--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোশীমঠৰ পিছত এইবাৰ উত্তৰ প্ৰদেশৰ আলিগড়ত মেলিছে বিশাল ফাঁট। 'স্মাৰ্ট চিটি মিছন'ৰ অধীনত  আলিগড়ত মাটিৰ তলত পাইপ স্থাপনৰ কাম আৰম্ভ কৰা হৈছে। মাটিৰ তলৰ  পাইপ ফাটি যোৱাৰ ফলতে  পানী ওলাই আহিছে।ফলত  স্থানীয় ভূমিৰ গাঁথনি সলনি হোৱাৰ বাবে বহু  ঘৰত ফাঁট মেলিছে। 

উত্তৰাখণ্ডৰ যোশীমঠক মাৰাত্মক ফাঁটৰ বাবে বসবাসৰ অযোগ্য বুলি ঘোষণা কৰা হৈছে। এইবাৰ উত্তৰ প্ৰদেশৰ আলিগড়ত একে ধৰণৰ ঘটনা ঘটিবলৈ লোৱাত স্থানীয় বাসিন্দাসকল আতংকিত হৈ পৰিছে।  চহৰখনৰ কাৱাৰীগঞ্জ অঞ্চলত এনে আতংক বিয়পি পৰিছে । সেই ঠাইত  এটাৰ পিছত আনটো  ঘৰত ফাঁট মেলা দেখা গৈছে। 

স্থানীয় বাসিন্দা শশীয়ে কয়, "আমি যোৱা কেইদিনমান ধৰি ঘৰত ফাঁট মেলা দেখি আহিছো। যোশীমঠৰ ঘটনাৰ পিছত, আমি ইয়াকে লৈ আতংকিত হৈ পৰিছো।  পৌৰসভাৰ ওচৰত  অভিযোগ দাখিল কৰা হৈছে। কিন্তু তেওঁলোকে  একো কৰা নাই। আমি আশংকা কৰোঁ যে আমাৰ ঘৰবোৰো খহি পৰিব পাৰে। ''স্থানীয় সূত্ৰ অনুসৰি, সমস্যাটো এটা পাইপলাইন স্থাপনৰ পিছতে  আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ 'স্মাৰ্ট চিটি মিছন'ৰ অধীনত, আলিগড়ত ভূগৰ্ভস্থ পাইপ স্থাপনৰ কাম কৰা হৈছে। মাটিৰ তলত পাইপ  ফাটি গৈছে আৰু পানী ওলাই আহিছে। ফলস্বৰূপে ৰাস্তা, ঘৰ আজিত ফাঁট মেলিছে।  

অতিৰিক্ত পৌৰ আয়ুক্ত ৰাকেশ কুমাৰ যাদৱে কৈছিল যে তেওঁ ঘটনাটোৰ বিষয়ে অৱগত হৈছে। পৌৰসভাই  এটা দল সেই স্থানলৈ  প্ৰেৰণ কৰিবলৈ সাজু হোৱা বুলি জানিব পৰা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক