--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ এটা ভাষণে আজি দেশৰ বহুতকে আবেগিক কৰি তোলে৷ কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁৰ ভাষণত  শৈশৱৰ এটা ঘটনা বাখ্যা কৰে৷  ৰাহুলে কয়  যে যেতিয়া তেওঁৰ বয়স সাত বছৰ আছিল, তেতিয়াই তেওঁৰ মাতৃয়ে প্ৰথমে তেওঁক কৈছিল যে তেওঁৰ কোনো ঘৰ নাই। কংগ্ৰেছৰ ৮৫ সংখ্যক পূৰ্ণাংগ বৈঠকৰ  অন্তিম দিনটোত ৰাহুল গান্ধীয়ে দলৰ নেতা আৰু কৰ্মীসকলক সম্বোধন কৰি তেওঁৰ শৈশৱৰ কথা ৰোমন্থন কৰে।


 ভাষণত ৰাহুল গান্ধীয়ে কয়  যে ৫২ বছৰ হ'ল আৰু আজিলৈকে তেওঁৰ কোনো  ঘৰ নাই।ৰাহুলে কয় "৫২ বছৰ হ'ল, মোৰ আজিলৈকে কোনো  ঘৰ নাই, ... আমাৰ পৰিয়ালৰ ঘৰ এলাহাবাদত আছে আৰু সেইটোও আমাৰ ঘৰ নহয়।" ৰাহুলে লগতে কয়  "মই য'ত বাস কৰোঁ সেয়া মোৰ  ঘৰ নহয়, সেয়েহে যেতিয়া মই কন্যাকুমাৰী এৰিছিলো, মই নিজকে সুধিছিলো মোৰ দায়িত্ব কি। মই ভাৰতক বুজিবলৈ ওলাইছো। হাজাৰ হাজাৰ মানুহ দৌৰি আহিছে, মোৰ দায়িত্ব কি? বহুত চিন্তা কৰাৰ পিছত, ধাৰণাটো মোৰ মনলৈ আহিছিল আৰু মই আমাৰ কৰ্মীসকলক  কৈছিলো যে ইয়ালৈ হাজাৰ হাজাৰ লোক খোজকাঢ়ি আহিছে, ঠেলা হেঁচা কৰিছে,  মানুহ আঘাতপ্ৰাপ্ত হ'ব পাৰে,  তাৰ পিছত আমি এটা কাম কৰিব লাগিব... মানুহ বোৰে আমাক এক খালী ঠাইত লগ কৰিবলৈ আহিব, সেয়াই  পৰৱৰ্তী চাৰি মাহৰ বাবে আমাৰ ঘৰ হ’ব। এই ঘৰটো পুৱাৰ পৰা সন্ধিয়ালৈ খোলা থাকিব"। 

 শৈশৱৰ কথা মনত পেলাই ৰাহুল গান্ধীয়ে কয়  "১৯৭৭ চনৰ এদিন, যেতিয়া মোৰ বয়স সাত বছৰ আছিল,  মোৰ মায়ে মোক কৈছিল যে আমি ঘৰ এৰি গৈ আছোঁ। মায়ে আমাক প্ৰথমবাৰৰ বাবে কৈছিল যে সেইটো আমাৰ ঘৰ নহয়। মই তেওঁক ক'লৈ যাব লাগে সুধিছিলো আৰু তেওঁ কৈছিল , "মই নাজানো।"উল্লেখ্য গান্ধী পৰিয়ালৰ নিজা বুলি কোনো ঘৰ নাই৷ বৰ্তমান ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে চৰকাৰী আবাসতে থাকে৷  আনন্দ ভৱন হৈছে ভাৰতৰ প্ৰয়াগৰাজৰ এক ঐতিহাসিক সংগ্ৰহালয়৷ এইভৱনটো  নেহৰু পৰিয়ালৰ এক বিশেষ সম্পত্তি আছিল৷  ১৯৩০ ৰ দশকত  মতিলাল নেহৰুৱে নেহৰু পৰিয়ালৰ বাসস্থান হিচাপে ব্যৱহাৰ কৰিবলৈ  ক্ৰয় কৰিছিল এই ঘৰটো৷ পিছত এই  স্বৰাজ ভৱন (পূৰ্বতে আনন্দ ভৱন বুলি কোৱা হৈছিল) ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থানীয় মুখ্য কাৰ্যালয়লৈ ৰূপান্তৰিত হৈছিল। জৱাহৰলাল  প্লেনেটেৰিয়াম ইয়াত অৱস্থিত৷  ১৯৭০ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই বাসগৃহ ভাৰত চৰকাৰক দান কৰিছিল৷ গান্ধী পৰিয়ালে নিজৰ বুলি থকা বাকী সম্পত্তিবোৰো ইতিমধ্যে চৰকাৰক দান কৰিছে৷ সেয়ে ৰাহুল গান্ধীয়ে কোৱা ৫২ বছৰে মোৰ কোনো ঘৰ নাই কথাষাৰ এশ শতাংশই সঁচা৷ ৰাহুলৰ এনে মন্তব্যই আজি বহুতকে আবেগিক কৰি তোলে৷ 

 ৰাহুল গান্ধীয়ে কয়  যে কাশ্মীৰত ভাৰত জোড়ো যাত্ৰাই যথেষ্ট মৰম পাইছে । "আমি জম্মু-কাশ্মীৰৰ যুৱপ্ৰজন্মৰ মাজত ত্ৰিৰংগাৰ আত্মাৰ মাজেৰে  ভাৰতৰ আত্মা কঢ়িয়াই আনিছো।  এয়া  আপোনাৰ আৰু আমাৰ মাজৰ পাৰ্থক্য... ত্ৰিৰংগা হৈছে হৃদয়ৰ অনুভূতি, আমি কাশ্মীৰৰ যুৱসকলৰ হৃদয়ত  এই অনুভৱ জাগ্ৰত কৰিছিলো। আমি তেওঁলোকক কোৱা নাছিলো যে আপোনালোকে ত্ৰিৰংগা উত্তোলন কৰিব লাগিব, ত্ৰিৰংগা তুলিব লাগিব আৰু খোজকাঢ়িব লাগিব... তেওঁলোকে নিজে আহিছিল, হাজাৰ হাজাৰ লোক আহিছিল আৰু ত্ৰিৰংগা হাতত তুলি লৈছিল।"

ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত আদানি গোচৰৰ কথাও উল্লেখ কৰে । তেওঁ কয় "মই  মোদীক  সুধিছো  যে আদানিৰ সৈতে আপোনাৰ সম্পৰ্ক কি?... সকলো মন্ত্ৰীয়ে আদানিক সুৰক্ষা দিবলৈ আৰম্ভ কৰিছে। যি কি নহওক, বিজেপি আৰু আৰ এছ এছে আদানিক কিয় সুৰক্ষা দিয়াৰ প্ৰয়োজন হৈছে?"

ৰাহুল গান্ধীয়েলগতে প্ৰশ্ন কৰে  যে শ্বেল কোম্পানীবোৰৰ তদন্ত কিয় কৰা হোৱা নাই। "আদানি আৰু মোদী  এক, দেশৰ সকলো ধন এজন ব্যক্তিৰ হাতলৈ গৈ আছে। স্বাধীনতা সংগ্ৰাম এটা কোম্পানীৰ (ইষ্ট ইণ্ডিয়া কোম্পানী) বিৰুদ্ধে হৈছিল, এতিয়া আপুনি দেখিব  যে ইতিহাসৰ পুনৰাবৃত্তি হৈছে। কংগ্ৰেছ দলে দেশৰ হৈ যুঁজ দিব, এই দলটো তপস্বীসকলৰ দল, পুৰোহিতৰ দল নহয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু