--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চিনেমা বঁটা বিজয়ীৰ তালিকা ঘোষণা কৰা হ’ল। ২৪ আগষ্টত সংবাদমেলত বিভিন্ন শিতানত ৰাষ্ট্ৰীয় বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া আৰু অভিনন্দনৰ স্ৰোত বয়। য'ত বিজয়ী তাৰকাসকলে ইজনে সিজনক অভিনন্দন জনাইছে আৰু অনুৰাগীয়ে নিজৰ প্ৰিয় তাৰকাক অভিনন্দন জনাইছে।

ইফালে বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটেও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট লিখিছে য’ত ৰাষ্ট্ৰীয় বঁটা বিজয়ী সকলোকে জয়ৰ বাবে অভিনন্দন জনাইছে। ইয়াৰ সমান্তৰালকৈ কংগনাই তেওঁৰ অনুৰাগীসকলকো কয় যে যদি ‘থালাইভি’ৰ পৰা আপোনালোকৰ আশা আছিল আৰু আপোনালোক হতাশ হৈছে, তেন্তে চিন্তা নকৰিব। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ঘোষণাৰ পূৰ্বে শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় বঁটা শাখাৰ বাবে আলিয়া ভাট আৰু কংগনা ৰানাৱটৰ নাম সৰ্বাধিক চৰ্চিত হৈছিল। কিন্তু এইবাৰ কংগনাক পাছ পেলাই আলিয়াই শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰিছে। সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালিত ‘গংগুবাই কাঠিয়াৱাড়ী’ ছবিৰ বাবে আলিয়াই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। একে সময়তে আল্লু অৰ্জুনে পুষ্পা ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ শাখাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু