--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত আন এগৰাকী ভাৰতীয় মূলৰ ব্যক্তি  প্ৰআৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ নাম তেওঁৰ নিকি হেলীয়৷ কমলা হেৰিছ ইতিমধ্যে ভাৰতীয় মূলৰ প্ৰথম মহিলা মাৰ্কিন উপ-ৰাষ্ট্ৰপতি  হিচাপে নিৰ্বাচিত হৈছে। এইবাৰ আন এগৰাকী  ভাৰতীয় মূলৰ মহিলাই  পৰৱৰ্তী মাৰ্কিন ৰাষ্ট্ৰপতি  নিৰ্বাচনৰ দৌৰত ভাগ লোৱাৰ  কৰাৰ সম্ভাৱনা আছে।  


ভাৰতীয়-আমেৰিকান ৰাজনীতিবিদ নিকি হেলীয়ে ইংগিত দিছে যে তেওঁ ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ হৈ প্ৰতিদ্বন্দিতা কৰিব পাৰে।ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হৈ থকাৰ  সময়ত নিকি দক্ষিণ কেৰোলিনাৰ গভৰ্ণৰ আছিল। তেওঁ ৰাষ্ট্ৰসংঘত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে নিকি ৰিপাব্লিকান দলত ট্ৰাম্পৰ সমালোচক হিচাপে অধিক পৰিচিত। মতভেদৰ বাবে তেওঁ ২০১৮ চনত ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কৰিছিল। শেহতীয়াকৈ  এটা টিভি চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁক পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে সোধা হৈছিল। 

তাতেই নিকিয়ে ইংগিত দিয়ে যে তেওঁ দলৰ হৈ পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। প্ৰথমে তেওঁ কৈছিল, "অপেক্ষা কৰক। মই এতিয়াই ইয়াত কোনো ঘোষণা কৰিব নিবিচাৰো। সাক্ষাৎকাৰটো আগবাঢ়ি যোৱাৰ লগে লগে ৰাজনীতিবিদজনে তেওঁৰ মনটো অলপ মুকলি কৰিলে। তেওঁ ক’লে "ৰাষ্ট্ৰপতি   নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আগতে দুটা কথা মনত ৰাখিব লাগিব। আমি জানিব লাগিব যে সাম্প্ৰতিক পৰিস্থিতিত এজন নেতাৰ প্ৰয়োজন আছে নে নাই। পৰৱৰ্তী প্ৰশ্নটো হ'ল, মই সেই নেতা হোৱাৰ যোগ্য নেকি? মই আপোনাক নতুন পথৰ সন্ধান দিব পাৰিম নে?  মই ভাবো মই পাৰিম, মই নেতৃত্ব দিব পাৰো "। 

আমেৰিকা যুক্তৰাষ্ট্ৰত পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন ৫ নৱেম্বৰ ২০২৪ত অনুষ্ঠিত হ'ব। প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ ৰিপাব্লিকান পাৰ্টিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ট্ৰাম্পৰ  সৈতে নিৰ্বাচনত যুঁজিব নেকি বুলি সোধাত নিকিয়ে কয়, "এই যুঁজ  কোনো ব্যক্তিগত বৃত্তত সীমাবদ্ধ নহয়। এয়া আমেৰিকাৰ ভৱিষ্যতৰ বাবে এক যুঁজ।  যদি মই যুঁজত নামি যাওঁ, মই জো বিডেনৰ বিৰুদ্ধে যুঁজ দিম। তেওঁৰ বয়স আশী বছৰ। তেওঁক দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসনত বহিবলৈ অনুমতি দিয়া নহ'ব। ''

এসময়ত, নিকিৰ ভাৰতীয় পিতৃ-মাতৃ য়ে পঞ্জাৱৰ পৰা আমেৰিকালৈ গুচি গৈছিল আৰু এটা পকী ঘৰ নিৰ্মাণ কৰিছিল। তেওঁ এই দেশত 'গ্ৰেট আমেৰিকান ড্ৰীম'ৰ সৈতে ডাঙৰ দীঘল হৈছিল। ৫১ বছৰীয়া নিকিয়ে বিশ্বাস কৰে যে ৰাষ্ট্ৰপতি হিচাপে আমেৰিকাই নতুন প্ৰজন্মৰ লোক বিচাৰে। আৰু তেওঁ এই প্ৰজন্মৰ এজন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে