--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্ৰপতি শিৱাজীৰ 'বাঘনখ' অৱশেষত ভাৰতলৈ উভতি আহিব। এই  অস্ত্ৰবিধ বহুদিন বছৰ ইংলেণ্ডলৈ লৈ যোৱা  হৈছিল। কিন্তু শেহতীয়াকৈ নৱেম্বৰ মাহত মহাৰাষ্ট্ৰলৈ বাঘনখ ওভতাই আনিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। শিৱাজীৰ বাঘনখ বৰ্তমান লণ্ডনৰ ভিক্টোৰিয়া এণ্ড  এলবাৰ্ট সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈ আছে।

১৬৫৯ চনত শিৱাজীয়ে এই অস্ত্ৰৰ সহায়তে বিজাপুৰ সাম্ৰাজ্যৰ সেনাপতি আফজল খাঁক পৰাস্ত কৰিছিল। শিৱাজীৰ মাৰাঠা সাম্ৰাজ্যৰ সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে বিবেচিত হয় এই বিজয়। প্ৰতাপগড় কিলাৰ সন্মুখত আফজল আৰু শিৱাজীৰ যুঁজ হৈছিল। বাঘনখ শিৱাজীৰ সাহসিকতা আৰু বীৰত্বৰ প্ৰতীক হৈ পৰিছে।  আফজলে শিৱাজীৰ সৈতে সাক্ষাত কৰাৰ  সময়তে তেওঁক আলিঙ্গন কৰাৰ ভাওজুৰি  আফজলে শিৱাজীৰ   পিঠিত চুৰি মাৰিব বিচাৰিছিল। 

কিন্তু শিৱাজীৰ হাতত থকা 'বাঘনখ'  ব্যৱহাৰ কৰি শিৱাজীয়ে  আফজল পৰাজিত হৈছিল।কিন্তু বাঘনখ কিদৰে  ব্ৰিটেইনলৈ গৈছিল? জনা যায় যে ১৮১৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ জেমছ গ্ৰাণ্ট ডাফক শিৱাজীয়ে 'বাঘনখ' প্ৰদান কৰিছিল।ব্ৰিটেইনলৈ উভতি অহাৰ সময়ত ডাফে ইয়াক লগত লৈ গৈছিল। 

পিছত তেওঁ সেয়া  ব্ৰিটিছ সংগ্ৰহালয়ক হস্তান্তৰ কৰিছিল। সেই বাঘনখ  অৱশেষত এই দেশলৈ ঘূৰি আহিব। মহাৰাষ্ট্ৰৰ সংস্কৃতি দপ্তৰৰ মন্ত্ৰী সুধীৰ মুঙ্গন্তিৱাৰে সেই উপলক্ষ্যে লণ্ডনলৈ গৈ এই বিষয়ত সকলো ব্যৱস্থা কৰিব। এই অস্ত্ৰ ভাৰতলৈ ঘূৰাই দিয়াৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। শেষত বাঘনখ নৱেম্বৰত ভাৰতলৈ  উভতি আহিব বুলি আশা কৰা হৈছে।  ইয়াক দক্ষিণ মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ সংগ্ৰহালয়ত ৰখা হ'ব। এই বছৰ শিৱাজীৰ ৰাজ্যাভিষেকৰ ৩৫০ তম বাৰ্ষিকী। আৰু তেতিয়াই এই ঐতিহাসিক অস্ত্ৰবিধ  ভাৰতলৈ  উভতি আহিব।

কিন্তু এই 'বাঘনাখ'ক লৈও যথেষ্ট বিতৰ্ক আছে। ইন্দ্ৰজিৎ সাৱন্তৰ দৰে বুৰঞ্জীবিদসকলে দাবী কৰে যে ভিক্টোৰিয়া এণ্ড এলবাৰ্ট সংগ্ৰহালয়ৰ ৱেবছাইটত কোৱা হৈছে যে শিৱাজীয়ে অস্ত্ৰবিধ  ব্যৱহাৰ কৰা নাছিল। শিৱসেনাৰ উদ্ধৱ শিবিৰৰ নেতা আদিত্য ঠাকৰেয়েও 'বাঘানখ'ৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন