--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই জন্ম দিলে ৭ কেজিতকৈ অধিক ওজন আৰু ২ ফুট উচ্চতাৰ এটি সন্তান। এই শিশুটিক দেখাৰ পিছত মানুহ আচৰিত হৈ পৰে। শিশুটি জন্ম হোৱাৰ পাছত চিকিৎসকসকল হতভম্ব হৈ পৰে। শিশুটিক চিকিৎসকসকলে ছুপাৰছাইজ বেবী বুলি অভিহিত কৰিছে। এই ছুপাৰ চাইজৰ শিশুটিৰ নাম দিয়া হৈছে এঞ্জাৰছন ছান্টোছ। চিকিৎসকে অপাৰেচনৰ জৰিয়তে শিশুটিক প্ৰসৱ কৰাইছে।চিকিৎসকসকলে কয় ইয়াৰ পূৰ্বে জন্মৰ সময়ত ইমান ডাঙৰ সন্তান আগতে কেতিয়াও দেখা নাছিল।

১৮ জানুৱাৰীত ব্ৰাজিলত এই ছুপাৰচাইজ শিশুটিৰ জন্ম হৈছিল। এই শিশুটিৰ উচ্চতা আৰু ওজনে সকলোকে হতবাক কৰি তুলিছে। প্ৰায় ২ ফুট ওখ আৰু ৭.৩ কেজি ওজনৰ এই নৱজাতকটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ নৱজাতক হ’ব পাৰে বুলি চিকিৎসকে দাবী কৰিছে।

এই শিশুটিৰ মাতৃৰ নাম ক্লাউডিন ছান্টোছ। তেওঁৰ বয়স ২৭ বছৰ। মাতৃগৰাকীয়ে কয় যে পুত্ৰ শিশুটিক লৈ তেওঁ অতি সুখী।

চিকিৎসকে জনোৱা মতে, ছুপাৰচাইজৰ কেঁচুৱাটোৰ অৱস্থা ঠিকেই আছে। সি সম্পূৰ্ণ সুস্থ। কিন্তু এটা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কেঁচুৱাটোৰ বাবে মাক-দেউতাকে অনা কাপোৰবোৰ তাৰ লগত খাপ খোৱা নাই। চিকিৎসালয়খনে শিশুটিৰ বাবে ধন সংগ্ৰহ অভিযান চলাইছে। ইয়াৰ দ্বাৰা পৰিয়ালটোৰ সহায়ক হ’ব।

তাৎপৰ্যপূৰ্ণভাৱে ২০১৪ চনৰ আৰম্ভণিতে ব্ৰাজিলত ৬.৭ কিলোগ্ৰাম ওজনৰ এটা শিশুৰ জন্ম হৈছিল। শিশুটিৰ দৈৰ্ঘ্য আছিল ৫৭ চে.মি. এই ল’ৰাটোৰ অভিলেখ ভংগ কৰিছে কৰিলে এঞ্জাৰছন ছান্টোছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ