--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোশীমঠৰ পিছত এইবাৰ উত্তৰ প্ৰদেশৰ আলিগড়ত মেলিছে বিশাল ফাঁট। 'স্মাৰ্ট চিটি মিছন'ৰ অধীনত  আলিগড়ত মাটিৰ তলত পাইপ স্থাপনৰ কাম আৰম্ভ কৰা হৈছে। মাটিৰ তলৰ  পাইপ ফাটি যোৱাৰ ফলতে  পানী ওলাই আহিছে।ফলত  স্থানীয় ভূমিৰ গাঁথনি সলনি হোৱাৰ বাবে বহু  ঘৰত ফাঁট মেলিছে। 

উত্তৰাখণ্ডৰ যোশীমঠক মাৰাত্মক ফাঁটৰ বাবে বসবাসৰ অযোগ্য বুলি ঘোষণা কৰা হৈছে। এইবাৰ উত্তৰ প্ৰদেশৰ আলিগড়ত একে ধৰণৰ ঘটনা ঘটিবলৈ লোৱাত স্থানীয় বাসিন্দাসকল আতংকিত হৈ পৰিছে।  চহৰখনৰ কাৱাৰীগঞ্জ অঞ্চলত এনে আতংক বিয়পি পৰিছে । সেই ঠাইত  এটাৰ পিছত আনটো  ঘৰত ফাঁট মেলা দেখা গৈছে। 

স্থানীয় বাসিন্দা শশীয়ে কয়, "আমি যোৱা কেইদিনমান ধৰি ঘৰত ফাঁট মেলা দেখি আহিছো। যোশীমঠৰ ঘটনাৰ পিছত, আমি ইয়াকে লৈ আতংকিত হৈ পৰিছো।  পৌৰসভাৰ ওচৰত  অভিযোগ দাখিল কৰা হৈছে। কিন্তু তেওঁলোকে  একো কৰা নাই। আমি আশংকা কৰোঁ যে আমাৰ ঘৰবোৰো খহি পৰিব পাৰে। ''স্থানীয় সূত্ৰ অনুসৰি, সমস্যাটো এটা পাইপলাইন স্থাপনৰ পিছতে  আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ 'স্মাৰ্ট চিটি মিছন'ৰ অধীনত, আলিগড়ত ভূগৰ্ভস্থ পাইপ স্থাপনৰ কাম কৰা হৈছে। মাটিৰ তলত পাইপ  ফাটি গৈছে আৰু পানী ওলাই আহিছে। ফলস্বৰূপে ৰাস্তা, ঘৰ আজিত ফাঁট মেলিছে।  

অতিৰিক্ত পৌৰ আয়ুক্ত ৰাকেশ কুমাৰ যাদৱে কৈছিল যে তেওঁ ঘটনাটোৰ বিষয়ে অৱগত হৈছে। পৌৰসভাই  এটা দল সেই স্থানলৈ  প্ৰেৰণ কৰিবলৈ সাজু হোৱা বুলি জানিব পৰা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু