--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যদি আপুনি আপোনাৰ স্বাস্থ্য ভাল ৰাখিব বিচাৰে, তেন্তে প্ৰথমে আপুনি আপোনাৰ আন্ত্ৰিক স্বাস্থ্য ভাল কৰি ৰাখিব লাগিব।

ডিজিটেল ডেস্ক : কিছুমান খাদ্য স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইহঁতে আন্ত্ৰিক স্বাস্থ্য উন্নত কৰে আৰু আপোনাৰ সামগ্ৰিক স্বাস্থ্য ভাল কৰে। ইয়াত আমি আপোনালোকক কিছুমান খাদ্যৰ বিষয়ে ক’ম যিবোৰ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।


যদি আপুনি আপোনাৰ স্বাস্থ্য ভাল ৰাখিব বিচাৰে, তেন্তে প্ৰথমে আপুনি আপোনাৰ আন্ত্ৰিক স্বাস্থ্য ভাল কৰি ৰাখিব লাগিব। সুস্থ অন্ত্ৰই পুষ্টি শোষণ, হৰম’নৰ ভাৰসাম্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত সহায় কৰে, যাৰ বাবে ছালখন জিলিকি উঠে, মেজাজ উন্নত হয় আৰু শৰীৰৰ সামগ্ৰিক কাৰ্য্যকলাপ ভাল হয়।


ফাৰ্মেণ্টেড খাদ্য সাধাৰণতে আন্ত্ৰিক অংশৰ বাবে অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। ফাৰ্মেণ্টেড খাদ্যত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে। ইহঁতে হজম শক্তি আৰু পুষ্টিকৰ পদাৰ্থ শোষণ বৃদ্ধি কৰে। বহু গৱেষণাত প্ৰমাণিত হৈছে যে ফাৰ্মেণ্টেড খাদ্যত ভিটামিন, এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে আৰু কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। 


জানি লওক সবিশেষ


১) ঘৰতে বনোৱা দৈঃ আন্ত্ৰিক স্বাস্থ্যৰ বাবে দৈ অতি উত্তম। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে আৰু ই আন্ত্ৰিক বেক্টেৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰে আৰু প্ৰদাহ কমায়।


২) চৌৰক্ৰাউট: এইবিধ কবিৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ খাদ্য। ইয়াক বনাবলৈ কবি নিমখ দি ফাৰ্মেণ্টেড কৰা হয়। ইয়াত আঁহ, ভিটামিন চি আৰু প্ৰ’বায়’টিক প্ৰচুৰ পৰিমাণে থাকে আৰু আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী।


৩) ইদলি আৰু ডোছাঃ ইডলি আৰু ডোছাও ফাৰ্মেণ্টেডযুক্ত খাদ্য যি আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী। 


৪) কম্বুচাঃ কম্বুচা হৈছে ফাৰ্মেণ্টেড কৰা স্বাস্থ্যকৰ পানীয়। প্ৰ’বায়’টিক আৰু এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ কম্বুচা সুস্থ আন্ত্ৰিকতাৰ বাবে এক উত্তম বিকল্প।


৫) ফাৰ্মেণ্টেড কৰা চাউল:ইয়াক চাউল পানীত ৰাতি তিয়াই থৈ প্ৰস্তুত কৰা হয়। ছাছৰ লগত খালে হজম শক্তি ভাল হয়। এই খাদ্যসমূহে আন্ত্ৰিক বেক্টেৰিয়াক পুষ্টি প্ৰদান কৰে, ছালৰ স্বাস্থ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শক্তি উন্নত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ