--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত ইচ্ছামৃত্যুৰ দাবী স্বামীৰ।

ডিজিটেল ডেস্ক : পত্নীৰ দ্বাৰা শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু।  পত্নীয়ে হাৰাশাস্তি কৰা বাবে স্বামীগৰাকীয়ে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত ইচ্ছামৃত্যুৰ দাবী জনাইছে। গান্ধীনগৰ কলনীৰ বাসিন্দা সুমিত ছৈনী নামৰ এজন যুৱকে সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ হাতত ডাঙৰ বেনাৰ লৈ বিষয়াসকলক এখন স্মাৰক পত্ৰ প্ৰদান কৰি ইচ্ছামৃত্যুৰ দাবী জনায়।


উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত ঘটিছে এই চাঞ্চল্যকৰ ঘটনা। বেনাৰখনত সুমিতে পত্নীৰ ফটো লগাই লিখিছিল, ‘এজন দুখীয়াৰ কাতৰ অনুৰোধ, মোক ইচ্ছামৃত্যুৰ বাবে অনুমতি দিয়ক, ২০২৪ চনৰ ১ জুলাইত কুকদা গাঁৱৰ পিংকি নামৰ ছোৱালী এজনীৰ সৈতে মোৰ বিবাহ হৈছিল। তেতিয়াৰ পৰাই তাই প্ৰতিদিনে মোৰ সৈতে কাজিয়া কৰিছিল, গালি-গালাজ পাৰিছিল আৰু প্ৰহাৰো কৰিছিল।


ভুক্তভোগীৰ মতে, যোৱা ৬ মাহ ধৰি তেওঁৰ পত্নীয়ে মাতৃগৃহত বাস কৰি আহিছে যদিও ফোনযোগে তেওঁক ভাবুকি দিয়াৰ লগতে ল’ৰা পঠিয়াই মাৰপিটো কৰিছে। কেইবাবাৰো পত্নীক ঘূৰাই আনিবলৈ গৈছিল যদিও শহুৰেক-শাহুৱেকে নাকচ কৰিছিল।


বিয়াৰ পূৰ্বে পত্নীৰ বয়সো লুকুৱাই ৰখাৰ অভিযোগ কৰিছে সুমিতে। তেওঁৰ বয়স ২৭ বছৰ হোৱাৰ বিপৰীতে পত্নীৰ বয়স ৩৫ বছৰ।  সুমিতে দাবী কৰে যে তেওঁ আদালতত ৯ নং ধাৰাত পত্নীক ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল যদিও বিনিময়ত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰা হৈছিল। সুমিতে কয় যে এতিয়া তেওঁ মানসিক ভাবে ভাঙি গৈছে আৰু জীয়াই থকাৰ ইচ্ছা হেৰুৱাই পেলাইছে। গতিকে তেওঁ ইচ্ছামৃত্যুৰ জৰিয়তে নিজৰ জীৱন ত্যাগ কৰিব বিচাৰিছে।


সুমিতৰ এই দাবী এতিয়া অঞ্চলটোৰ চৰ্চাৰ বিষয় হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ