--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তীয় খেলিমেলি আৰু আন কেইবাটাও নীতি উলংঘা কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ দেশৰ পাঁচটা  বেকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰিজাৰ্ভ বেংকৰ তীক্ষ্ণ নজৰত থকা সেই বেংকেইটাৰ আটাইকেইটাই সমবায় বেংক৷ বেংক কেইটাৰ পৰা  ধন উলিওৱাকে ধৰি কেইবাটাও বিষয়ত  নিষেধাজ্ঞা আৰোপ কৰিছে ৰিজাৰ্ভ বেংকে।

কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা সমবায় বেংক কেইটা হৈছে ক্ৰমে  এইচ চি বি এল সমবায় বেংক, লক্ষ্ণৌ (উত্তৰ প্ৰদেশ), আদৰ্শ মহিলা নগৰী সহকাৰী বেংক মৰিয়াদিত, ঔৰংগাবাদ (মহাৰাষ্ট্ৰ) আৰু শিমছা সহকাৰা বেংক নিয়মিতক, মাদ্দুৰ, মাণ্ডিয়া (কৰ্ণাটক) ।

ৰিজাৰ্ভ বেংকে লগতে এই বুলিও প্ৰকাশ কৰিছে যে বাকী বেংক কেইটাৰ পৰা গ্ৰাহকে এটকাও উলিয়াব নোৱাৰিলেও উৰাভাকোণ্ডা সমবায় টাউন বেংক, উৰাভাকোণ্ডা (অনন্তপুৰ জিলা, অন্ধ্ৰপ্ৰদেশ) আৰু শংকৰৰাও মোহিতে পাটিল সহকাৰী বেংক, আকলুজ (মহাৰাষ্ট্ৰ)ৰ গ্ৰাহকে ৫,০০০ টকা পৰ্যন্ত উলিয়াব পাৰিব।উক্ত বেংক পাঁচটাই নতুনকৈ কোনো  ঋণ দিব নোৱাৰিব বা  কোনো ধৰণৰ বিনিয়োগো কৰিব নোৱাৰিব।

উল্লেখ্য কিছুদিন পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে  দেশৰ ৯ টা বৃহৎ ৰাজহুৱা খণ্ডৰ বেংকক জৰিমনা বিহিছে।  ৰিজাৰ্ভ বেংকে   দেশৰ বেঙ্কিং প্ৰণালী নিৰীক্ষণ কৰে। যদি কোনো বেংকে  নিয়ম উলংঘা কৰে তেন্তে কঠোৰ ব্যৱস্থা লোৱা হয়। দেশৰ সকলো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানে অৰ্থনৈতিক ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে জাৰি কৰা সকলো নিয়ম অনুসৰণ কৰিব লাগিব। 

যদি কোনো অনিয়ম হয় অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দৰে কঠোৰ ব্যৱস্থাও  ৰিজাৰ্ভ বেংকে  গ্ৰহণ কৰিব পাৰে।  ৰিজাৰ্ভ বেংকে  ইতিমধ্যে কেইবাটাও বেংকৰ অনুজ্ঞাপত্ৰ বাতিলো কৰিছে। শেহতীয়াকৈ এটা ডাঙৰ বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।  লগতে আন নটা বেংকক জৰিমনা বিহা হৈছে। এই বেংক কেইটাক  ভাৰতীয় ৰিজাৰ্ভ বেংকে মুঠ ১২ লাখ টকাৰ জৰিমনা বিহিছে। 

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ওৰিশাৰ বঢ়মপুৰ সহকাৰী নগৰ বেংকৰ বিৰুদ্ধে ৩.১০ লাখ টকা, মহাৰাষ্ট্ৰৰ ওচমানাবাদ জনতা সহকাৰী বেংকক ২.৫ লাখ টকা আৰু ছান্টাৰামপুৰ নগৰ সমবায় বেংক লিমিটেডক ২ লাখ টকা জৰিমনা বিহা হৈছিল। পশ্চিম বংগৰ সমবায় বেংক, পশ্চিম বংগৰ অ' স্মল ফাইনেন্স বেংক লিমিটেড, গুজৰাটৰ নৱনগৰ কো-অপাৰেটিভ বেংক লিমিটেড, মধ্য প্ৰদেশৰ  চেণ্ট্ৰেল বেংক লিমিটেড, ছত্তীশগড়ৰ ৰেণুকা নাগৰীক সহায়ক বেংক লিমিটেড আৰু ঝাৰখণ্ডৰ জামছেদপুৰ নগৰ সমবায় বেংক লিমিটেডক ১ লাখ টকাৰ জৰিমনা বিহা হৈছিল।  

ওৰিশা আৰু মধ্য প্ৰদেশৰ কেন্দ্ৰপাৰা নগৰ সমবায় বেঙ্ক লিমিটেড  কৃষ্ণা মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেডকো ৫০ হাজাৰ টকাৰ  জৰিমনা বিহা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু