--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ৰাম ৰাম ভাই চাৰেআনে!' এনেদৰে নিজৰ ভিডিঅ’ৰ আৰম্ভণি কৰা ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়াই অতি কমদিনতে জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত (পূৰ্বৰ টুইটাৰ) এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়াৰ সৈতে দেখা গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ ভিডিঅ’, য’ত দুয়োজনকে ঝাড়ু দিয়া দেখা গৈছে।পিছে ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়া কোন জানেনে?

ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়া (অংকিত সিং)ৰ জন্ম হৈছিল হাৰিয়ানাত। ফিটনেছ প্ৰেমী অংকিত দেশীয় ৱৰ্কআউটৰ বাবে পৰিচিত। শেহতীয়াকৈ তেওঁ মানসিক স্বাস্থ্য আৰু অনুশাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৭৫ দিনৰ হাৰ্ড চেলেঞ্জৰ বাবে শিৰোনাম দখল কৰিছিল। সেই সময়ছোৱাত অংকিতৰ ৱৰ্ক আউটৰ ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

তেওঁৰ এই প্ৰত্যাহ্বান আমেৰিকাৰ উদ্যোগী এণ্ডি ফ্ৰিচেলাৰ পৰা অনুপ্ৰাণিত হৈছিল। তেওঁ আই এ এন এছক জনোৱা মতে, ফিটনেছৰ ওপৰত গৱেষণা কৰি থাকোঁতে তেওঁ এণ্ডি ফ্ৰিচেলাৰ ৭৫ দিনৰ হাৰ্ড চেলেঞ্জৰ ভিডিঅ’টো পাইছিল আৰু তেওঁ ইয়াক নিজৰ ৱৰ্কআউটত কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছিল।

‘৭৫ ডে হাৰ্ড চেলেঞ্জ’ সন্দৰ্ভত এএনআইৰ সৈতে হোৱা কথা-বতৰাত অংকিত বৈয়ানপুৰীয়াই কয় যে ইয়াৰ পাঁচটা নিয়ম আছে।

১/চাৰি লিটাৰ পানী খাব লাগে
২/৪৫ মিনিটকৈ দুটাকৈ আউটড’ৰ ৱৰ্কআউট
৩/খাদ্য অনুসৰণ, মদ্যপান নকৰা
৪/কোনো চিট মিল নোখোৱা
৫/আধ্যাত্মিক কিতাপৰ দহ পৃষ্ঠা পঢ়া
৬/দেশী মল্লযুঁজৰ অভ্যাস

ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়াও দেশী মল্লযুঁজাৰু হিচাপে পৰিগণিত হৈছে। দেউতাক খেতিয়ক আৰু মাক গৃহিণী। ক’ৰনা মহামাৰীৰ পূৰ্বে অংকিত বৈয়ানপুৰিয়াই নিজৰ ইউটিউব চেনেলত ধেমেলীয়া কন্টেন্ট পোষ্ট কৰিছিল। ক’ৰনা পাছত তেওঁ ফিটনেছ ভিডিঅ' বনাবলৈ আৰম্ভ কৰে। মাত্ৰ ২৮ দিনতে ইনষ্টাগ্ৰামত তেওঁৰ অনুগামী ১০ লাখৰ পৰা ৩৭ লাখলৈ বৃদ্ধি পাই।ইয়াৰ উপৰিও তেওঁ কয়, "কেৱল শাৰীৰিক শক্তি বিচাৰিব নালাগে, মানসিক স্বাস্থ্য অধিক গুৰুত্বপূৰ্ণ আৰু ই কেৱল আধ্যাত্মিকতাৰ পৰাই আহে। ইয়াৰ বাবে ভাগৱত গীতা পঢ়ক আৰু ধ্যান কৰিবলৈ চেষ্টা কৰক।" উল্লেখ্য যে দেওবাৰে (১ অক্টোবৰ) স্বচ্ছতা অভিযান উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে শ্ৰমদান কৰে ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ