--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ ফাইনেলত ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত থিয় দিব নোৱাৰিলে শ্ৰীলংকাৰ বেটছমেনসকলে। বিশেষকৈ মহম্মদ ছিৰাজৰ আধিপত্যৰ বাবে শ্ৰীলংকাৰ ইনিংছ ৫০ অভাৰত শেষ হয়। বহুতো নতুন অভিলেখৰ সৃষ্টি হয়।

এদিনীয়া ক্ৰিকেটত ভাৰতৰ বিৰুদ্ধে বাংলাদেশে এতিয়ালৈকে সৰ্বনিম্ন ইনিংছ খেলিছিল। ২০১৪ চনৰ মিৰপুৰত অনুষ্ঠিত সেইখন খেলত সুৰেশ ৰাইনা নেতৃত্বাধীন ইণ্ডিয়াই মুছফিকুৰ ৰহিমৰ বাংলাদেশক ৫৮ ৰানত অলআউট কৰিছিল। দেওবাৰে  সেই অভিলেখ ভংগ হয়।

দেওবাৰৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকাৰ সৰ্বনিম্ন ইনিংছ আছিল ৭৩ ৰান। যোৱা ১৫ জানুৱাৰীত তিৰুৱানন্তপুৰমত এই প্ৰদৰ্শন কৰিছিল শ্ৰীলংকাৰ। এছিয়া কাপৰ ফাইনেলত সেই অভিলেখ ভংগ হয়।

শ্ৰীলংকাৰ ৫০ ৰানৰ ইনিংছটো যিকোনো এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত এয়া সৰ্বনিম্ন ইনিংছ। এই লাজৰ অভিলেখ ইমান দিনে ভাৰতৰ হাতত আছিল। ২০০০ চনত শ্বাৰজাহত অনুষ্ঠিত এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ৫৪ ৰানতে ভাৰতৰ ইনিংছ শেষ হৈছিল।

এদিনীয়া ক্ৰিকেটত শ্ৰীলংকাই দ্বিতীয়বাৰৰ বাবে সৰ্বনিম্ন ইনিংছ খেলিছিল। ২০১২ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪৩ ৰানত শ্ৰীলংকাৰ ইনিংছ সমাপ্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা