--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছুপাৰষ্টাৰ শ্বাহৰুখ খানে যোৱা কেইবছৰমানত কেৱল খ্যাতি অৰ্জন কৰাই নহয়, বহুতো সম্পত্তিও আহৰণ কৰিছে। তেওঁৰ সম্পত্তিৰ মুঠ মূল্য শুনি যিকোনো লোকেই আশ্বৰ্য প্ৰকাশ কৰিব!

বৰ্তমান শ্বাহৰুখ খান অপৰিসীম সম্পত্তিৰ গৰাকী। আশ্চৰ্যজনকভাৱে যোৱা এটা দশকত তেওঁৰ মুঠ সম্পত্তি ৩০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। তেওঁ ব্যৱসায়, চলচ্চিত্ৰ আৰু ব্ৰেণ্ড এণ্ডোৰ্চমেণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰে।

‘কইমোই’ৰ প্ৰতিবেদন অনুসৰি, শ্বাহৰুখ খানৰ বৰ্তমানৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৬,৩০০ কোটি টকা। শ্বাহৰুখ খানৰ ছলমান খান আৰু আমিৰ খানতকৈ অধিক সম্পত্তি আছে।

‘বিজনেছ টাইমছ’ৰ মতে, ২০১০ত শ্বাহৰুখ খানৰ মুঠ মূল্য আছিল ১৫০০ কোটি টকা। সেই সময়ত তেওঁ ১০ মিনিটৰ নৃত্য প্ৰদৰ্শনৰ বাবে ৫ কোটি টকা লৈছিল আৰু সম্প্ৰতি তেওঁ ৮ৰ পৰা ১০ কোটি টকা পাৰিশ্ৰমিক লয়।

২০১০ৰ পৰা ২০২৩লৈ যোৱা ১৩ বছৰত শ্বাহৰুখ খানৰ সম্পত্তি ৩২০ শতাংশ বৃদ্ধি হৈছে, যি হৈছে ১৫০০ কোটিৰ ৪.২ গুণ। ২০১০ত কিং খানে ব্ৰেণ্ড এণ্ডোৰ্চমেণ্টৰ বাবে ৭ কোটি আৰু এখন চলচ্চিত্ৰৰ বাবে ১০ৰ পৰা ১২ কোটি টকা লৈছিল। তেওঁৰ ৰিয়েল ইষ্টেট বিনিয়োগ আছিল ৬৫০ কোটি টকা।

২০২৩ত শ্বাহৰুখ খানে ‘পাঠান’, ‘জোৱান’ আৰু আন বহুতো উৎসৰ পৰা প্ৰায় ৪০০ কোটি উপাৰ্জন কৰিছে। কিং খানে কেৱল ‘পাঠান’ৰ পৰা ২০০ কোটি টকা উপাৰ্জন কৰিছিল। একেসময়তে, তেওঁ ‘জোৱান’ৰ বাবে প্ৰায় একেই মাচুল আদায় কৰিছিল।

শ্বাহৰুখ খানৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে ক’বলৈ গ’লে, তেওঁ এতিয়া প্ৰতিদিনে ১০ কোটিতকৈ অধিক উপাৰ্জন কৰে৷

কিং খানৰ আটাইতকৈ ব্যয়বহুল সম্পত্তিবোৰৰ ভিতৰত এটা হৈছে তেওঁৰ মুম্বাইৰ ঘৰ মান্নাত, যাৰ বৰ্তমান মূল্য প্ৰায় ২০০ কোটি টকা বুলি কোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক