--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৭ দশকৰ পাছত আকৌ এবাৰ ভাৰতৰ জংঘলত দৌৰিব চিতা। ১৯৪৮ চনত ভাৰতত শেষবাৰৰ বাবে ভাৰতৰ জংঘলত চিতা দেখা গৈছিল। নামিবিয়াৰ পৰা অহা ৮টা চিতা ১৫ আগষ্টৰ পূৰ্বে ভাৰতত পাবহি। আফ্ৰিকাৰ দেশ নামিবিয়াৰ পৰা আহি আছে এই চিতাবোৰ। মধ্যপ্ৰদেশৰ কুনো-পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত ৰখা হ’ব আটাইকেইটা চিতাক।

অহা ৫ বছৰত ভাৰতলৈ আহিব ৫০ টা চিতা বাঘ। পৃথিৱীৰ আটাইতকৈ দ্ৰুত গতিত দৌৰা জন্তু এই চিতা । ই প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ বেগত দৌৰিব পাৰে। চিতাটোৰ সৰু মূৰ আৰু দীঘল ভৰি দুখনে ইয়াক তীব্ৰ বেগেৰে দৌৰাত  সহায় কৰে।
ভাৰতত চিতা বিলুপ্ত হোৱা প্ৰায় ৭ দশকৰো অধিক সময় হ'ল। কিন্তু এতিয়া আকৌ এবাৰ ভাৰতলৈ আহিব এই চিতা। ভাৰত আৰু নামিবিয়াৰ মাজত ৮টা চিতাৰ সন্দৰ্ভত এক চুক্তি স্বাক্ষৰিত হৈছে। আৰু চিতা কেইটাক ৰখা হ’ব মধ্যপ্ৰদেশৰ কুনো-পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত।(Kuno National Park)

চিতাৰ পূৰ্বপুৰুষ আমেৰিকান পুমা বুলি বিশ্বাস কৰা হয়। এই চিতা আকৌ এবাৰ বিলুপ্তিৰ পথত। নেচনেল জিঅ’গ্ৰাফিক ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ইতিহাসত দুবাৰকৈ চিতা বিলুপ্তিৰ সন্মুখীন হৈছে।

প্রতিবেদন অনুসৰি প্রথমবাৰৰ বাবে প্রায় এলাখ বছৰ পূর্বে এচিয়া, ইউৰোপ আৰু আফ্রিকাত চিতা বিয়পিবলৈ আৰম্ভ কৰিছিল৷ কিন্তু আত্মীয়ৰ ভিতৰত যৌন সম্পৰ্কৰ বাবে তেওঁলোকৰ জিন সলনি হ’বলৈ ধৰিলে, যাৰ ফলত তেওঁলোকৰ উৰ্বৰতাত প্ৰভাৱ পৰিছিল আৰু জনসংখ্যা হ্ৰাস হ’বলৈ আৰম্ভ কৰিছিল। আনহাতে জলবায়ু পৰিৱৰ্তন আৰু মানৱ চিকাৰৰ বাবেই চিতা বিলুপ্তিৰ পথত উপনীত হৈছে আৰু তেওঁলোকৰ জনসংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ১৯ শতিকালৈকে পৃথিৱীত প্ৰায় এক লাখ চিতা আছিল। কিন্তু এতিয়া ইৰাণত ৮ হাজাৰতকৈও কম আফ্ৰিকান আৰু বাকী এছিয়ান চিতা আছে ৫০টা ।

ভাৰতত কেনেকৈ শেষ হ’ল চিতা?

এসময়ত ভাৰতত চিতাৰ বৃহৎ জনসংখ্যা আছিল। কিন্তু ৰজা মহাৰাজ সকলে চিকাৰ কৰিবলৈ ধৰিলে। ইয়াৰ উপৰিও চিতাৰ ছালৰ ব্যৱসায় কৰাৰ বাবেও চিকাৰ কৰা হৈছিল চিতাক। কেৱল এয়াই নহয়, ব্ৰিটিছ ভাৰতৰ যুগত চিতা গাঁৱত প্ৰৱেশ কৰিছিল, যাৰ বাবে মানুহে ইহঁতক হত্যা কৰিছিল। এই সকলোবোৰ কাৰণতে ভাৰতত তেওঁলোকৰ জনসংখ্যা কমি গৈ থাকিল। বিবিচিৰ (BBC)প্ৰতিবেদন অনুসৰি, বিশ্বত প্ৰথমবাৰৰ বাবে ভাৰততেই আৰম্ভ হৈছিল চিতা পালনৰ প্ৰথা। মোগল শাসক জাহাংগিৰে চিতা পালন কৰি বন্দী কৰি ৰখাৰ কাম আৰম্ভ কৰে। আনকি আকবৰৰ সময়তো প্ৰায় ১০হাজাৰৰো অধিক চিতা আছিল। ইয়াৰে প্ৰায় ১ হাজাৰ চিতা তেওঁৰ দৰবাৰতে আছিল। ইয়াৰ পৰবৰ্তী সময়ত অৰ্থাৎ ২০ শতিকাত খেলৰ বাবেও জীৱ-জন্তু আমদানি কৰিবলৈ আৰম্ভ কৰে। এক গৱেষণাৰ মতে ১৭৯৯ চনৰ পৰা ১৯৬৮ চনৰ ভিতৰত ভাৰতৰ বনাঞ্চলত কমেও ২৩০ টা চিতাৰ সন্ধান পোৱা গৈছিল।

১৯৪৮ চনত ভাৰতত শেষবাৰৰ বাবে দেখা গৈছিল চিতা। ১৯৪৮ চনত সুৰগুজাৰ মহাৰাজা ৰামানুজ প্ৰতাপ সিং দেওৱে তিনিটা চিতা চিকাৰ কৰিছিল। সেয়াই আছিল ভাৰতৰ শেষ চিতা। ১৯৫২ চনত ভাৰতে চিতাৰ বিলুপ্তিৰ ঘোষণা কৰে।

১৯৭০ চনত ইন্দিৰা গান্ধীৰ চৰকাৰৰ অধীনত ভাৰতলৈ চিতা অনাৰ প্ৰয়াস হৈছিল। সেই সময়ত চৰকাৰে ইৰাণ চৰকাৰৰ সৈতে এছিয়াটিক চিতা আনিবলৈ আলোচনা কৰিছিল। ইৰাণৰ পৰা এছিয়াটিক সিংহৰ বিনিময়ত এছিয়াটিক চিতা অনাৰ কথা চৰ্চা হৈছিল। কিন্তু পাছত এই চুক্তি ফলপ্ৰসূ নহ'ল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত