--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজৰ দেউতাকে ৭০ গৰাকীকৈ নাৰীক হত্যা কৰাৰ অভিযোগ তুলিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী মহিলাই। লুচী ষ্টুডে’ নামৰ মহিলাগৰাকীয়ে কয় যে তেওঁৰ দেউতাক ডণাল্ড ডীন ষ্টুডে’ই দীৰ্ঘদিন ধৰি এই  কাণ্ড কৰি আহিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইঅ’ৱা প্ৰদেশৰ বাসিন্দা ডণাল্ড ডীন ষ্টুডে’ই যোৱা ৩০ বছৰত ৭০ গৰাকীকৈ মহিলাক হত্যা কৰিছে বুলি জানিব পৰা গৈছে। তদুপৰি মহিলাক হত্যা কৰাৰ পাছত নিজৰ সন্তানৰ সহায়ত মৃতদেহসমূহ পুতি ৰাখে বুলিও অভিযোগ উঠিছে।

“মই জানো ক’ত ক’ত মৃতদেহসমূহ পুতি ৰখা হৈছে।”- এখন সংবাদপত্ৰক এইদৰে জনাইছে ডণাল্ডৰ কন্যা লুচীয়ে।

মৃতদেহসমূহক মাটিত পুতি থওঁতে বিভিন্ন অলংকাৰেৰে সজাই পৰাই তোলা হয় বুলিও তেওঁ চাঞ্চল্যকৰভাৱে জনায়।

অৱশ্যে লুচীৰ দেউতাক ডণাল্ড বৰ্তমান জীৱিত নহয়। ২০১৩ চনত ৭৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

বৰ্তমান বিষয়টো লৈ অনুসন্ধান চলি আছে। আৰক্ষীয়ে প্ৰকাশ কৰামতে, ডণাল্ডে যৌনকৰ্মীসকলক মাতি আনি হত্যাকাণ্ডসমূহ কৰিছিল।

যদি সমস্ত অভিযোগ প্ৰমাণিত হয়, তেন্তে ডণাল্ড আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত অন্যতম শীৰ্ষস্থানীয় ছিৰিয়েল কীলাৰ হিচাপে বিবেচিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত