--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত ইচ্ছামৃত্যুৰ দাবী স্বামীৰ।

ডিজিটেল ডেস্ক : পত্নীৰ দ্বাৰা শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু।  পত্নীয়ে হাৰাশাস্তি কৰা বাবে স্বামীগৰাকীয়ে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত ইচ্ছামৃত্যুৰ দাবী জনাইছে। গান্ধীনগৰ কলনীৰ বাসিন্দা সুমিত ছৈনী নামৰ এজন যুৱকে সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ হাতত ডাঙৰ বেনাৰ লৈ বিষয়াসকলক এখন স্মাৰক পত্ৰ প্ৰদান কৰি ইচ্ছামৃত্যুৰ দাবী জনায়।


উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত ঘটিছে এই চাঞ্চল্যকৰ ঘটনা। বেনাৰখনত সুমিতে পত্নীৰ ফটো লগাই লিখিছিল, ‘এজন দুখীয়াৰ কাতৰ অনুৰোধ, মোক ইচ্ছামৃত্যুৰ বাবে অনুমতি দিয়ক, ২০২৪ চনৰ ১ জুলাইত কুকদা গাঁৱৰ পিংকি নামৰ ছোৱালী এজনীৰ সৈতে মোৰ বিবাহ হৈছিল। তেতিয়াৰ পৰাই তাই প্ৰতিদিনে মোৰ সৈতে কাজিয়া কৰিছিল, গালি-গালাজ পাৰিছিল আৰু প্ৰহাৰো কৰিছিল।


ভুক্তভোগীৰ মতে, যোৱা ৬ মাহ ধৰি তেওঁৰ পত্নীয়ে মাতৃগৃহত বাস কৰি আহিছে যদিও ফোনযোগে তেওঁক ভাবুকি দিয়াৰ লগতে ল’ৰা পঠিয়াই মাৰপিটো কৰিছে। কেইবাবাৰো পত্নীক ঘূৰাই আনিবলৈ গৈছিল যদিও শহুৰেক-শাহুৱেকে নাকচ কৰিছিল।


বিয়াৰ পূৰ্বে পত্নীৰ বয়সো লুকুৱাই ৰখাৰ অভিযোগ কৰিছে সুমিতে। তেওঁৰ বয়স ২৭ বছৰ হোৱাৰ বিপৰীতে পত্নীৰ বয়স ৩৫ বছৰ।  সুমিতে দাবী কৰে যে তেওঁ আদালতত ৯ নং ধাৰাত পত্নীক ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল যদিও বিনিময়ত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰা হৈছিল। সুমিতে কয় যে এতিয়া তেওঁ মানসিক ভাবে ভাঙি গৈছে আৰু জীয়াই থকাৰ ইচ্ছা হেৰুৱাই পেলাইছে। গতিকে তেওঁ ইচ্ছামৃত্যুৰ জৰিয়তে নিজৰ জীৱন ত্যাগ কৰিব বিচাৰিছে।


সুমিতৰ এই দাবী এতিয়া অঞ্চলটোৰ চৰ্চাৰ বিষয় হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক