--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিৰ্ধাৰিত মূল্যতকৈ অধিক ভাড়া লৈ বিপদত পৰিল অ'লা৷ এজন অ'লা যাত্ৰীয়ে ৰুজু কৰা এক গোচৰৰ বাবে ক্ষতিপূৰণ ভৰিবলগা হয় কেব সেৱাটোৱে৷ উল্লেখ্য যে, অ'লাচালকে লগোৱা অতিৰিক্ত মূল্যৰ বাবে কেব সেৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল এজন ব্যক্তিয়ে৷ অৱশেষত ব্যক্তিজনে ১৫,০০০ টকাৰ লাভ কৰে ক্ষতিপূৰণ৷ মুম্বাইৰ এগৰাকী অধিবক্তা, নাম তেওঁ শ্ৰেয়ান্স মামানিয়া৷ অধিবক্তাগৰাকীয়ে বিগত বছৰৰ ১৯ জুনত পৰিয়ালৰ সৈতে কান্দিভলীৰ পৰা কালাচৌকীলৈ যাত্ৰা কৰিছিল। যেতিয়া তেওঁ যাত্ৰাৰ বাবে বুক কৰিছিল এখন অ'লা৷ উল্লেখ্য যে, এপটোৱে ভাড়া ৩৭২ টকা দেখুৱাইছিল। অৱশ্যে যেতিয়া মামানিয়া আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ গন্তব্যস্থানত উপনীত হৈছিল, কেব চালকজনে তেওঁলোকৰ পৰা অতিৰিক্ত ৬২ টকা বিচাৰিছিল৷ যাৰ ফলত মামানিয়াই পৰিশোধ কৰিবলগীয়া হৈছিল মুঠ ৪৩৪ টকা। অধিবক্তাগৰাকীয়ে উল্লেখ কৰিছিল যে 'মই ৪৩৪ টকা পৰিশোধ কৰিছিলো আৰু পাছত অ'লা গ্ৰাহক সেৱাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো। কোনো সঁহাৰি পোৱা নাছিল। অৱশেষত মই consumer forumৰ কাষ চাপিবলৈ সিদ্ধান্ত লৈছিলো।' কিন্তু মোৰ পৰিয়ালৰ লোকসকলে ইমান সাধাৰণ কথাৰ বাবে কিয় এনে কৰিবলৈ ওলাইছো সুধিছিল৷ মামানিয়াই ১৭ আগষ্টত অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত লৈছিল। consumer forumএ ২ ছেপ্টেম্বৰত এই অভিযোগ গ্ৰহণ কৰিছিল। ১৬ ডিচেম্বৰত কাৰ্যক্ৰম হৈছিল অভিযোগনামা। মামানিয়াই ক্ষতিপূৰণ হিচাপে ৪ লাখ টকা দাবী কৰিছিল। অৱশ্যে consumer forumএ ইয়াক অস্বীকাৰ কৰিছিল৷ মামানিয়া ক্ষতিপূৰণৰ বাবে অ'লা কেবক ৩০দিনৰ ভিতৰত অভিযোগৰ ব্যয় হিচাপে ১০,০০০ টকা আৰু অভিযোগৰ ব্যয় হিচাপে ৫,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল। মাত্ৰ ৬২ টকাৰ বাবে মামানিয়াই কাষ চাপিছিল consumer forum। 'দৈনিক ১০০জন গ্ৰাহকৰ ক্ষেত্ৰতো এনে হয় অ'লাই ইয়াৰ পৰা ৫,০০০ টকা বা তাতকৈ অধিক উপাৰ্জন কৰে। আমি ইয়াৰ বিৰুদ্ধে যুঁজ দিয়া উচিত' বুলি অধিবক্তাজনে মন্তব্য কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে