--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩০ বছৰ পূৰ্বে  লিখা হৈছিল বিশ্বৰ প্ৰথমটো SMS৷ অৱশ্যে  প্ৰথমাৱস্থাত তেনে বাৰ্তাক SMS বুলি কোৱা হোৱা নাছিল৷ আৰম্ভনিতে তেনে বাৰ্তাক " টেক্স মেছেজ " বুলিহে কোৱা হৈছিল৷ ৩০ বছৰ আগতে  ১৯৯২ চনৰ  ৩ ডিচেম্বৰত মোবাইল ফোনত প্ৰথমটো তেনে বাৰ্তা লিখা হৈছিল৷

ভোডাফোনৰ অভিযন্তা নীল পাপোৰ্থে তেওঁৰ কাৰ্যালয়ৰ মুৰব্বী  ৰিচাৰ্ড জাৰ্ভিছলৈ  সেই  বাৰ্তাটো প্ৰেৰণ কৰিছিল। অৱশ্যে ৰিচাৰ্ডে নীলৰ বাৰ্তাৰ উত্তৰ দিব পৰা নাছিল৷  কিয়নো তেওঁ সেই সময়ত প্ৰাক-বৰদিনৰ পাৰ্টিত ব্যস্ত আছিল।ডিচেম্বৰ ৩, ১৯৯২,ইংলেণ্ডৰ বাৰ্কশায়াৰৰ সেই অভিযন্তাগৰাকীয়ে মোবাইল ফোনত  দুটা চুটি শব্দ লিখিছিল। 

সেইদিনাৰ  বাৰ্তাটোৱেই  মোবাইল ফোনৰ ইতিহাসত  লিখা  প্ৰথম বাৰ্তা৷ হৈছিল। পিছলৈ তেনে বাৰ্তাক  এছএমএছ (শ্ব মেছেজ চাৰ্ভিছ) বুলি কোৱা হৈছিল। ২০২২ চনৰ ৩ ডিচেম্বৰত এছএমএছে  ৩০ বছৰৰ পূৰ্ণ  কৰিলে৷

ভোডাফোনৰ অভিযন্তা নীল পাপোৰ্থে তেওঁৰ বছ ৰিচাৰ্ড জাৰ্ভিছলৈ লিখা বাৰ্তাটোত লিখিছিল মাত্ৰ দুটা শব্দ  "মেৰী খ্ৰীষ্টমাছ।" পৰীক্ষামূলক ভিত্তিত  বাৰ্তাটো ৰিচাৰ্ডৰ নতুন 'অৰ্বিটাল ৯০১' ম'বাইল ফোনলৈ প্ৰেৰণ কৰা হৈছিল। সেই  মোবাইল ফোনটোৰ ওজন দুই কিলোগ্ৰামতকৈ বেছি  আছিল। পিছত এক সাক্ষাৎকাৰত নীলে কৈছিল যে তেওঁ এতিয়াহে  অনুভৱ কৰিছে যে সেই  বাৰ্তাপ্ৰেৰণ  প্ৰক্ৰিয়াই ভৱিষ্যতে মোবাইল সেৱাৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিব।

যদিও মোবাইল ফোনৰ জড়িয়তে বাৰ্তা প্ৰেৰণৰ চিন্তা  ১৯৮০ ৰ দশকতে আৰম্ভ হৈছিল, ইয়াক কাৰ্যকৰী কৰিবলৈ এক দশকৰো অধিক সময় লাগিছিল। আৰম্ভণিতে ম'বাইল ফোনত প্ৰেৰণ কৰিব পৰা  স্বাভাৱিক বাৰ্তাৰ দৈৰ্ঘ্য আছিল মাত্ৰ ১৬০টা বৰ্ণৰ বাৰ্তা। বিশ্বজুৰি বৰ্তমান বছৰি ১ বিলিয়নতকৈও অধিক বাৰ্তা প্ৰেৰণ কৰা হয়। ২০১০ চনত অভিধানত 'টেক্সটিং' শব্দটো যোগ কৰা হৈছে। এছএমএছ যদিও এতিয়াও প্ৰচলিত, তথাপি হোৱাটছএপ বা আইমেচেজ  আদিয়ে এছএমএছৰ গুৰুত্ব ভালেখিনি কমাই দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক