--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পই বিশ্ব কঁপাই তুলিছিল। জাপান, পাপুয়া নিউগিনি আৰু আফগানিস্তানৰ কিছু অঞ্চলত সঘন ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। অনাগত সময়ত ভাৰতত এটা ডাঙৰ ভূমিকম্প হ’ব পাৰে বুলি শংকা ব্যক্ত কৰা হৈছে। ইয়াৰ মাজতে দেশৰ এখন জিলাত বিগত দুবছৰত ৪০০টা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। যাৰ ফলত ইয়াৰ বাসিন্দাসকলে এতিয়া ঘৰৰ বাহিৰত অধিক সময় পাৰ কৰিছে।

 বাতৰি অনুসৰি দুবছৰত ৪০০টা ভূমিকম্পই জোকাৰি গৈছে গুজৰাটৰ আমৰেলী জিলা। গান্ধীনগৰস্থিত ইনষ্টিটিউট অব ছিজম’লজিকেল ৰিচাৰ্ছৰ ভাৰপ্ৰাপ্ত সঞ্চালকপ্ৰধান সুমেৰ চোপ্ৰাই কয় যে যেতিয়া বাৰে বাৰে ভূমিকম্প হয় তেতিয়া কম্পন মৃদু হয়। আমৰেলীৰ সন্দৰ্ভত তেওঁ কয় যে ৪০০টা ভূমিকম্পত ৮৬ শতাংশৰ তীব্ৰতা দুশতাংশতকৈ কম হোৱাৰ বিপৰীতে ১৩ শতাংশৰ তীব্ৰতা দুটাৰ পৰা তিনিটাৰ ভিতৰত আছিল।

 ইয়াত তেওঁ লগতে কয় যে মাত্ৰ পাঁচটা ভূমিকম্প বাকী আছে, যিটো তিনিটাৰ ওপৰলৈ গৈছিল। ইয়াৰ বাহিৰেও এনে বহু ভূমিকম্প হৈছিল, যিবোৰ মানুহে অনুভৱেই কৰা নাছিল। যেতিয়া ধাৰাবাহিকভাৱে ভূমিকম্প হয় তেতিয়া বৃহৎ ভূমিকম্পৰ সম্ভাৱনা কম। এই ভয়ৰ বাবেই জিলাখনৰ বাসিন্দাই এতিয়া ঘৰৰ বাহিৰত শুবলৈ আৰম্ভ কৰিছে। আমৰেলিৰ মিটিয়ালা গাঁৱত ভূমিকম্পৰ ফলত সৰ্বাধিক আতংকিত হৈ পৰিছে ইয়াৰ বাসিন্দাসকল।

 মন কৰিবলগীয়া যে গুজৰাটৰ আমৰেলি জিলাকে ধৰি সৌৰাষ্ট্ৰ অঞ্চলৰ অধিকাংশ অঞ্চল ভূমিকম্পীয় অঞ্চল তিনিত পৰে, যিটোক মধ্যমীয়া ক্ষতিৰ আশংকা থকা অঞ্চল হিচাপে শ্ৰেণীভুক্ত কৰা হয়। আমৰেলিৰ সঘনাই ভূমিকম্পৰ কাৰণ হৈছে টেকটনিক ছেটআপ আৰু হাইড্ৰ’লজিকেল লোডিঙৰ ফলত সঘন ভূমিকম্প হয়।

 ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ হ’ল-গুজৰাট, হিমাচল প্ৰদেশ, বিহাৰ, অসম, মণিপুৰ, নাগালেণ্ড, জম্মু-কাশ্মীৰ, আন্দামান আৰু নিকোবৰ। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চললৈকে হিমালয় বেল্টত এতিয়া ভূমিকম্পৰ সৃষ্টি হোৱা বুলি বিজ্ঞানীসকলৰ মাজত উদ্বেগ প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement