--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এফালে সমগ্ৰ বিশ্বতে উন্নয়ন অতি দ্ৰুতগতিত আগবাঢ়িছে। য’ত বহুতো অত্যাধুনিক বস্তুৰ আৱিষ্কাৰ কৰা হৈছে। পৃথিৱীৰ এনে কিছুমান কোণো আছে। য'ত আজিও উন্নয়নেও খোজ দিয়া নাই। আমাৰ দেশত কাশ্মীৰৰ এখন গাঁৱতো একেধৰণৰ অৱস্থা। য’ত ৭৫ বছৰৰ পাছতো বিদ্যুৎ পাবলৈ সক্ষম হৈছে।

এবাৰ ভাবি চাওকচোন, য'ত আমি বিদ্যুৎ অবিহনে আমাৰ সৰু কাম এটাও কৰিব নোৱাৰো। এনে পৰিস্থিতিত ৭৫ বছৰৰ পাছত কোনোবা ঠাইত বিদ্যুৎ পোৱাটো নিজৰ বাবেই আচৰিত কথা। বৰ্তমান সময়ত চৰকাৰৰ উদ্যোগত বহু অসুবিধাৰ অন্তত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ সুদূৰ তেথান টপ গুৰজাৰ টাউনশ্বিপত চৰকাৰে প্ৰথমবাৰৰ বাবে বিদ্যুৎ যোগান ধৰিছে।


ছচিয়েল মিডিয়াত এটা ভিডিঅ’ পোহৰলৈ আহিছে। য’ত ৭৫ বছৰৰ পাছত গাঁওখনত বিদ্যুৎ আহিল, ঘৰত জ্বলি থকা বাল্বটো ওলমি থকা দেখি গাঁৱৰ ৰাইজে আনন্দত নাচি নাচি থকা দেখা গ’ল। ইয়াৰ সমান্তৰালকৈ গাঁওবাসীয়ে চৰকাৰক ধন্যবাদ জনোৱা দেখা যায়। তথ্য অনুসৰি অনন্তনাগ জিলাৰ দুৰ্গম তেথান টপ গুৰজাৰ টাউনশ্বিপত ৭৫ বছৰৰ মূৰত বিদ্যুৎ প্ৰৱেশ কৰিছে।

আগতে ইয়াত বসবাস কৰা গাঁওবাসী চাকি বা চাকিৰ পোহৰৰ ওপৰত নিৰ্ভৰশীল আছিল। ইয়াৰে ৰন্ধা-বঢ়াৰ একমাত্ৰ সহায় আছিল অৰণ্যৰ হাবি। ভাইৰেল হোৱা এই ভিডিঅ’টো টুইটাৰত পোষ্ট কৰিছে চুমাইৰা ইউছুফে। ইয়াত ৰাইজৰ একাংশই আনন্দত আত্মহাৰা হৈ নাচি থকা দেখা গৈছে। ইয়াৰ সমান্তৰালকৈ এই ভিডিঅ’টোও ছ’চিয়েল মিডিয়াতো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এতিয়া বিদ্যুতৰ উপলব্ধতাৰ বাবে গাঁওবাসীয়ে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ সহজে কৰিব পাৰিব। ইয়াৰ লগতে অঞ্চলটোত বসবাস কৰা গাঁওবাসীয়ে কয় যে তেওঁলোকৰ গাঁৱত বিদ্যুৎ অহাটো এটা সপোন পূৰণৰ দৰেই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক