--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত আন এগৰাকী ভাৰতীয় মূলৰ ব্যক্তি  প্ৰআৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ নাম তেওঁৰ নিকি হেলীয়৷ কমলা হেৰিছ ইতিমধ্যে ভাৰতীয় মূলৰ প্ৰথম মহিলা মাৰ্কিন উপ-ৰাষ্ট্ৰপতি  হিচাপে নিৰ্বাচিত হৈছে। এইবাৰ আন এগৰাকী  ভাৰতীয় মূলৰ মহিলাই  পৰৱৰ্তী মাৰ্কিন ৰাষ্ট্ৰপতি  নিৰ্বাচনৰ দৌৰত ভাগ লোৱাৰ  কৰাৰ সম্ভাৱনা আছে।  


ভাৰতীয়-আমেৰিকান ৰাজনীতিবিদ নিকি হেলীয়ে ইংগিত দিছে যে তেওঁ ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ হৈ প্ৰতিদ্বন্দিতা কৰিব পাৰে।ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হৈ থকাৰ  সময়ত নিকি দক্ষিণ কেৰোলিনাৰ গভৰ্ণৰ আছিল। তেওঁ ৰাষ্ট্ৰসংঘত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে নিকি ৰিপাব্লিকান দলত ট্ৰাম্পৰ সমালোচক হিচাপে অধিক পৰিচিত। মতভেদৰ বাবে তেওঁ ২০১৮ চনত ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কৰিছিল। শেহতীয়াকৈ  এটা টিভি চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁক পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে সোধা হৈছিল। 

তাতেই নিকিয়ে ইংগিত দিয়ে যে তেওঁ দলৰ হৈ পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। প্ৰথমে তেওঁ কৈছিল, "অপেক্ষা কৰক। মই এতিয়াই ইয়াত কোনো ঘোষণা কৰিব নিবিচাৰো। সাক্ষাৎকাৰটো আগবাঢ়ি যোৱাৰ লগে লগে ৰাজনীতিবিদজনে তেওঁৰ মনটো অলপ মুকলি কৰিলে। তেওঁ ক’লে "ৰাষ্ট্ৰপতি   নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আগতে দুটা কথা মনত ৰাখিব লাগিব। আমি জানিব লাগিব যে সাম্প্ৰতিক পৰিস্থিতিত এজন নেতাৰ প্ৰয়োজন আছে নে নাই। পৰৱৰ্তী প্ৰশ্নটো হ'ল, মই সেই নেতা হোৱাৰ যোগ্য নেকি? মই আপোনাক নতুন পথৰ সন্ধান দিব পাৰিম নে?  মই ভাবো মই পাৰিম, মই নেতৃত্ব দিব পাৰো "। 

আমেৰিকা যুক্তৰাষ্ট্ৰত পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন ৫ নৱেম্বৰ ২০২৪ত অনুষ্ঠিত হ'ব। প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ ৰিপাব্লিকান পাৰ্টিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ট্ৰাম্পৰ  সৈতে নিৰ্বাচনত যুঁজিব নেকি বুলি সোধাত নিকিয়ে কয়, "এই যুঁজ  কোনো ব্যক্তিগত বৃত্তত সীমাবদ্ধ নহয়। এয়া আমেৰিকাৰ ভৱিষ্যতৰ বাবে এক যুঁজ।  যদি মই যুঁজত নামি যাওঁ, মই জো বিডেনৰ বিৰুদ্ধে যুঁজ দিম। তেওঁৰ বয়স আশী বছৰ। তেওঁক দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসনত বহিবলৈ অনুমতি দিয়া নহ'ব। ''

এসময়ত, নিকিৰ ভাৰতীয় পিতৃ-মাতৃ য়ে পঞ্জাৱৰ পৰা আমেৰিকালৈ গুচি গৈছিল আৰু এটা পকী ঘৰ নিৰ্মাণ কৰিছিল। তেওঁ এই দেশত 'গ্ৰেট আমেৰিকান ড্ৰীম'ৰ সৈতে ডাঙৰ দীঘল হৈছিল। ৫১ বছৰীয়া নিকিয়ে বিশ্বাস কৰে যে ৰাষ্ট্ৰপতি হিচাপে আমেৰিকাই নতুন প্ৰজন্মৰ লোক বিচাৰে। আৰু তেওঁ এই প্ৰজন্মৰ এজন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ