--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহিদ কাপুৰ আৰু কৃতি সেনন অভিনীত ছবি তেৰী বাটো মে এইছা উলঝা জিয়াই অৱশেষত আজি চিনেমাগৃহত মুক্তি লাভ কৰিলে। ছবিখন সন্দৰ্ভত অনুৰাগীৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়াৰ পৰা সমালোচকলৈকে ছবিখনক লৈ যোগাত্মক মতামত দিয়া দেখা গৈছে। শ্বাহিদ আৰু কৃতিৰ উপৰিও বলীউডৰ হিমেন ধৰ্মেন্দ্ৰকো ছবিখনত দেখা গৈছে। কিন্তু এই ছবিখনত অভিনেতাগৰাকীক ধৰ্মেন্দ্ৰ হিচাপে নহয় অন্য এটা নামৰে কৃতিত্ব দিয়া দেখা গৈছে।


হয়, বলীউডত প্ৰৱেশ কৰাৰ ৬৪ বছৰৰ পাছত ধৰ্মেন্দ্ৰই নাম সলনি কৰিছে। হিন্দুস্তান টাইমছৰ তথ্য অনুসৰি শ্বাহিদ কাপুৰ আৰু কৃতি সেননৰ ছবি তেৰী বাটো মে এইছা উলঝা জিয়াত ধৰ্মেন্দ্ৰ সিং দেওলৰ নামৰে ধৰ্মেন্দ্ৰক কৃতিত্ব দিয়া হৈছে। উল্লেখ্য যে ধৰ্মেন্দ্ৰৰ শৈশৱৰ নাম ধৰম সিং দেওল। এই ছবিখনৰ পূৰ্বে ধৰ্মেন্দ্ৰই নিজৰ নামৰ আগত বা পাছত কোনো উপাধি ব্যৱহাৰ কৰা নাছিল। 


ধৰ্মেন্দ্ৰৰ ৱৰ্ক ফ্ৰণ্টৰ কথা যদি উল্লেখ কৰোঁ তেন্তে তেৰী বাটো মেই এইছা উলঝা জিয়া তেওঁৰ শেহতীয়া ছবি। এই ছবিখনৰ পূৰ্বে অভিনেতাগৰাকীক কৰণ জোহৰৰ ৰকী ঔৰ ৰাণী কি প্ৰেম কাহানীত দেখা গৈছিল। এই ছবিখনত ধৰ্মেন্দ্ৰই ৰণবীৰ সিঙৰ ককাকৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত ধৰ্মেন্দ্ৰই ৮৭ বছৰ বয়সত এটা চুমা খোৱাৰ দৃশ্য শ্বুটিং কৰিছিল।বহু চৰ্চিত ছবিখনত তেওঁ শ্বাবানা আজমীৰ সৈতে চুম্বন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ