--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডত এতিয়া 'ডন ৩'ক লৈ চৰ্চা চলিছে। ‘ডন’ আৰু ‘ডন ২’ৰ পিছত শ্বাহৰুখ খানেই ‘ডন ৩’ত অভিনয় কৰাৰ কথা আছিল। কিন্তু তাৰ পিছত খবৰ আহিল যে বাদশ্বাহ ‘ডন ৩’ৰ কামৰ বাবে সন্মতি নিদিলে। এই খবৰ ওলোৱাৰ পৰাই শ্বাহৰুখৰ বিকল্প অভিনেতাৰ সন্ধান চলি আছিল।

কিছুদিন আগতে শুনা গৈছিল যে পৰিচালক ফাৰহান আখতাৰে সেই অভিনেতাজন পাইছে। জানিব পৰা গৈছিল যে ৰণবীৰ সিঙক ‘ডন ৩’ ছবিখনৰ বাবে চূড়ান্ত কৰা হৈছে। কিন্তু এতিয়া শুনা গৈছে যে বাদশ্বাহ অবিহনে ‘ডন ৩’ বনাবলৈ ইচ্ছুক নহয় ফাৰহান।

পৰিচালক হিচাপে ফাৰহানৰ অন্যতম সফল ফ্ৰেঞ্চাইজি হৈছে ‘ডন’। ২০০৬ চনত ‘ডন’, ২০১১ চনত ‘ডন ২’। এই দুখন ছবিৰ জৰিয়তে ফাৰহানে বক্স অফিচত সফলতা লাভ কৰাৰ লগতে সমালোচকৰ প্ৰশংসাও লাভ কৰে। অমিতাভ বচ্চনৰ পিছত শ্বাহৰুখ খানে ‘ডন’ হিচাপে নিজৰ বাবে এক সুকীয়া পৰিচয় সৃষ্টি কৰিছিল।

কিন্তু ২০১১ চনত মুক্তি পোৱা ‘ডন ২’ৰ পাছত এই ভূমিকাৰ পৰা তেওঁ বহু দিনৰ বিৰতি লৈছিল। তেতিয়াৰ পৰা এটা যুগতকৈও অধিক যুগ পাৰ হৈ গ’ল। এই বছৰত ‘ডন ৩’ক লৈ চৰ্চা আৰম্ভ হ’ল। শুনা গ’ল যে ফাৰহানে চিত্ৰনাট্য লিখাৰ কাম প্ৰায় শেষ কৰিছে। কিন্তু ‘ডন ৩’ ছবিখনৰ বাবে শ্বাহৰুখ খানে সন্মতি নিদিয়াৰ খবৰ আহে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?