--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই জন্ম দিলে ৭ কেজিতকৈ অধিক ওজন আৰু ২ ফুট উচ্চতাৰ এটি সন্তান। এই শিশুটিক দেখাৰ পিছত মানুহ আচৰিত হৈ পৰে। শিশুটি জন্ম হোৱাৰ পাছত চিকিৎসকসকল হতভম্ব হৈ পৰে। শিশুটিক চিকিৎসকসকলে ছুপাৰছাইজ বেবী বুলি অভিহিত কৰিছে। এই ছুপাৰ চাইজৰ শিশুটিৰ নাম দিয়া হৈছে এঞ্জাৰছন ছান্টোছ। চিকিৎসকে অপাৰেচনৰ জৰিয়তে শিশুটিক প্ৰসৱ কৰাইছে।চিকিৎসকসকলে কয় ইয়াৰ পূৰ্বে জন্মৰ সময়ত ইমান ডাঙৰ সন্তান আগতে কেতিয়াও দেখা নাছিল।

১৮ জানুৱাৰীত ব্ৰাজিলত এই ছুপাৰচাইজ শিশুটিৰ জন্ম হৈছিল। এই শিশুটিৰ উচ্চতা আৰু ওজনে সকলোকে হতবাক কৰি তুলিছে। প্ৰায় ২ ফুট ওখ আৰু ৭.৩ কেজি ওজনৰ এই নৱজাতকটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ নৱজাতক হ’ব পাৰে বুলি চিকিৎসকে দাবী কৰিছে।

এই শিশুটিৰ মাতৃৰ নাম ক্লাউডিন ছান্টোছ। তেওঁৰ বয়স ২৭ বছৰ। মাতৃগৰাকীয়ে কয় যে পুত্ৰ শিশুটিক লৈ তেওঁ অতি সুখী।

চিকিৎসকে জনোৱা মতে, ছুপাৰচাইজৰ কেঁচুৱাটোৰ অৱস্থা ঠিকেই আছে। সি সম্পূৰ্ণ সুস্থ। কিন্তু এটা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কেঁচুৱাটোৰ বাবে মাক-দেউতাকে অনা কাপোৰবোৰ তাৰ লগত খাপ খোৱা নাই। চিকিৎসালয়খনে শিশুটিৰ বাবে ধন সংগ্ৰহ অভিযান চলাইছে। ইয়াৰ দ্বাৰা পৰিয়ালটোৰ সহায়ক হ’ব।

তাৎপৰ্যপূৰ্ণভাৱে ২০১৪ চনৰ আৰম্ভণিতে ব্ৰাজিলত ৬.৭ কিলোগ্ৰাম ওজনৰ এটা শিশুৰ জন্ম হৈছিল। শিশুটিৰ দৈৰ্ঘ্য আছিল ৫৭ চে.মি. এই ল’ৰাটোৰ অভিলেখ ভংগ কৰিছে কৰিলে এঞ্জাৰছন ছান্টোছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে