--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩০ বছৰ পূৰ্বে  লিখা হৈছিল বিশ্বৰ প্ৰথমটো SMS৷ অৱশ্যে  প্ৰথমাৱস্থাত তেনে বাৰ্তাক SMS বুলি কোৱা হোৱা নাছিল৷ আৰম্ভনিতে তেনে বাৰ্তাক " টেক্স মেছেজ " বুলিহে কোৱা হৈছিল৷ ৩০ বছৰ আগতে  ১৯৯২ চনৰ  ৩ ডিচেম্বৰত মোবাইল ফোনত প্ৰথমটো তেনে বাৰ্তা লিখা হৈছিল৷

ভোডাফোনৰ অভিযন্তা নীল পাপোৰ্থে তেওঁৰ কাৰ্যালয়ৰ মুৰব্বী  ৰিচাৰ্ড জাৰ্ভিছলৈ  সেই  বাৰ্তাটো প্ৰেৰণ কৰিছিল। অৱশ্যে ৰিচাৰ্ডে নীলৰ বাৰ্তাৰ উত্তৰ দিব পৰা নাছিল৷  কিয়নো তেওঁ সেই সময়ত প্ৰাক-বৰদিনৰ পাৰ্টিত ব্যস্ত আছিল।ডিচেম্বৰ ৩, ১৯৯২,ইংলেণ্ডৰ বাৰ্কশায়াৰৰ সেই অভিযন্তাগৰাকীয়ে মোবাইল ফোনত  দুটা চুটি শব্দ লিখিছিল। 

সেইদিনাৰ  বাৰ্তাটোৱেই  মোবাইল ফোনৰ ইতিহাসত  লিখা  প্ৰথম বাৰ্তা৷ হৈছিল। পিছলৈ তেনে বাৰ্তাক  এছএমএছ (শ্ব মেছেজ চাৰ্ভিছ) বুলি কোৱা হৈছিল। ২০২২ চনৰ ৩ ডিচেম্বৰত এছএমএছে  ৩০ বছৰৰ পূৰ্ণ  কৰিলে৷

ভোডাফোনৰ অভিযন্তা নীল পাপোৰ্থে তেওঁৰ বছ ৰিচাৰ্ড জাৰ্ভিছলৈ লিখা বাৰ্তাটোত লিখিছিল মাত্ৰ দুটা শব্দ  "মেৰী খ্ৰীষ্টমাছ।" পৰীক্ষামূলক ভিত্তিত  বাৰ্তাটো ৰিচাৰ্ডৰ নতুন 'অৰ্বিটাল ৯০১' ম'বাইল ফোনলৈ প্ৰেৰণ কৰা হৈছিল। সেই  মোবাইল ফোনটোৰ ওজন দুই কিলোগ্ৰামতকৈ বেছি  আছিল। পিছত এক সাক্ষাৎকাৰত নীলে কৈছিল যে তেওঁ এতিয়াহে  অনুভৱ কৰিছে যে সেই  বাৰ্তাপ্ৰেৰণ  প্ৰক্ৰিয়াই ভৱিষ্যতে মোবাইল সেৱাৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিব।

যদিও মোবাইল ফোনৰ জড়িয়তে বাৰ্তা প্ৰেৰণৰ চিন্তা  ১৯৮০ ৰ দশকতে আৰম্ভ হৈছিল, ইয়াক কাৰ্যকৰী কৰিবলৈ এক দশকৰো অধিক সময় লাগিছিল। আৰম্ভণিতে ম'বাইল ফোনত প্ৰেৰণ কৰিব পৰা  স্বাভাৱিক বাৰ্তাৰ দৈৰ্ঘ্য আছিল মাত্ৰ ১৬০টা বৰ্ণৰ বাৰ্তা। বিশ্বজুৰি বৰ্তমান বছৰি ১ বিলিয়নতকৈও অধিক বাৰ্তা প্ৰেৰণ কৰা হয়। ২০১০ চনত অভিধানত 'টেক্সটিং' শব্দটো যোগ কৰা হৈছে। এছএমএছ যদিও এতিয়াও প্ৰচলিত, তথাপি হোৱাটছএপ বা আইমেচেজ  আদিয়ে এছএমএছৰ গুৰুত্ব ভালেখিনি কমাই দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু