--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আৰ্টিকেল ৩৭০’ ছবিৰ নিৰ্মাতাই মুকলি কৰিলে ছবিখনৰ ট্ৰেইলাৰ। চৌদিশৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হৈছে ট্ৰেইলাৰটোৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ৰ ‘ৰাম’ অৰুণ গোভিলে। অভিনেতাগৰাকীৰ ফাৰ্ষ্ট লোকে অনুৰাগীক সুখী কৰাৰ লগতে স্তম্ভিত কৰি তুলিছে। 

টেলিভিছনত প্ৰভু ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ পাছত অৰুণ গোভিলে এতিয়া ছবিখনত নিজৰ চেহেৰা আৰু অভিনয়েৰে অনুৰাগীক আপ্লুত কৰিবলৈ সাজু হৈছে।

অৰুণ গোভিলৰ উপৰিও টিভি অভিনেতা কিৰণ কৰ্মৰকাৰক ছবিখনত গৃহমন্ত্ৰী অমিত শ্বাহৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। ২ মিনিট ৪০ ছেকেণ্ডৰ ট্ৰেইলাৰত অভিনেত্ৰী য়ামী গৌতমৰ চৰিত্ৰটোকো প্ৰশংসা কৰা হৈছে। চোৰাংচোৱা বিষয়া হিচাপে য়ামীৰ ভূমিকা শক্তিশালী। 

বিশেষকৈ অনুৰাগীসকলে অৰুণ গোভিলক দেখি ভাল পাইছে। অনুৰাগীসকলে কৈছে যে অৱশেষত তেওঁ ভগৱান ৰামৰ পৰা পৃথক কিবা এটা কৰিলে আৰু ভাল কাম কৰিলে।

ইয়াৰ পিছত য়ামিৰ চৰিত্ৰটোৱে এন আই এত যোগদান কৰে আৰু কাশ্মীৰত এটা মিছন এক্সিকিউট কৰিবলগীয়া হয়। চৰকাৰে ৩৭০ অনুচ্ছেদ বিলুপ্ত কৰিব বিচাৰিছে, যিমানেই খৰচ নহওক কিয়। ৰাজনৈতিক অস্থিৰতাৰ মাজতো য়ামিৰ চৰিত্ৰ আৰু চৰকাৰ দুয়োটাকে শক্তিশালী বুলি দেখুওৱা হৈছে। শশ্বৱত সচদেৱৰ বেকগ্ৰাউণ্ড স্ক’ৰে যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু