--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এফালে সমগ্ৰ বিশ্বতে উন্নয়ন অতি দ্ৰুতগতিত আগবাঢ়িছে। য’ত বহুতো অত্যাধুনিক বস্তুৰ আৱিষ্কাৰ কৰা হৈছে। পৃথিৱীৰ এনে কিছুমান কোণো আছে। য'ত আজিও উন্নয়নেও খোজ দিয়া নাই। আমাৰ দেশত কাশ্মীৰৰ এখন গাঁৱতো একেধৰণৰ অৱস্থা। য’ত ৭৫ বছৰৰ পাছতো বিদ্যুৎ পাবলৈ সক্ষম হৈছে।

এবাৰ ভাবি চাওকচোন, য'ত আমি বিদ্যুৎ অবিহনে আমাৰ সৰু কাম এটাও কৰিব নোৱাৰো। এনে পৰিস্থিতিত ৭৫ বছৰৰ পাছত কোনোবা ঠাইত বিদ্যুৎ পোৱাটো নিজৰ বাবেই আচৰিত কথা। বৰ্তমান সময়ত চৰকাৰৰ উদ্যোগত বহু অসুবিধাৰ অন্তত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ সুদূৰ তেথান টপ গুৰজাৰ টাউনশ্বিপত চৰকাৰে প্ৰথমবাৰৰ বাবে বিদ্যুৎ যোগান ধৰিছে।


ছচিয়েল মিডিয়াত এটা ভিডিঅ’ পোহৰলৈ আহিছে। য’ত ৭৫ বছৰৰ পাছত গাঁওখনত বিদ্যুৎ আহিল, ঘৰত জ্বলি থকা বাল্বটো ওলমি থকা দেখি গাঁৱৰ ৰাইজে আনন্দত নাচি নাচি থকা দেখা গ’ল। ইয়াৰ সমান্তৰালকৈ গাঁওবাসীয়ে চৰকাৰক ধন্যবাদ জনোৱা দেখা যায়। তথ্য অনুসৰি অনন্তনাগ জিলাৰ দুৰ্গম তেথান টপ গুৰজাৰ টাউনশ্বিপত ৭৫ বছৰৰ মূৰত বিদ্যুৎ প্ৰৱেশ কৰিছে।

আগতে ইয়াত বসবাস কৰা গাঁওবাসী চাকি বা চাকিৰ পোহৰৰ ওপৰত নিৰ্ভৰশীল আছিল। ইয়াৰে ৰন্ধা-বঢ়াৰ একমাত্ৰ সহায় আছিল অৰণ্যৰ হাবি। ভাইৰেল হোৱা এই ভিডিঅ’টো টুইটাৰত পোষ্ট কৰিছে চুমাইৰা ইউছুফে। ইয়াত ৰাইজৰ একাংশই আনন্দত আত্মহাৰা হৈ নাচি থকা দেখা গৈছে। ইয়াৰ সমান্তৰালকৈ এই ভিডিঅ’টোও ছ’চিয়েল মিডিয়াতো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এতিয়া বিদ্যুতৰ উপলব্ধতাৰ বাবে গাঁওবাসীয়ে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ সহজে কৰিব পাৰিব। ইয়াৰ লগতে অঞ্চলটোত বসবাস কৰা গাঁওবাসীয়ে কয় যে তেওঁলোকৰ গাঁৱত বিদ্যুৎ অহাটো এটা সপোন পূৰণৰ দৰেই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু