--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজৰ দেউতাকে ৭০ গৰাকীকৈ নাৰীক হত্যা কৰাৰ অভিযোগ তুলিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী মহিলাই। লুচী ষ্টুডে’ নামৰ মহিলাগৰাকীয়ে কয় যে তেওঁৰ দেউতাক ডণাল্ড ডীন ষ্টুডে’ই দীৰ্ঘদিন ধৰি এই  কাণ্ড কৰি আহিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইঅ’ৱা প্ৰদেশৰ বাসিন্দা ডণাল্ড ডীন ষ্টুডে’ই যোৱা ৩০ বছৰত ৭০ গৰাকীকৈ মহিলাক হত্যা কৰিছে বুলি জানিব পৰা গৈছে। তদুপৰি মহিলাক হত্যা কৰাৰ পাছত নিজৰ সন্তানৰ সহায়ত মৃতদেহসমূহ পুতি ৰাখে বুলিও অভিযোগ উঠিছে।

“মই জানো ক’ত ক’ত মৃতদেহসমূহ পুতি ৰখা হৈছে।”- এখন সংবাদপত্ৰক এইদৰে জনাইছে ডণাল্ডৰ কন্যা লুচীয়ে।

মৃতদেহসমূহক মাটিত পুতি থওঁতে বিভিন্ন অলংকাৰেৰে সজাই পৰাই তোলা হয় বুলিও তেওঁ চাঞ্চল্যকৰভাৱে জনায়।

অৱশ্যে লুচীৰ দেউতাক ডণাল্ড বৰ্তমান জীৱিত নহয়। ২০১৩ চনত ৭৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

বৰ্তমান বিষয়টো লৈ অনুসন্ধান চলি আছে। আৰক্ষীয়ে প্ৰকাশ কৰামতে, ডণাল্ডে যৌনকৰ্মীসকলক মাতি আনি হত্যাকাণ্ডসমূহ কৰিছিল।

যদি সমস্ত অভিযোগ প্ৰমাণিত হয়, তেন্তে ডণাল্ড আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত অন্যতম শীৰ্ষস্থানীয় ছিৰিয়েল কীলাৰ হিচাপে বিবেচিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক