--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে এছিয়া কাপৰ ফাইনেলত মহম্মদ ছিৰাজে চমকপ্ৰদ বলিং কৰে। তেওঁ এটা অভাৰত চাৰিটা উইকেট দখল কৰে। মুঠ ৭ অভাৰত বলিং কৰি ২১ ৰানত ৬টা উইকেট দখল কৰে। ছিৰাজে এটা অভিলেখো গঢ়ে। অলপ সময়ৰ বাবে অভিলেখৰ শিখৰ চুব নোৱাৰিলে। 

ইয়াৰ পূৰ্বে ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত এটা অভাৰত চাৰিটা উইকেট দখল কৰা নাই কোনো বলাৰে। শ্ৰীলংকাৰ বিৰুদ্ধে এতিয়ালৈকে এদিনীয়া মেচত পাকিস্তানৰ ৱাকাৰ ইউনিছে সৰ্বোত্তম বলিং প্ৰদৰ্শন আগবঢ়াইছিল। ১৯৯০ চনত শ্বাৰজাহত অনুষ্ঠিত এখন খেলত ২৬ ৰানত ৬ টা উইকেট দখল কৰিছিল। চিৰাজে সেই নজিৰ ভংগ কৰে।

ছিৰাজে এদিনীয়া ক্ৰিকেটত ভাৰতৰ শ্ৰেষ্ঠ বলিং ফিগাৰ হ’লহেঁতেন যদিহে আৰু এটা উইকেট সম্ভৱ হ’লহেঁতেন৷ কিন্তু সেয়া সম্ভৱ নহ’ল কিয়নো তেওঁ ৬টাতকৈ বেছি উইকেট ল’ব নোৱাৰিলে। এই পৰ্যন্ত কোনো বলাৰ ভাৰতৰ হৈ এটা ইনিংছত ৭টা বা তাতকৈ অধিক উইকেট দখল কৰা নাই।

ভাৰতৰ শ্ৰেষ্ঠ বলিং ফিগাৰ আছে ষ্টুয়াৰ্ট বিনিৰ নামত। মিৰপুৰত বাংলাদেশৰ বিৰুদ্ধে ৪ ৰাণত ৬ উইকেট দখল কৰে। দ্বিতীয় স্থানত আছে অনিল কুম্বলে। ১৯৯৩ চনত কলকাতাত পাকিস্তানৰ বিৰুদ্ধে ১২ ৰানত ৬ উইকেট দখল কৰিছিল। ২০২২ চনত অ’ভেলত ইংলেণ্ডৰ বিৰুদ্ধে ১৯ ৰানত ৬টা উইকেট দখল কৰিছিল যশপ্ৰীত বুমৰাহে। তেওঁৰ পিছত ছিৰাজ।

এছিয়া কাপৰ ইতিহাসত শ্ৰেষ্ঠ বলিঙৰ তালিকাতো চিৰাজে স্থান লাভ কৰিছে। ২০০৮ চনত কৰাচীত ভাৰতৰ বিৰুদ্ধে ১৩ ৰানত ৬ উইকেট সংগ্ৰহ কৰিছিল শ্ৰীলংকাৰ অজন্তা মেণ্ডিছে। তেওঁৰ পিছতে ছিৰাজে স্থান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু