--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহিদ কাপুৰ আৰু কৃতি সেনন অভিনীত ছবি তেৰী বাটো মে এইছা উলঝা জিয়াই অৱশেষত আজি চিনেমাগৃহত মুক্তি লাভ কৰিলে। ছবিখন সন্দৰ্ভত অনুৰাগীৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়াৰ পৰা সমালোচকলৈকে ছবিখনক লৈ যোগাত্মক মতামত দিয়া দেখা গৈছে। শ্বাহিদ আৰু কৃতিৰ উপৰিও বলীউডৰ হিমেন ধৰ্মেন্দ্ৰকো ছবিখনত দেখা গৈছে। কিন্তু এই ছবিখনত অভিনেতাগৰাকীক ধৰ্মেন্দ্ৰ হিচাপে নহয় অন্য এটা নামৰে কৃতিত্ব দিয়া দেখা গৈছে।


হয়, বলীউডত প্ৰৱেশ কৰাৰ ৬৪ বছৰৰ পাছত ধৰ্মেন্দ্ৰই নাম সলনি কৰিছে। হিন্দুস্তান টাইমছৰ তথ্য অনুসৰি শ্বাহিদ কাপুৰ আৰু কৃতি সেননৰ ছবি তেৰী বাটো মে এইছা উলঝা জিয়াত ধৰ্মেন্দ্ৰ সিং দেওলৰ নামৰে ধৰ্মেন্দ্ৰক কৃতিত্ব দিয়া হৈছে। উল্লেখ্য যে ধৰ্মেন্দ্ৰৰ শৈশৱৰ নাম ধৰম সিং দেওল। এই ছবিখনৰ পূৰ্বে ধৰ্মেন্দ্ৰই নিজৰ নামৰ আগত বা পাছত কোনো উপাধি ব্যৱহাৰ কৰা নাছিল। 


ধৰ্মেন্দ্ৰৰ ৱৰ্ক ফ্ৰণ্টৰ কথা যদি উল্লেখ কৰোঁ তেন্তে তেৰী বাটো মেই এইছা উলঝা জিয়া তেওঁৰ শেহতীয়া ছবি। এই ছবিখনৰ পূৰ্বে অভিনেতাগৰাকীক কৰণ জোহৰৰ ৰকী ঔৰ ৰাণী কি প্ৰেম কাহানীত দেখা গৈছিল। এই ছবিখনত ধৰ্মেন্দ্ৰই ৰণবীৰ সিঙৰ ককাকৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত ধৰ্মেন্দ্ৰই ৮৭ বছৰ বয়সত এটা চুমা খোৱাৰ দৃশ্য শ্বুটিং কৰিছিল।বহু চৰ্চিত ছবিখনত তেওঁ শ্বাবানা আজমীৰ সৈতে চুম্বন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু