--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেলেৰ অভিলেখ ভংগ হ’ল। নেইমাৰ জুনিয়ৰে এক নতুন নজিৰ গঢ়ি তুলিলে। পৰৱৰ্তী বিশ্বকাপৰ কোৱালিফাইং মেচত বলিভিয়াৰ বিৰুদ্ধে গ’ল দি তেওঁ নতুন মাইলৰ খুঁটি স্পৰ্শ কৰে।

আন্তঃৰাষ্ট্ৰীয় ফুটবলত নেইমাৰে ৭৮টা গ’ল দিয়ে। তেওঁ বলিভিয়াৰ বিৰুদ্ধে গ’ল দি পেলেৰ অভিলেখ ভংগ কৰে। ব্ৰাজিলৰ হৈ সৰ্বাধিক গ’ল দিয়ে। বিদেশী খেলখনত বলিভিয়াক ৫-১ গ’লত পৰাস্ত কৰে ব্ৰাজিলে। খেলখনৰ ৬১ মিনিটত নেইমাৰে দলটোৰ হৈ গ’ল দিয়ে। বিপক্ষৰ বাকচত উৰি যোৱা নিম্ন বল এটা স্পৰ্শ কৰি তেওঁ গ’ল দিয়ে।

খেলখনত তেওঁ দুটা গ’ল দিয়ে। পেলেৰ নজিৰ ভংগ কৰাৰ বাবে নেইমাৰে উৎসাহ প্ৰকাশ কৰে। ব্ৰাজিলৰ হৈ পেলেই ৭৭টা গ’ল দিছিল।

নজিৰ গঢ়ি তোলাৰ পিছতো বলিভিয়াৰ বিৰুদ্ধে নেইমাৰক চিনাকি ফৰ্মত দেখা পোৱা নগ’ল। ১৭ মিনিটত ব্ৰাজিলে পেনাল্টি লাভ কৰে। কিন্তু নেইমাৰৰ শ্বটটো বলিভিয়াৰ গ’লৰক্ষক বিলি ভিজকাৰাই বাধা দিয়ে। অৱশ্যে মেচৰ আগদিনা তেওঁ কয় যে তেওঁ ১০০ শতাংশ ফিট নহয়। অৱশ্যে দেশৰ বাবে খেলপথাৰত প্ৰৱেশ কৰিব।

কিছুদিন পূৰ্বে ৩১ বছৰীয়া ষ্ট্ৰাইকাৰগৰাকীয়ে পেৰিছ চেণ্ট জাৰ্মেইন এৰি ছৌদি আৰৱত আল হিলালৰ সৈতে যোগদান কৰিছিল। শেহতীয়াকৈ নেইমাৰ কেইবাটাও বিতৰ্কত লিপ্ত হৈছে। ব্ৰাজিলৰ আইন উলংঘা কৰি ঘৰ নিৰ্মাণ কৰা, প্ৰেমিকাক প্ৰতাৰণা কৰা আদি অভিযোগ তেওঁৰ বিৰুদ্ধে। কিছুদিন পূৰ্বে আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ উভতি আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু