--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ ফাইনেলত অভিলেখ গঢ়ে মহম্মদ ছিৰাজে। তেওঁ এটা অভাৰত চাৰিটা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ বলিঙৰ বাবেই ভাৰত আৰম্ভণিৰে পৰাই চালকৰ আসনত বহিল। শেষত এইগৰাকী ভাৰতীয় পেচাৰে ৬টা উইকেট দখল কৰে।

এছিয়া কাপৰ ফাইনেলত অষ্টমবাৰৰ বাবে ভাৰত আৰু শ্ৰীলংকাৰ মুখামুখি হয়। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ অলপ পিছত খেল আৰম্ভ হ’ল। টছত পৰাস্ত হ’ল ভাৰত। শ্ৰীলংকাৰ ইনিংছৰ চতুৰ্থ অভাৰত বলিং কৰিবলৈ আহি ছিৰাজে প্ৰথম সফলতা লাভ কৰে। তেওঁৰ অগ্নিময় বলিঙৰ ফলত শ্ৰীলংকাৰ বেটিং লাইন আপ বিধ্বস্ত হৈ পৰে। ছিৰাজ আৰু বুমৰাহৰ যুটিয়ে খেলৰ আৰম্ভণিতে শ্ৰীলংকাৰ আধা দলটোক পুনৰ পেভিলিয়নলৈ পঠিয়াই দিয়ে।

আকাশ স্পৰ্শ কৰাৰ সপোন তেওঁৰ শৈশৱৰ পৰাই। এই পেচাৰজন হায়দৰাবাদৰ অতি দৰিদ্ৰ পৰিয়ালৰ। ফাদাৰ মহম্মদ ঘাউছ আছিল এজন অটো চালক। চিৰাজৰ সপোন আছিল দেশৰ হৈ ক্ৰিকেট খেলা। ৫ ফুট ১১ ইঞ্চিৰ এই বলাৰগৰাকীয়ে ক্ৰমান্বয়ে ৰাজ্য, আই পি এল আৰু ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰে।

ছিৰাজে ২০১৫-১৬ বৰ্ষৰ ৰঞ্জী ট্ৰফীত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। পৰৱৰ্তী সময়ত ৰঞ্জি ট্ৰফীত ৯খন মেচত ৪১টা উইকেট দখল কৰে। আৰু ২০১৭-১৮ চনত এই হায়দৰাবাদী বিজয় হাজাৰে ট্ৰফীত ২৩টা উইকেটৰে সৰ্বশ্ৰেষ্ঠ উইকেট গ্ৰহণকাৰী হিচাপে পৰিগণিত হয়।

কিন্তু প্ৰথমবাৰৰ বাবে ২০১৭ চনৰ আই পি এলত সকলোৰে চকু কপালত তুলিলে ছিৰাজে। তেওঁৰ মূল্য ২.৬ কোটি টকালৈ বৃদ্ধি পালে। অৱশ্যে ২০১৮ চনত হায়দৰাবাদ দল এৰি বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুলৈ গুচি যায়। সেইবাৰ আই পি এলত ছিৰাজে ১১টা উইকেট দখল কৰিছিল।

২০২০ চনত ছিৰাজে ডাঙৰ ৰেকৰ্ডৰ সৃষ্টি কৰিছিল। টি-২০ ক্ৰিকেটত চাৰি অভাৰত বলিং কৰি দুটা মেডেন লোৱা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় তেওঁ।

দেশৰ জাৰ্চি পিন্ধি ছিৰাজৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ আছিল ২০১৭ চনত। তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল। প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত ছিৰাজৰ বলি হৈছিল কেন উইলিয়ামছন। 

ছিৰাজৰ প্ৰথম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলখন ভালদৰে নগ’ল। ২০১৯ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিৰাজে ১০ অভাৰত ৭৯ ৰান খৰচ কৰিছইল। 

২০১৮ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছিল ছিৰাজে। কিন্তু ড্ৰেছিং ৰুমত থাকিব লগা হয়।। আচলতে ছিৰাজে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট খেলিবলৈ আৰু দুবছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট খেলিছিল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সেই টেষ্ট চিৰিজত চিৰাজে দেশৰ বাবে এক অনন্য ভূমিকা গ্ৰহণ কৰিছিল। তিনিখন মেচত ১৩টা উইকেট দখল কৰিছিল। সেই ছিৰিজত তেওঁ আছিল ভাৰতৰ শ্ৰেষ্ঠ উইকেট টেকাৰ।

২০২১ চনৰ ১০ জানুৱাৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টেষ্ট খেলে ভাৰতে। ছিডনীত খেলখন অনুষ্ঠিত হৈছিল। হঠাৎ ছিৰাজৰ ওপৰত আক্ৰমণ আৰম্ভ হ’ল। অষ্ট্ৰেলিয়াৰ দৰ্শকৰ এটা অংশই ছিৰাজক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে। বৰ্ণবাদী মন্তব্য দিয়ে। অভিযোগ অনুসৰি তেওঁক ‘ব্ৰাউন ডগ’, ‘বিগ মাংকি’ বুলি কোৱা হৈছিল। প্ৰতিবাদ কৰিলে সিৰাজে। পিছত দেখা গ’ল যে দৰ্শকক আৰক্ষীয়ে লৈ যায়।

ক্ৰিকেট বিশেষজ্ঞসকলৰ মতে, পেচ আৰু য়ৰ্কাৰ হৈছে ছিৰাজৰ বলৰ দুটা শ্ৰেষ্ঠ অস্ত্ৰ। তেওঁ ভাৰতীয় দলৰ ক্রিষ্টিয়ানো ৰোনাল্ডো৷ দৰাচলতে তেওঁ ভাৰতীয় পেচাৰ মহম্মদ চিৰাজৰ প্ৰিয় ফুটবলাৰ।  আনকি ফাইনেলত ৭ অভাৰত বলিং কৰি ৬ উইকেট দখল কৰাৰ পিছতো চি আৰ ৭ প’জত উদযাপন কৰা দেখা গৈছিল। বুজাই দিলে যে তেওঁ এছিয়া কাপৰ ‘নবাব’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement