--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আৰ্টিকেল ৩৭০’ ছবিৰ নিৰ্মাতাই মুকলি কৰিলে ছবিখনৰ ট্ৰেইলাৰ। চৌদিশৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হৈছে ট্ৰেইলাৰটোৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ৰ ‘ৰাম’ অৰুণ গোভিলে। অভিনেতাগৰাকীৰ ফাৰ্ষ্ট লোকে অনুৰাগীক সুখী কৰাৰ লগতে স্তম্ভিত কৰি তুলিছে। 

টেলিভিছনত প্ৰভু ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ পাছত অৰুণ গোভিলে এতিয়া ছবিখনত নিজৰ চেহেৰা আৰু অভিনয়েৰে অনুৰাগীক আপ্লুত কৰিবলৈ সাজু হৈছে।

অৰুণ গোভিলৰ উপৰিও টিভি অভিনেতা কিৰণ কৰ্মৰকাৰক ছবিখনত গৃহমন্ত্ৰী অমিত শ্বাহৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। ২ মিনিট ৪০ ছেকেণ্ডৰ ট্ৰেইলাৰত অভিনেত্ৰী য়ামী গৌতমৰ চৰিত্ৰটোকো প্ৰশংসা কৰা হৈছে। চোৰাংচোৱা বিষয়া হিচাপে য়ামীৰ ভূমিকা শক্তিশালী। 

বিশেষকৈ অনুৰাগীসকলে অৰুণ গোভিলক দেখি ভাল পাইছে। অনুৰাগীসকলে কৈছে যে অৱশেষত তেওঁ ভগৱান ৰামৰ পৰা পৃথক কিবা এটা কৰিলে আৰু ভাল কাম কৰিলে।

ইয়াৰ পিছত য়ামিৰ চৰিত্ৰটোৱে এন আই এত যোগদান কৰে আৰু কাশ্মীৰত এটা মিছন এক্সিকিউট কৰিবলগীয়া হয়। চৰকাৰে ৩৭০ অনুচ্ছেদ বিলুপ্ত কৰিব বিচাৰিছে, যিমানেই খৰচ নহওক কিয়। ৰাজনৈতিক অস্থিৰতাৰ মাজতো য়ামিৰ চৰিত্ৰ আৰু চৰকাৰ দুয়োটাকে শক্তিশালী বুলি দেখুওৱা হৈছে। শশ্বৱত সচদেৱৰ বেকগ্ৰাউণ্ড স্ক’ৰে যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক