--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যদি আপুনি আপোনাৰ স্বাস্থ্য ভাল ৰাখিব বিচাৰে, তেন্তে প্ৰথমে আপুনি আপোনাৰ আন্ত্ৰিক স্বাস্থ্য ভাল কৰি ৰাখিব লাগিব।

ডিজিটেল ডেস্ক : কিছুমান খাদ্য স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইহঁতে আন্ত্ৰিক স্বাস্থ্য উন্নত কৰে আৰু আপোনাৰ সামগ্ৰিক স্বাস্থ্য ভাল কৰে। ইয়াত আমি আপোনালোকক কিছুমান খাদ্যৰ বিষয়ে ক’ম যিবোৰ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।


যদি আপুনি আপোনাৰ স্বাস্থ্য ভাল ৰাখিব বিচাৰে, তেন্তে প্ৰথমে আপুনি আপোনাৰ আন্ত্ৰিক স্বাস্থ্য ভাল কৰি ৰাখিব লাগিব। সুস্থ অন্ত্ৰই পুষ্টি শোষণ, হৰম’নৰ ভাৰসাম্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত সহায় কৰে, যাৰ বাবে ছালখন জিলিকি উঠে, মেজাজ উন্নত হয় আৰু শৰীৰৰ সামগ্ৰিক কাৰ্য্যকলাপ ভাল হয়।


ফাৰ্মেণ্টেড খাদ্য সাধাৰণতে আন্ত্ৰিক অংশৰ বাবে অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। ফাৰ্মেণ্টেড খাদ্যত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে। ইহঁতে হজম শক্তি আৰু পুষ্টিকৰ পদাৰ্থ শোষণ বৃদ্ধি কৰে। বহু গৱেষণাত প্ৰমাণিত হৈছে যে ফাৰ্মেণ্টেড খাদ্যত ভিটামিন, এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে আৰু কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। 


জানি লওক সবিশেষ


১) ঘৰতে বনোৱা দৈঃ আন্ত্ৰিক স্বাস্থ্যৰ বাবে দৈ অতি উত্তম। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে আৰু ই আন্ত্ৰিক বেক্টেৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰে আৰু প্ৰদাহ কমায়।


২) চৌৰক্ৰাউট: এইবিধ কবিৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ খাদ্য। ইয়াক বনাবলৈ কবি নিমখ দি ফাৰ্মেণ্টেড কৰা হয়। ইয়াত আঁহ, ভিটামিন চি আৰু প্ৰ’বায়’টিক প্ৰচুৰ পৰিমাণে থাকে আৰু আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী।


৩) ইদলি আৰু ডোছাঃ ইডলি আৰু ডোছাও ফাৰ্মেণ্টেডযুক্ত খাদ্য যি আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী। 


৪) কম্বুচাঃ কম্বুচা হৈছে ফাৰ্মেণ্টেড কৰা স্বাস্থ্যকৰ পানীয়। প্ৰ’বায়’টিক আৰু এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ কম্বুচা সুস্থ আন্ত্ৰিকতাৰ বাবে এক উত্তম বিকল্প।


৫) ফাৰ্মেণ্টেড কৰা চাউল:ইয়াক চাউল পানীত ৰাতি তিয়াই থৈ প্ৰস্তুত কৰা হয়। ছাছৰ লগত খালে হজম শক্তি ভাল হয়। এই খাদ্যসমূহে আন্ত্ৰিক বেক্টেৰিয়াক পুষ্টি প্ৰদান কৰে, ছালৰ স্বাস্থ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শক্তি উন্নত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু