--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ ফাইনেলত অভিলেখ গঢ়ে মহম্মদ ছিৰাজে। তেওঁ এটা অভাৰত চাৰিটা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ বলিঙৰ বাবেই ভাৰত আৰম্ভণিৰে পৰাই চালকৰ আসনত বহিল। শেষত এইগৰাকী ভাৰতীয় পেচাৰে ৬টা উইকেট দখল কৰে।

এছিয়া কাপৰ ফাইনেলত অষ্টমবাৰৰ বাবে ভাৰত আৰু শ্ৰীলংকাৰ মুখামুখি হয়। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ অলপ পিছত খেল আৰম্ভ হ’ল। টছত পৰাস্ত হ’ল ভাৰত। শ্ৰীলংকাৰ ইনিংছৰ চতুৰ্থ অভাৰত বলিং কৰিবলৈ আহি ছিৰাজে প্ৰথম সফলতা লাভ কৰে। তেওঁৰ অগ্নিময় বলিঙৰ ফলত শ্ৰীলংকাৰ বেটিং লাইন আপ বিধ্বস্ত হৈ পৰে। ছিৰাজ আৰু বুমৰাহৰ যুটিয়ে খেলৰ আৰম্ভণিতে শ্ৰীলংকাৰ আধা দলটোক পুনৰ পেভিলিয়নলৈ পঠিয়াই দিয়ে।

আকাশ স্পৰ্শ কৰাৰ সপোন তেওঁৰ শৈশৱৰ পৰাই। এই পেচাৰজন হায়দৰাবাদৰ অতি দৰিদ্ৰ পৰিয়ালৰ। ফাদাৰ মহম্মদ ঘাউছ আছিল এজন অটো চালক। চিৰাজৰ সপোন আছিল দেশৰ হৈ ক্ৰিকেট খেলা। ৫ ফুট ১১ ইঞ্চিৰ এই বলাৰগৰাকীয়ে ক্ৰমান্বয়ে ৰাজ্য, আই পি এল আৰু ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰে।

ছিৰাজে ২০১৫-১৬ বৰ্ষৰ ৰঞ্জী ট্ৰফীত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। পৰৱৰ্তী সময়ত ৰঞ্জি ট্ৰফীত ৯খন মেচত ৪১টা উইকেট দখল কৰে। আৰু ২০১৭-১৮ চনত এই হায়দৰাবাদী বিজয় হাজাৰে ট্ৰফীত ২৩টা উইকেটৰে সৰ্বশ্ৰেষ্ঠ উইকেট গ্ৰহণকাৰী হিচাপে পৰিগণিত হয়।

কিন্তু প্ৰথমবাৰৰ বাবে ২০১৭ চনৰ আই পি এলত সকলোৰে চকু কপালত তুলিলে ছিৰাজে। তেওঁৰ মূল্য ২.৬ কোটি টকালৈ বৃদ্ধি পালে। অৱশ্যে ২০১৮ চনত হায়দৰাবাদ দল এৰি বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুলৈ গুচি যায়। সেইবাৰ আই পি এলত ছিৰাজে ১১টা উইকেট দখল কৰিছিল।

২০২০ চনত ছিৰাজে ডাঙৰ ৰেকৰ্ডৰ সৃষ্টি কৰিছিল। টি-২০ ক্ৰিকেটত চাৰি অভাৰত বলিং কৰি দুটা মেডেন লোৱা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় তেওঁ।

দেশৰ জাৰ্চি পিন্ধি ছিৰাজৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ আছিল ২০১৭ চনত। তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল। প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত ছিৰাজৰ বলি হৈছিল কেন উইলিয়ামছন। 

ছিৰাজৰ প্ৰথম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলখন ভালদৰে নগ’ল। ২০১৯ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিৰাজে ১০ অভাৰত ৭৯ ৰান খৰচ কৰিছইল। 

২০১৮ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছিল ছিৰাজে। কিন্তু ড্ৰেছিং ৰুমত থাকিব লগা হয়।। আচলতে ছিৰাজে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট খেলিবলৈ আৰু দুবছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট খেলিছিল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সেই টেষ্ট চিৰিজত চিৰাজে দেশৰ বাবে এক অনন্য ভূমিকা গ্ৰহণ কৰিছিল। তিনিখন মেচত ১৩টা উইকেট দখল কৰিছিল। সেই ছিৰিজত তেওঁ আছিল ভাৰতৰ শ্ৰেষ্ঠ উইকেট টেকাৰ।

২০২১ চনৰ ১০ জানুৱাৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টেষ্ট খেলে ভাৰতে। ছিডনীত খেলখন অনুষ্ঠিত হৈছিল। হঠাৎ ছিৰাজৰ ওপৰত আক্ৰমণ আৰম্ভ হ’ল। অষ্ট্ৰেলিয়াৰ দৰ্শকৰ এটা অংশই ছিৰাজক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে। বৰ্ণবাদী মন্তব্য দিয়ে। অভিযোগ অনুসৰি তেওঁক ‘ব্ৰাউন ডগ’, ‘বিগ মাংকি’ বুলি কোৱা হৈছিল। প্ৰতিবাদ কৰিলে সিৰাজে। পিছত দেখা গ’ল যে দৰ্শকক আৰক্ষীয়ে লৈ যায়।

ক্ৰিকেট বিশেষজ্ঞসকলৰ মতে, পেচ আৰু য়ৰ্কাৰ হৈছে ছিৰাজৰ বলৰ দুটা শ্ৰেষ্ঠ অস্ত্ৰ। তেওঁ ভাৰতীয় দলৰ ক্রিষ্টিয়ানো ৰোনাল্ডো৷ দৰাচলতে তেওঁ ভাৰতীয় পেচাৰ মহম্মদ চিৰাজৰ প্ৰিয় ফুটবলাৰ।  আনকি ফাইনেলত ৭ অভাৰত বলিং কৰি ৬ উইকেট দখল কৰাৰ পিছতো চি আৰ ৭ প’জত উদযাপন কৰা দেখা গৈছিল। বুজাই দিলে যে তেওঁ এছিয়া কাপৰ ‘নবাব’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু