--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছুপাৰষ্টাৰ শ্বাহৰুখ খানে যোৱা কেইবছৰমানত কেৱল খ্যাতি অৰ্জন কৰাই নহয়, বহুতো সম্পত্তিও আহৰণ কৰিছে। তেওঁৰ সম্পত্তিৰ মুঠ মূল্য শুনি যিকোনো লোকেই আশ্বৰ্য প্ৰকাশ কৰিব!

বৰ্তমান শ্বাহৰুখ খান অপৰিসীম সম্পত্তিৰ গৰাকী। আশ্চৰ্যজনকভাৱে যোৱা এটা দশকত তেওঁৰ মুঠ সম্পত্তি ৩০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। তেওঁ ব্যৱসায়, চলচ্চিত্ৰ আৰু ব্ৰেণ্ড এণ্ডোৰ্চমেণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰে।

‘কইমোই’ৰ প্ৰতিবেদন অনুসৰি, শ্বাহৰুখ খানৰ বৰ্তমানৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৬,৩০০ কোটি টকা। শ্বাহৰুখ খানৰ ছলমান খান আৰু আমিৰ খানতকৈ অধিক সম্পত্তি আছে।

‘বিজনেছ টাইমছ’ৰ মতে, ২০১০ত শ্বাহৰুখ খানৰ মুঠ মূল্য আছিল ১৫০০ কোটি টকা। সেই সময়ত তেওঁ ১০ মিনিটৰ নৃত্য প্ৰদৰ্শনৰ বাবে ৫ কোটি টকা লৈছিল আৰু সম্প্ৰতি তেওঁ ৮ৰ পৰা ১০ কোটি টকা পাৰিশ্ৰমিক লয়।

২০১০ৰ পৰা ২০২৩লৈ যোৱা ১৩ বছৰত শ্বাহৰুখ খানৰ সম্পত্তি ৩২০ শতাংশ বৃদ্ধি হৈছে, যি হৈছে ১৫০০ কোটিৰ ৪.২ গুণ। ২০১০ত কিং খানে ব্ৰেণ্ড এণ্ডোৰ্চমেণ্টৰ বাবে ৭ কোটি আৰু এখন চলচ্চিত্ৰৰ বাবে ১০ৰ পৰা ১২ কোটি টকা লৈছিল। তেওঁৰ ৰিয়েল ইষ্টেট বিনিয়োগ আছিল ৬৫০ কোটি টকা।

২০২৩ত শ্বাহৰুখ খানে ‘পাঠান’, ‘জোৱান’ আৰু আন বহুতো উৎসৰ পৰা প্ৰায় ৪০০ কোটি উপাৰ্জন কৰিছে। কিং খানে কেৱল ‘পাঠান’ৰ পৰা ২০০ কোটি টকা উপাৰ্জন কৰিছিল। একেসময়তে, তেওঁ ‘জোৱান’ৰ বাবে প্ৰায় একেই মাচুল আদায় কৰিছিল।

শ্বাহৰুখ খানৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে ক’বলৈ গ’লে, তেওঁ এতিয়া প্ৰতিদিনে ১০ কোটিতকৈ অধিক উপাৰ্জন কৰে৷

কিং খানৰ আটাইতকৈ ব্যয়বহুল সম্পত্তিবোৰৰ ভিতৰত এটা হৈছে তেওঁৰ মুম্বাইৰ ঘৰ মান্নাত, যাৰ বৰ্তমান মূল্য প্ৰায় ২০০ কোটি টকা বুলি কোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান