--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ এটা ভাষণে আজি দেশৰ বহুতকে আবেগিক কৰি তোলে৷ কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁৰ ভাষণত  শৈশৱৰ এটা ঘটনা বাখ্যা কৰে৷  ৰাহুলে কয়  যে যেতিয়া তেওঁৰ বয়স সাত বছৰ আছিল, তেতিয়াই তেওঁৰ মাতৃয়ে প্ৰথমে তেওঁক কৈছিল যে তেওঁৰ কোনো ঘৰ নাই। কংগ্ৰেছৰ ৮৫ সংখ্যক পূৰ্ণাংগ বৈঠকৰ  অন্তিম দিনটোত ৰাহুল গান্ধীয়ে দলৰ নেতা আৰু কৰ্মীসকলক সম্বোধন কৰি তেওঁৰ শৈশৱৰ কথা ৰোমন্থন কৰে।


 ভাষণত ৰাহুল গান্ধীয়ে কয়  যে ৫২ বছৰ হ'ল আৰু আজিলৈকে তেওঁৰ কোনো  ঘৰ নাই।ৰাহুলে কয় "৫২ বছৰ হ'ল, মোৰ আজিলৈকে কোনো  ঘৰ নাই, ... আমাৰ পৰিয়ালৰ ঘৰ এলাহাবাদত আছে আৰু সেইটোও আমাৰ ঘৰ নহয়।" ৰাহুলে লগতে কয়  "মই য'ত বাস কৰোঁ সেয়া মোৰ  ঘৰ নহয়, সেয়েহে যেতিয়া মই কন্যাকুমাৰী এৰিছিলো, মই নিজকে সুধিছিলো মোৰ দায়িত্ব কি। মই ভাৰতক বুজিবলৈ ওলাইছো। হাজাৰ হাজাৰ মানুহ দৌৰি আহিছে, মোৰ দায়িত্ব কি? বহুত চিন্তা কৰাৰ পিছত, ধাৰণাটো মোৰ মনলৈ আহিছিল আৰু মই আমাৰ কৰ্মীসকলক  কৈছিলো যে ইয়ালৈ হাজাৰ হাজাৰ লোক খোজকাঢ়ি আহিছে, ঠেলা হেঁচা কৰিছে,  মানুহ আঘাতপ্ৰাপ্ত হ'ব পাৰে,  তাৰ পিছত আমি এটা কাম কৰিব লাগিব... মানুহ বোৰে আমাক এক খালী ঠাইত লগ কৰিবলৈ আহিব, সেয়াই  পৰৱৰ্তী চাৰি মাহৰ বাবে আমাৰ ঘৰ হ’ব। এই ঘৰটো পুৱাৰ পৰা সন্ধিয়ালৈ খোলা থাকিব"। 

 শৈশৱৰ কথা মনত পেলাই ৰাহুল গান্ধীয়ে কয়  "১৯৭৭ চনৰ এদিন, যেতিয়া মোৰ বয়স সাত বছৰ আছিল,  মোৰ মায়ে মোক কৈছিল যে আমি ঘৰ এৰি গৈ আছোঁ। মায়ে আমাক প্ৰথমবাৰৰ বাবে কৈছিল যে সেইটো আমাৰ ঘৰ নহয়। মই তেওঁক ক'লৈ যাব লাগে সুধিছিলো আৰু তেওঁ কৈছিল , "মই নাজানো।"উল্লেখ্য গান্ধী পৰিয়ালৰ নিজা বুলি কোনো ঘৰ নাই৷ বৰ্তমান ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে চৰকাৰী আবাসতে থাকে৷  আনন্দ ভৱন হৈছে ভাৰতৰ প্ৰয়াগৰাজৰ এক ঐতিহাসিক সংগ্ৰহালয়৷ এইভৱনটো  নেহৰু পৰিয়ালৰ এক বিশেষ সম্পত্তি আছিল৷  ১৯৩০ ৰ দশকত  মতিলাল নেহৰুৱে নেহৰু পৰিয়ালৰ বাসস্থান হিচাপে ব্যৱহাৰ কৰিবলৈ  ক্ৰয় কৰিছিল এই ঘৰটো৷ পিছত এই  স্বৰাজ ভৱন (পূৰ্বতে আনন্দ ভৱন বুলি কোৱা হৈছিল) ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থানীয় মুখ্য কাৰ্যালয়লৈ ৰূপান্তৰিত হৈছিল। জৱাহৰলাল  প্লেনেটেৰিয়াম ইয়াত অৱস্থিত৷  ১৯৭০ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই বাসগৃহ ভাৰত চৰকাৰক দান কৰিছিল৷ গান্ধী পৰিয়ালে নিজৰ বুলি থকা বাকী সম্পত্তিবোৰো ইতিমধ্যে চৰকাৰক দান কৰিছে৷ সেয়ে ৰাহুল গান্ধীয়ে কোৱা ৫২ বছৰে মোৰ কোনো ঘৰ নাই কথাষাৰ এশ শতাংশই সঁচা৷ ৰাহুলৰ এনে মন্তব্যই আজি বহুতকে আবেগিক কৰি তোলে৷ 

 ৰাহুল গান্ধীয়ে কয়  যে কাশ্মীৰত ভাৰত জোড়ো যাত্ৰাই যথেষ্ট মৰম পাইছে । "আমি জম্মু-কাশ্মীৰৰ যুৱপ্ৰজন্মৰ মাজত ত্ৰিৰংগাৰ আত্মাৰ মাজেৰে  ভাৰতৰ আত্মা কঢ়িয়াই আনিছো।  এয়া  আপোনাৰ আৰু আমাৰ মাজৰ পাৰ্থক্য... ত্ৰিৰংগা হৈছে হৃদয়ৰ অনুভূতি, আমি কাশ্মীৰৰ যুৱসকলৰ হৃদয়ত  এই অনুভৱ জাগ্ৰত কৰিছিলো। আমি তেওঁলোকক কোৱা নাছিলো যে আপোনালোকে ত্ৰিৰংগা উত্তোলন কৰিব লাগিব, ত্ৰিৰংগা তুলিব লাগিব আৰু খোজকাঢ়িব লাগিব... তেওঁলোকে নিজে আহিছিল, হাজাৰ হাজাৰ লোক আহিছিল আৰু ত্ৰিৰংগা হাতত তুলি লৈছিল।"

ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত আদানি গোচৰৰ কথাও উল্লেখ কৰে । তেওঁ কয় "মই  মোদীক  সুধিছো  যে আদানিৰ সৈতে আপোনাৰ সম্পৰ্ক কি?... সকলো মন্ত্ৰীয়ে আদানিক সুৰক্ষা দিবলৈ আৰম্ভ কৰিছে। যি কি নহওক, বিজেপি আৰু আৰ এছ এছে আদানিক কিয় সুৰক্ষা দিয়াৰ প্ৰয়োজন হৈছে?"

ৰাহুল গান্ধীয়েলগতে প্ৰশ্ন কৰে  যে শ্বেল কোম্পানীবোৰৰ তদন্ত কিয় কৰা হোৱা নাই। "আদানি আৰু মোদী  এক, দেশৰ সকলো ধন এজন ব্যক্তিৰ হাতলৈ গৈ আছে। স্বাধীনতা সংগ্ৰাম এটা কোম্পানীৰ (ইষ্ট ইণ্ডিয়া কোম্পানী) বিৰুদ্ধে হৈছিল, এতিয়া আপুনি দেখিব  যে ইতিহাসৰ পুনৰাবৃত্তি হৈছে। কংগ্ৰেছ দলে দেশৰ হৈ যুঁজ দিব, এই দলটো তপস্বীসকলৰ দল, পুৰোহিতৰ দল নহয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক