--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পই বিশ্ব কঁপাই তুলিছিল। জাপান, পাপুয়া নিউগিনি আৰু আফগানিস্তানৰ কিছু অঞ্চলত সঘন ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। অনাগত সময়ত ভাৰতত এটা ডাঙৰ ভূমিকম্প হ’ব পাৰে বুলি শংকা ব্যক্ত কৰা হৈছে। ইয়াৰ মাজতে দেশৰ এখন জিলাত বিগত দুবছৰত ৪০০টা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। যাৰ ফলত ইয়াৰ বাসিন্দাসকলে এতিয়া ঘৰৰ বাহিৰত অধিক সময় পাৰ কৰিছে।

 বাতৰি অনুসৰি দুবছৰত ৪০০টা ভূমিকম্পই জোকাৰি গৈছে গুজৰাটৰ আমৰেলী জিলা। গান্ধীনগৰস্থিত ইনষ্টিটিউট অব ছিজম’লজিকেল ৰিচাৰ্ছৰ ভাৰপ্ৰাপ্ত সঞ্চালকপ্ৰধান সুমেৰ চোপ্ৰাই কয় যে যেতিয়া বাৰে বাৰে ভূমিকম্প হয় তেতিয়া কম্পন মৃদু হয়। আমৰেলীৰ সন্দৰ্ভত তেওঁ কয় যে ৪০০টা ভূমিকম্পত ৮৬ শতাংশৰ তীব্ৰতা দুশতাংশতকৈ কম হোৱাৰ বিপৰীতে ১৩ শতাংশৰ তীব্ৰতা দুটাৰ পৰা তিনিটাৰ ভিতৰত আছিল।

 ইয়াত তেওঁ লগতে কয় যে মাত্ৰ পাঁচটা ভূমিকম্প বাকী আছে, যিটো তিনিটাৰ ওপৰলৈ গৈছিল। ইয়াৰ বাহিৰেও এনে বহু ভূমিকম্প হৈছিল, যিবোৰ মানুহে অনুভৱেই কৰা নাছিল। যেতিয়া ধাৰাবাহিকভাৱে ভূমিকম্প হয় তেতিয়া বৃহৎ ভূমিকম্পৰ সম্ভাৱনা কম। এই ভয়ৰ বাবেই জিলাখনৰ বাসিন্দাই এতিয়া ঘৰৰ বাহিৰত শুবলৈ আৰম্ভ কৰিছে। আমৰেলিৰ মিটিয়ালা গাঁৱত ভূমিকম্পৰ ফলত সৰ্বাধিক আতংকিত হৈ পৰিছে ইয়াৰ বাসিন্দাসকল।

 মন কৰিবলগীয়া যে গুজৰাটৰ আমৰেলি জিলাকে ধৰি সৌৰাষ্ট্ৰ অঞ্চলৰ অধিকাংশ অঞ্চল ভূমিকম্পীয় অঞ্চল তিনিত পৰে, যিটোক মধ্যমীয়া ক্ষতিৰ আশংকা থকা অঞ্চল হিচাপে শ্ৰেণীভুক্ত কৰা হয়। আমৰেলিৰ সঘনাই ভূমিকম্পৰ কাৰণ হৈছে টেকটনিক ছেটআপ আৰু হাইড্ৰ’লজিকেল লোডিঙৰ ফলত সঘন ভূমিকম্প হয়।

 ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ হ’ল-গুজৰাট, হিমাচল প্ৰদেশ, বিহাৰ, অসম, মণিপুৰ, নাগালেণ্ড, জম্মু-কাশ্মীৰ, আন্দামান আৰু নিকোবৰ। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চললৈকে হিমালয় বেল্টত এতিয়া ভূমিকম্পৰ সৃষ্টি হোৱা বুলি বিজ্ঞানীসকলৰ মাজত উদ্বেগ প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু