--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিদিনা পাঠুম নিশংকৰে নজিৰ গঢ়ি তুলিছিল সেইদিনা আন এক বিশ্ব অভিলেখ সৃষ্টি হৈছিল। আফগানিস্তানৰ মহম্মদ নবি আৰু আজমতুল্লাহ ওমৰজাইয়ে শ্ৰীলংকা বনাম আফগানিস্তানৰ এদিনীয়া মেচত ২৪২ ৰানেৰে ষষ্ঠ উইকেট ষ্টেণ্ডৰ নতুন বিশ্ব অভিলেখ সৃষ্টি কৰে। এদিনীয়া ক্ৰিকেটৰ যিকোনো উইকেট যোৰৰ বাবে এয়া সৰ্বাধিক ৰান।

২৪ বছৰ পূৰ্বে নবি আৰু ওমৰজাইৰ ২৪২ ৰানৰ অংশীদাৰিত্বৰ দৰে এক অভিলেখ গঢ়া হৈছিল। ২০০০ চনত দক্ষিণ আফ্ৰিকাৰ হাৰ্চেল গিবছ আৰু গেৰী কাৰ্ষ্টেনে ভাৰতৰ বিৰুদ্ধে ২৩৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। এই তালিকাৰ পিছত আছে ১৯৯৮ চনত ভাৰতৰ বিৰুদ্ধে ইজাজ আহমেদ আৰু ছাইদ আনোৱাৰৰ ২৩০ ৰানৰ অংশীদাৰিত্ব। ২০০৭ চনত কেনিয়াৰ বিৰুদ্ধে কেভিন অ’ব্ৰাইন আৰু উইলিয়াম পটাৰফিল্ডে ২২৭ ৰান আৰু ২০২৩ চনত পাকিস্তানৰ বিৰুদ্ধে ইব্ৰাহিম জাড্ৰান আৰু ৰহমানুল্লাহ গুৰবাজে ২২৭ ৰানৰ অংশীদাৰিত্ব লাভ কৰে। আজিৰ দিনটোতে দুই আফগান বেটছমেনে গিবছ আৰু কাৰ্ষ্টেনৰ ২৪ বছৰীয়া অভিলেখ ভংগ কৰে।

মেচখনৰ এটা সময়ত আফগানিস্তানে ৫৫ ৰানত ৫টা উইকেট হেৰুৱাই হেঁচাত পৰিছিল।  নবি আৰু ওমৰজাইয়ে ষষ্ঠ উইকেটৰ বাবে খেলখন চম্ভালি লয়। নবীয়ে ১৩০টা বলত ১৩৬ ৰান আৰু ওমৰজাই ১১৫টা বলত ১৪৯ ৰান সংগ্ৰহ কৰে। দুয়োজনে ২৪২ ৰানৰ অংশীদাৰিত্ব গঠন কৰে।

অৱশ্যে শ্ৰীলংকাই ৪২ ৰানত মেচখন জয়লাভ কৰে। শ্ৰীলংকাৰ অ’পেনিং বেটছমেন পাথুম নিছাংকে এক নজিৰ গঢ়ি তুলিছিল। তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বৈত শতক অৰ্জন কৰা শ্ৰীলংকাৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ