--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সাধাৰণতে পৱিত্ৰ ধৰ্মস্থানসমূহত মানুহে গৈ ঈশ্বৰক উপাসনা কৰে। কিন্তু ম্যানমাৰৰ এটা বৌদ্ধ মঠত যি কাণ্ড ঘটিল সেয়া শুনি আপুনি আচৰিত হৈ পৰিব। মঠটোত গৈ কেইবাজনো ভক্তই যৌন পুতলা তথা চেক্স টয় উপাসনা কৰাৰ অভিযোগ উঠিছে।

জানিব পৰা মতে, ম্যানমাৰৰ শ্বেনডং পাগোডাত ৮ জন লোকৰ এটা দল উপস্থিত হয়। দলটোত আছিল দুটা ছেক্স টয়। তেওঁলোকে তেনেদৰেই বৌদ্ধ মঠটোৰ ভিতৰলৈ সোমোৱাৰো চেষ্টা কৰিছিল।

কিন্তু নিৰাপত্তাৰক্ষীয়ে মঠটোৰ ভিতৰলৈ সোমোৱাত লোককেইজনক বাধা দিয়ে। শেষত তেওঁলোকে মঠৰ পাৰ্কিং প্লেচতে চেক্স টয়বিলাক ৰাখে আৰু বিভিন্ন ধৰণৰ উপাসনা কৰিব ধৰে।

উল্লেখ্য যে শ্বেনডং পাগোডা ম্যানমাৰৰ অন্যতম পৱিত্ৰ ধৰ্মস্থলী। বিশ্বৰ বহু বৌদ্ধধৰ্মী লোকে পাগোডাটোত উপাসনা কৰি আহিছে। তেনেস্থলত তাত চেক্স টয় উপাসনা কৰাক লৈ ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছি।

কিয় এই আজৱ কাণ্ড তেওঁলোকে কৰিছিল, সেই বিষয়ে নিৰাপত্তাৰক্ষীসকলে কয় যে চেক্স টয়সমূহ উপাসনা কৰাৰ সময়ত লোককেইজনে বশীকৰণ মন্ত্ৰ মাতিছিল।

কেৱল ইমানেই নহয়, চেক্স টয়সমূহ বৌদ্ধ ধৰ্মৰ কিছু চৰিত্ৰৰ অনুকৰণত সজোৱা হৈছিল। উল্লেখ্য যে এটা চেক্স টয়ৰ বজাৰমূল্য ২ লাখৰো অধিক।

সমগ্ৰ ঘটনাটোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে ম্যানমাৰৰ ধৰ্ম আৰু সংস্কৃতি মন্ত্ৰালয়। লোককেইজনৰ ওপৰত বৌদ্ধ ধৰ্মক অপমান কৰাৰ অভিযোগ উঠিছে। অভিযোগ প্ৰমাণিত হ’লে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি মন্ত্ৰালয়ে জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক