--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্ৰপতি শিৱাজীৰ 'বাঘনখ' অৱশেষত ভাৰতলৈ উভতি আহিব। এই  অস্ত্ৰবিধ বহুদিন বছৰ ইংলেণ্ডলৈ লৈ যোৱা  হৈছিল। কিন্তু শেহতীয়াকৈ নৱেম্বৰ মাহত মহাৰাষ্ট্ৰলৈ বাঘনখ ওভতাই আনিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। শিৱাজীৰ বাঘনখ বৰ্তমান লণ্ডনৰ ভিক্টোৰিয়া এণ্ড  এলবাৰ্ট সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈ আছে।

১৬৫৯ চনত শিৱাজীয়ে এই অস্ত্ৰৰ সহায়তে বিজাপুৰ সাম্ৰাজ্যৰ সেনাপতি আফজল খাঁক পৰাস্ত কৰিছিল। শিৱাজীৰ মাৰাঠা সাম্ৰাজ্যৰ সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে বিবেচিত হয় এই বিজয়। প্ৰতাপগড় কিলাৰ সন্মুখত আফজল আৰু শিৱাজীৰ যুঁজ হৈছিল। বাঘনখ শিৱাজীৰ সাহসিকতা আৰু বীৰত্বৰ প্ৰতীক হৈ পৰিছে।  আফজলে শিৱাজীৰ সৈতে সাক্ষাত কৰাৰ  সময়তে তেওঁক আলিঙ্গন কৰাৰ ভাওজুৰি  আফজলে শিৱাজীৰ   পিঠিত চুৰি মাৰিব বিচাৰিছিল। 

কিন্তু শিৱাজীৰ হাতত থকা 'বাঘনখ'  ব্যৱহাৰ কৰি শিৱাজীয়ে  আফজল পৰাজিত হৈছিল।কিন্তু বাঘনখ কিদৰে  ব্ৰিটেইনলৈ গৈছিল? জনা যায় যে ১৮১৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ জেমছ গ্ৰাণ্ট ডাফক শিৱাজীয়ে 'বাঘনখ' প্ৰদান কৰিছিল।ব্ৰিটেইনলৈ উভতি অহাৰ সময়ত ডাফে ইয়াক লগত লৈ গৈছিল। 

পিছত তেওঁ সেয়া  ব্ৰিটিছ সংগ্ৰহালয়ক হস্তান্তৰ কৰিছিল। সেই বাঘনখ  অৱশেষত এই দেশলৈ ঘূৰি আহিব। মহাৰাষ্ট্ৰৰ সংস্কৃতি দপ্তৰৰ মন্ত্ৰী সুধীৰ মুঙ্গন্তিৱাৰে সেই উপলক্ষ্যে লণ্ডনলৈ গৈ এই বিষয়ত সকলো ব্যৱস্থা কৰিব। এই অস্ত্ৰ ভাৰতলৈ ঘূৰাই দিয়াৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। শেষত বাঘনখ নৱেম্বৰত ভাৰতলৈ  উভতি আহিব বুলি আশা কৰা হৈছে।  ইয়াক দক্ষিণ মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ সংগ্ৰহালয়ত ৰখা হ'ব। এই বছৰ শিৱাজীৰ ৰাজ্যাভিষেকৰ ৩৫০ তম বাৰ্ষিকী। আৰু তেতিয়াই এই ঐতিহাসিক অস্ত্ৰবিধ  ভাৰতলৈ  উভতি আহিব।

কিন্তু এই 'বাঘনাখ'ক লৈও যথেষ্ট বিতৰ্ক আছে। ইন্দ্ৰজিৎ সাৱন্তৰ দৰে বুৰঞ্জীবিদসকলে দাবী কৰে যে ভিক্টোৰিয়া এণ্ড এলবাৰ্ট সংগ্ৰহালয়ৰ ৱেবছাইটত কোৱা হৈছে যে শিৱাজীয়ে অস্ত্ৰবিধ  ব্যৱহাৰ কৰা নাছিল। শিৱসেনাৰ উদ্ধৱ শিবিৰৰ নেতা আদিত্য ঠাকৰেয়েও 'বাঘানখ'ৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক