰ সৈতে কথা পাতি চিকিৎসাৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই কথা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু সকলোৱে কিং খানক প্ৰশংসাৰে  উপচাই পেলাইছে।

শ্বাহৰুখ খানে শিৱানী নামৰ এগৰাকী ৬০ বছৰীয়া মহিলা অনুৰাগীৰ কথা জনাৰ লগে লগে লগে লগে তেওঁক ভিডিঅ’ কল কৰি প্ৰায় ৪৫ মিনিটমান কথা পাতিলে। কেন্সাৰ ৰোগত আক্ৰান্ত শিৱানীয়ে এতিয়ালৈকে শ্বাহৰুখ খানৰ সকলো চিনেমা চাইছে। শিৱানী শ্বাহৰুখ খানৰ ইমানেই ডাঙৰ ফেন যে কেন্সাৰৰ চিকিৎসাৰ সময়তো তেওঁ ‘পাথান’ চাবলৈ চিনেমা হললৈ গৈছিল। শিৱানীয়ে শ্বাহৰুখ খানৰ সৈতে এবাৰ কথা পতাৰ সপোন পুহি ৰাখিছিল। এই কথা গম পোৱাৰ লগে লগেই শ্বাহৰুখ খানে মহিলাগৰাকীৰ সৈতে যোগাযোগ কৰে।

শিৱানীৰ কথা-বতৰা পাতি শ্বাহৰুখ খানে কলকাতালৈ আহি তেওঁক ব্যক্তিগতভাৱে লগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে শিৱানীয়ে ৰন্ধা মাছৰ তৰকাৰীও খোৱাৰ কথা ক’লে কিং খানে। এটা সাক্ষাৎকাৰৰ সময়ত শিৱানীৰ কন্যাই জনায় যে- ''শ্বাহৰুখে খানেও মোৰ মাৰ বাবে প্ৰাৰ্থনা  কৰে। ইয়াৰ লগতে তেওঁ মাৰ কেন্সাৰ চিকিৎসাৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিছে।''













FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?