--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিদিনা পাঠুম নিশংকৰে নজিৰ গঢ়ি তুলিছিল সেইদিনা আন এক বিশ্ব অভিলেখ সৃষ্টি হৈছিল। আফগানিস্তানৰ মহম্মদ নবি আৰু আজমতুল্লাহ ওমৰজাইয়ে শ্ৰীলংকা বনাম আফগানিস্তানৰ এদিনীয়া মেচত ২৪২ ৰানেৰে ষষ্ঠ উইকেট ষ্টেণ্ডৰ নতুন বিশ্ব অভিলেখ সৃষ্টি কৰে। এদিনীয়া ক্ৰিকেটৰ যিকোনো উইকেট যোৰৰ বাবে এয়া সৰ্বাধিক ৰান।

২৪ বছৰ পূৰ্বে নবি আৰু ওমৰজাইৰ ২৪২ ৰানৰ অংশীদাৰিত্বৰ দৰে এক অভিলেখ গঢ়া হৈছিল। ২০০০ চনত দক্ষিণ আফ্ৰিকাৰ হাৰ্চেল গিবছ আৰু গেৰী কাৰ্ষ্টেনে ভাৰতৰ বিৰুদ্ধে ২৩৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। এই তালিকাৰ পিছত আছে ১৯৯৮ চনত ভাৰতৰ বিৰুদ্ধে ইজাজ আহমেদ আৰু ছাইদ আনোৱাৰৰ ২৩০ ৰানৰ অংশীদাৰিত্ব। ২০০৭ চনত কেনিয়াৰ বিৰুদ্ধে কেভিন অ’ব্ৰাইন আৰু উইলিয়াম পটাৰফিল্ডে ২২৭ ৰান আৰু ২০২৩ চনত পাকিস্তানৰ বিৰুদ্ধে ইব্ৰাহিম জাড্ৰান আৰু ৰহমানুল্লাহ গুৰবাজে ২২৭ ৰানৰ অংশীদাৰিত্ব লাভ কৰে। আজিৰ দিনটোতে দুই আফগান বেটছমেনে গিবছ আৰু কাৰ্ষ্টেনৰ ২৪ বছৰীয়া অভিলেখ ভংগ কৰে।

মেচখনৰ এটা সময়ত আফগানিস্তানে ৫৫ ৰানত ৫টা উইকেট হেৰুৱাই হেঁচাত পৰিছিল।  নবি আৰু ওমৰজাইয়ে ষষ্ঠ উইকেটৰ বাবে খেলখন চম্ভালি লয়। নবীয়ে ১৩০টা বলত ১৩৬ ৰান আৰু ওমৰজাই ১১৫টা বলত ১৪৯ ৰান সংগ্ৰহ কৰে। দুয়োজনে ২৪২ ৰানৰ অংশীদাৰিত্ব গঠন কৰে।

অৱশ্যে শ্ৰীলংকাই ৪২ ৰানত মেচখন জয়লাভ কৰে। শ্ৰীলংকাৰ অ’পেনিং বেটছমেন পাথুম নিছাংকে এক নজিৰ গঢ়ি তুলিছিল। তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বৈত শতক অৰ্জন কৰা শ্ৰীলংকাৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু