--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰাম লালাক ৫ কোটি টকাৰ ৰামচৰিতমানস উপহাৰ দি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া। এই ৰামচৰিতমানস সোণ, ৰূপ আৰু তামেৰে নিৰ্মাণ কৰা হৈছে। এই বহুমূলীয়া উপহাৰ মধ্য প্ৰদেশৰ প্ৰাক্তন আইপিএছ বিষয়া সুব্ৰহ্মণ্যম লক্ষ্মীনাৰায়ণে আগবঢ়াইছে । তেওঁৰ পত্নী সৰস্বতীয়ে  এনে এখন দামী ৰামচৰিতমানস ৰামলালাক আগবঢ়োৱাৰ পৰিকল্পনা কৰিছিল। 

৫২২ পৃষ্ঠাৰ ৰামচৰিতমানস  সোণ-ৰূপেৰে কেনেদৰে  সৃষ্টি কৰা হৈছিল? জনা গৈছে  যে এই সোণৰ  ৰামচৰিতমানস  নিৰ্মাণৰ বাবে আঠ মাহ ধৰি গৱেষণা কৰা হৈছিল। কিতাপখনৰ পৃষ্ঠাবোৰ মুখ্যতঃ তামেৰে নিৰ্মিত। ইয়াত সোণ আৰু ৰূপ মিহলি কৰি আখৰৰ সৃষ্টি কৰা হৈছে। ৰামচৰিতমানসৰ  পৃষ্ঠাবোৰ ১ মিলিমিটাৰ ডাঠ। মুঠ ১০,৯০২  শ্লোক  ৫২২ পৃষ্ঠাত লিখা হৈছে। তুলসীদাসৰ দ্বাৰা লিখা এই বিখ্যাত কিতাপখন অৱধি ভাষাত লিখা হৈছে। কিতাপখন এতিয়া অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰখা হ'ব।

অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াজন ভগৱান বিষ্ণুৰ ভক্ত। তেওঁ তেওঁৰ  সকলো সঞ্চয়ৰে ৰাম লালাৰ বাবে এই  বিশেষ উপহাৰ আগবঢ়াইছে। কিতাপখন চেন্নাইৰ এটা গহনা নিৰ্মাণ কোম্পানীৰ দ্বাৰা নিৰ্মাণ  কৰা হৈছে। তাৰ পৰাই কিতাপখন অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে। এবাৰত  ২০-২৫  পৃষ্ঠাকৈ  একেলগে প্ৰেৰণ কৰা হৈছে। তাৰ পিছত, কিতাপখন অযোধ্যাত বান্ধোৱা  হৈছে।  কিতাপখন এক বিশেষ ষ্টেণ্ডত ৰখা হ'ব। তাত ৰামচৰিতমানস মানুহে  থিয় হৈ পঢ়িব  পাৰিব। 

প্ৰাক্তন আইপিএছ বিষয়া আৰু তেওঁৰ পত্নীয়ে চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনা মন্দিৰ কৰ্তৃপক্ষক এই উপহাৰ  প্ৰদান কৰে । ৰাম মন্দিৰলৈ অহা ভক্তসকলেও এই ৰামচৰিতমানস  চাব পাৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী