--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ৰাম ৰাম ভাই চাৰেআনে!' এনেদৰে নিজৰ ভিডিঅ’ৰ আৰম্ভণি কৰা ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়াই অতি কমদিনতে জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত (পূৰ্বৰ টুইটাৰ) এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়াৰ সৈতে দেখা গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ ভিডিঅ’, য’ত দুয়োজনকে ঝাড়ু দিয়া দেখা গৈছে।পিছে ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়া কোন জানেনে?

ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়া (অংকিত সিং)ৰ জন্ম হৈছিল হাৰিয়ানাত। ফিটনেছ প্ৰেমী অংকিত দেশীয় ৱৰ্কআউটৰ বাবে পৰিচিত। শেহতীয়াকৈ তেওঁ মানসিক স্বাস্থ্য আৰু অনুশাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৭৫ দিনৰ হাৰ্ড চেলেঞ্জৰ বাবে শিৰোনাম দখল কৰিছিল। সেই সময়ছোৱাত অংকিতৰ ৱৰ্ক আউটৰ ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

তেওঁৰ এই প্ৰত্যাহ্বান আমেৰিকাৰ উদ্যোগী এণ্ডি ফ্ৰিচেলাৰ পৰা অনুপ্ৰাণিত হৈছিল। তেওঁ আই এ এন এছক জনোৱা মতে, ফিটনেছৰ ওপৰত গৱেষণা কৰি থাকোঁতে তেওঁ এণ্ডি ফ্ৰিচেলাৰ ৭৫ দিনৰ হাৰ্ড চেলেঞ্জৰ ভিডিঅ’টো পাইছিল আৰু তেওঁ ইয়াক নিজৰ ৱৰ্কআউটত কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছিল।

‘৭৫ ডে হাৰ্ড চেলেঞ্জ’ সন্দৰ্ভত এএনআইৰ সৈতে হোৱা কথা-বতৰাত অংকিত বৈয়ানপুৰীয়াই কয় যে ইয়াৰ পাঁচটা নিয়ম আছে।

১/চাৰি লিটাৰ পানী খাব লাগে
২/৪৫ মিনিটকৈ দুটাকৈ আউটড’ৰ ৱৰ্কআউট
৩/খাদ্য অনুসৰণ, মদ্যপান নকৰা
৪/কোনো চিট মিল নোখোৱা
৫/আধ্যাত্মিক কিতাপৰ দহ পৃষ্ঠা পঢ়া
৬/দেশী মল্লযুঁজৰ অভ্যাস

ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়াও দেশী মল্লযুঁজাৰু হিচাপে পৰিগণিত হৈছে। দেউতাক খেতিয়ক আৰু মাক গৃহিণী। ক’ৰনা মহামাৰীৰ পূৰ্বে অংকিত বৈয়ানপুৰিয়াই নিজৰ ইউটিউব চেনেলত ধেমেলীয়া কন্টেন্ট পোষ্ট কৰিছিল। ক’ৰনা পাছত তেওঁ ফিটনেছ ভিডিঅ' বনাবলৈ আৰম্ভ কৰে। মাত্ৰ ২৮ দিনতে ইনষ্টাগ্ৰামত তেওঁৰ অনুগামী ১০ লাখৰ পৰা ৩৭ লাখলৈ বৃদ্ধি পাই।ইয়াৰ উপৰিও তেওঁ কয়, "কেৱল শাৰীৰিক শক্তি বিচাৰিব নালাগে, মানসিক স্বাস্থ্য অধিক গুৰুত্বপূৰ্ণ আৰু ই কেৱল আধ্যাত্মিকতাৰ পৰাই আহে। ইয়াৰ বাবে ভাগৱত গীতা পঢ়ক আৰু ধ্যান কৰিবলৈ চেষ্টা কৰক।" উল্লেখ্য যে দেওবাৰে (১ অক্টোবৰ) স্বচ্ছতা অভিযান উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে শ্ৰমদান কৰে ফিটনেছ আইকন অংকিত বৈয়ানপুৰীয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু