--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীত বাস কৰা প্ৰতিজন মানুহৰ বাবে কিছুমান দিন অতি বিশেষ হৈ পৰে। সমগ্ৰ বিশ্বৰ মহাকাশ বিজ্ঞানীসকলে আগ্ৰহেৰে ৭ ডিচেম্বৰৰ বাবে অপেক্ষা কৰি আছে। ইয়াৰ ভিতৰত জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাৰ সাক্ষী হ’বলৈ ভাল পোৱা লোকসকলো অন্তৰ্ভুক্ত হৈ আছে। সমগ্ৰ বিশ্বৰ মানুহে যেনেকৈ বছৰ বছৰ ধৰি সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ চাবলৈ অপেক্ষা কৰে, ঠিক তেনেদৰে আগন্তুক ৭ ডিচেম্বৰ তাৰিখটোও অতি গুৰুত্বপূৰ্ণ। ৭ ডিচেম্বৰত মহাকাশত এক আচৰিত দৃশ্য দেখা যাব। আকাশত একেলগে দেখা যাব চন্দ্ৰ আৰু মংগল গ্ৰহক। এনে দৃশ্য খুব কমেইহে দেখা যায়।

ইমান বিশেষ কিয়?

আমি যিখন পৃথিৱীত বাস কৰোঁ সেয়া সৌৰজগতৰ এটা অংশ বুলি আমি সকলোৱে জানো। ৭ ডিচেম্বৰত সূৰ্য্য, পৃথিৱী, চন্দ্ৰ আৰু মংগল গ্ৰহ একে সৰলৰেখাত থাকিব। এই সময়ত চন্দ্ৰৰ লগতে মংগল গ্ৰহকো পৃথিৱীবাসীয়ে দেখিবলৈ পাব।

মংগল গ্ৰহ কেনেকৈ চাব পাৰিব?

যদি আপুনি মংগল গ্ৰহ চাব বিচাৰে তেন্তে সঠিক কৌশল আৰু সঠিক সময় অনুসৰণ কৰক। আমেৰিকাৰ সময় অনুসৰি, নিশা ১১.০৮ বজাত এই দৃশ্য দেখিবলৈ পোৱা যাব। সেই সময়ত ই ভাৰতত ৮ ডিচেম্বৰ হ'ব। গতিকে ৮ ডিচেম্বৰৰ নিশা ভাৰতত মংগল গ্ৰহ দেখাৰ সম্ভাৱনা থাকিব। এই সময়ত আকাশলৈ চালে কমলা হালধীয়া ৰঙৰ তৰা এটা দেখা পাব। এই তৰাটো সূৰ্যৰ পোহৰত হালধীয়া বা কমলা ৰঙৰ হৈ জিলিকি থকা দেখা যাব। এইটোৱেই হ’ব ৰঙা গ্ৰহ অৰ্থাৎ মংগল গ্ৰহ। 

ইয়াৰ উপৰিও ভাৰ্চুৱেল টেলিস্কোপ প্ৰজেক্টৰ লাইভষ্ট্ৰীমিংৰ সময়ত এই সুন্দৰ অনুষ্ঠানটো আপোনালোকে চাব পাৰিব। বিজ্ঞানীসকলৰ মতে ১৪ বছৰৰ পাছত এনে এক কাকতলীয়া ঘটনা দেখা পোৱা যাব। যদি আপুনি আমেৰিকাত থাকে তেন্তে প্ৰায় ২ মিনিটমান আকাশত এনে বিৰল পৰিঘটনা চাব পাৰিব। বিভিন্ন দেশৰ বাবে ইয়াৰ সময় বেলেগ বেলেগ। এই দিনটোত চন্দ্ৰৰ ওপৰৰ বাওঁফাললৈ চালে জিলিকি থকা মংগল গ্ৰহটো দেখা পাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক