--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিৰ্ধাৰিত মূল্যতকৈ অধিক ভাড়া লৈ বিপদত পৰিল অ'লা৷ এজন অ'লা যাত্ৰীয়ে ৰুজু কৰা এক গোচৰৰ বাবে ক্ষতিপূৰণ ভৰিবলগা হয় কেব সেৱাটোৱে৷ উল্লেখ্য যে, অ'লাচালকে লগোৱা অতিৰিক্ত মূল্যৰ বাবে কেব সেৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল এজন ব্যক্তিয়ে৷ অৱশেষত ব্যক্তিজনে ১৫,০০০ টকাৰ লাভ কৰে ক্ষতিপূৰণ৷ মুম্বাইৰ এগৰাকী অধিবক্তা, নাম তেওঁ শ্ৰেয়ান্স মামানিয়া৷ অধিবক্তাগৰাকীয়ে বিগত বছৰৰ ১৯ জুনত পৰিয়ালৰ সৈতে কান্দিভলীৰ পৰা কালাচৌকীলৈ যাত্ৰা কৰিছিল। যেতিয়া তেওঁ যাত্ৰাৰ বাবে বুক কৰিছিল এখন অ'লা৷ উল্লেখ্য যে, এপটোৱে ভাড়া ৩৭২ টকা দেখুৱাইছিল। অৱশ্যে যেতিয়া মামানিয়া আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ গন্তব্যস্থানত উপনীত হৈছিল, কেব চালকজনে তেওঁলোকৰ পৰা অতিৰিক্ত ৬২ টকা বিচাৰিছিল৷ যাৰ ফলত মামানিয়াই পৰিশোধ কৰিবলগীয়া হৈছিল মুঠ ৪৩৪ টকা। অধিবক্তাগৰাকীয়ে উল্লেখ কৰিছিল যে 'মই ৪৩৪ টকা পৰিশোধ কৰিছিলো আৰু পাছত অ'লা গ্ৰাহক সেৱাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো। কোনো সঁহাৰি পোৱা নাছিল। অৱশেষত মই consumer forumৰ কাষ চাপিবলৈ সিদ্ধান্ত লৈছিলো।' কিন্তু মোৰ পৰিয়ালৰ লোকসকলে ইমান সাধাৰণ কথাৰ বাবে কিয় এনে কৰিবলৈ ওলাইছো সুধিছিল৷ মামানিয়াই ১৭ আগষ্টত অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত লৈছিল। consumer forumএ ২ ছেপ্টেম্বৰত এই অভিযোগ গ্ৰহণ কৰিছিল। ১৬ ডিচেম্বৰত কাৰ্যক্ৰম হৈছিল অভিযোগনামা। মামানিয়াই ক্ষতিপূৰণ হিচাপে ৪ লাখ টকা দাবী কৰিছিল। অৱশ্যে consumer forumএ ইয়াক অস্বীকাৰ কৰিছিল৷ মামানিয়া ক্ষতিপূৰণৰ বাবে অ'লা কেবক ৩০দিনৰ ভিতৰত অভিযোগৰ ব্যয় হিচাপে ১০,০০০ টকা আৰু অভিযোগৰ ব্যয় হিচাপে ৫,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল। মাত্ৰ ৬২ টকাৰ বাবে মামানিয়াই কাষ চাপিছিল consumer forum। 'দৈনিক ১০০জন গ্ৰাহকৰ ক্ষেত্ৰতো এনে হয় অ'লাই ইয়াৰ পৰা ৫,০০০ টকা বা তাতকৈ অধিক উপাৰ্জন কৰে। আমি ইয়াৰ বিৰুদ্ধে যুঁজ দিয়া উচিত' বুলি অধিবক্তাজনে মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ