--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেলেৰ অভিলেখ ভংগ হ’ল। নেইমাৰ জুনিয়ৰে এক নতুন নজিৰ গঢ়ি তুলিলে। পৰৱৰ্তী বিশ্বকাপৰ কোৱালিফাইং মেচত বলিভিয়াৰ বিৰুদ্ধে গ’ল দি তেওঁ নতুন মাইলৰ খুঁটি স্পৰ্শ কৰে।

আন্তঃৰাষ্ট্ৰীয় ফুটবলত নেইমাৰে ৭৮টা গ’ল দিয়ে। তেওঁ বলিভিয়াৰ বিৰুদ্ধে গ’ল দি পেলেৰ অভিলেখ ভংগ কৰে। ব্ৰাজিলৰ হৈ সৰ্বাধিক গ’ল দিয়ে। বিদেশী খেলখনত বলিভিয়াক ৫-১ গ’লত পৰাস্ত কৰে ব্ৰাজিলে। খেলখনৰ ৬১ মিনিটত নেইমাৰে দলটোৰ হৈ গ’ল দিয়ে। বিপক্ষৰ বাকচত উৰি যোৱা নিম্ন বল এটা স্পৰ্শ কৰি তেওঁ গ’ল দিয়ে।

খেলখনত তেওঁ দুটা গ’ল দিয়ে। পেলেৰ নজিৰ ভংগ কৰাৰ বাবে নেইমাৰে উৎসাহ প্ৰকাশ কৰে। ব্ৰাজিলৰ হৈ পেলেই ৭৭টা গ’ল দিছিল।

নজিৰ গঢ়ি তোলাৰ পিছতো বলিভিয়াৰ বিৰুদ্ধে নেইমাৰক চিনাকি ফৰ্মত দেখা পোৱা নগ’ল। ১৭ মিনিটত ব্ৰাজিলে পেনাল্টি লাভ কৰে। কিন্তু নেইমাৰৰ শ্বটটো বলিভিয়াৰ গ’লৰক্ষক বিলি ভিজকাৰাই বাধা দিয়ে। অৱশ্যে মেচৰ আগদিনা তেওঁ কয় যে তেওঁ ১০০ শতাংশ ফিট নহয়। অৱশ্যে দেশৰ বাবে খেলপথাৰত প্ৰৱেশ কৰিব।

কিছুদিন পূৰ্বে ৩১ বছৰীয়া ষ্ট্ৰাইকাৰগৰাকীয়ে পেৰিছ চেণ্ট জাৰ্মেইন এৰি ছৌদি আৰৱত আল হিলালৰ সৈতে যোগদান কৰিছিল। শেহতীয়াকৈ নেইমাৰ কেইবাটাও বিতৰ্কত লিপ্ত হৈছে। ব্ৰাজিলৰ আইন উলংঘা কৰি ঘৰ নিৰ্মাণ কৰা, প্ৰেমিকাক প্ৰতাৰণা কৰা আদি অভিযোগ তেওঁৰ বিৰুদ্ধে। কিছুদিন পূৰ্বে আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ উভতি আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক