--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনীয়ে চাৰি বছৰ পূৰ্বে একদিনীয়া বিশ্বকাপত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। এইবাৰ বিশ্বকাপৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে আমেৰিকাত ইউ এছ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত কাৰ্লোছ আলকাৰাজৰ মেচ চাবলৈ যায়। তাৰপাছতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে গ’ল্ফ খেলে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি ভাৰতৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে এনেদৰেই সময় অতিবাহিত কৰিছে।

ইউ এছ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত আলকাৰাজ আৰু আলেকজেণ্ডাৰ জাৰেভৰ খেলখন চাবলৈ গৈছিল ধোনীয়ে। তেওঁক দৰ্শকৰ আসনত বহি থকা দেখা গ’ল। ইয়াৰ পিছতে নিউ জাৰ্চিৰ ট্ৰাম্পৰ নামেৰে নামাকৰণ কৰা গলফ ক্লাবত দেখা গ’ল ধোনীক। তাত ধোনীয়ে ট্ৰাম্পৰ সৈতে গলফ খেলিছিল। সেই ছবিখন পোষ্ট কৰিছিল এজন ভাৰতীয় ব্যৱসায়ীয়ে।

চেন্নাই ছুপাৰ কিংছে আই পি এলত পঞ্চমবাৰৰ বাবে ট্ৰফী অৰ্জন কৰাৰ পিছত ধোনীক ক্ৰিকেট খেলপথাৰত দেখা পোৱা নাই। আঁঠুৰ অস্ত্ৰোপচাৰ কৰা হৈছে বুলিও জনা যায়। পৰৱৰ্তী আই পি এলত ধোনীয়ে খেলিব নে নকৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। তেওঁ নিজেই এই কথাটো স্পষ্ট কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক