--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে এছিয়া কাপৰ ফাইনেলত মহম্মদ ছিৰাজে চমকপ্ৰদ বলিং কৰে। তেওঁ এটা অভাৰত চাৰিটা উইকেট দখল কৰে। মুঠ ৭ অভাৰত বলিং কৰি ২১ ৰানত ৬টা উইকেট দখল কৰে। ছিৰাজে এটা অভিলেখো গঢ়ে। অলপ সময়ৰ বাবে অভিলেখৰ শিখৰ চুব নোৱাৰিলে। 

ইয়াৰ পূৰ্বে ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত এটা অভাৰত চাৰিটা উইকেট দখল কৰা নাই কোনো বলাৰে। শ্ৰীলংকাৰ বিৰুদ্ধে এতিয়ালৈকে এদিনীয়া মেচত পাকিস্তানৰ ৱাকাৰ ইউনিছে সৰ্বোত্তম বলিং প্ৰদৰ্শন আগবঢ়াইছিল। ১৯৯০ চনত শ্বাৰজাহত অনুষ্ঠিত এখন খেলত ২৬ ৰানত ৬ টা উইকেট দখল কৰিছিল। চিৰাজে সেই নজিৰ ভংগ কৰে।

ছিৰাজে এদিনীয়া ক্ৰিকেটত ভাৰতৰ শ্ৰেষ্ঠ বলিং ফিগাৰ হ’লহেঁতেন যদিহে আৰু এটা উইকেট সম্ভৱ হ’লহেঁতেন৷ কিন্তু সেয়া সম্ভৱ নহ’ল কিয়নো তেওঁ ৬টাতকৈ বেছি উইকেট ল’ব নোৱাৰিলে। এই পৰ্যন্ত কোনো বলাৰ ভাৰতৰ হৈ এটা ইনিংছত ৭টা বা তাতকৈ অধিক উইকেট দখল কৰা নাই।

ভাৰতৰ শ্ৰেষ্ঠ বলিং ফিগাৰ আছে ষ্টুয়াৰ্ট বিনিৰ নামত। মিৰপুৰত বাংলাদেশৰ বিৰুদ্ধে ৪ ৰাণত ৬ উইকেট দখল কৰে। দ্বিতীয় স্থানত আছে অনিল কুম্বলে। ১৯৯৩ চনত কলকাতাত পাকিস্তানৰ বিৰুদ্ধে ১২ ৰানত ৬ উইকেট দখল কৰিছিল। ২০২২ চনত অ’ভেলত ইংলেণ্ডৰ বিৰুদ্ধে ১৯ ৰানত ৬টা উইকেট দখল কৰিছিল যশপ্ৰীত বুমৰাহে। তেওঁৰ পিছত ছিৰাজ।

এছিয়া কাপৰ ইতিহাসত শ্ৰেষ্ঠ বলিঙৰ তালিকাতো চিৰাজে স্থান লাভ কৰিছে। ২০০৮ চনত কৰাচীত ভাৰতৰ বিৰুদ্ধে ১৩ ৰানত ৬ উইকেট সংগ্ৰহ কৰিছিল শ্ৰীলংকাৰ অজন্তা মেণ্ডিছে। তেওঁৰ পিছতে ছিৰাজে স্থান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?