--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স বাঢ়ি্লেও বাঢ়ক, মনটোহে আচল ধন। ৭৯ বছৰ বয়সতো বলীউডৰ 'শ্বেহেনশ্বাহ'ৰ অপাৰ মহিমাত বিস্ময়াভিভূত অনুৰাগী। অমিতাভ বচ্চনে নিজেই তাৰ প্ৰমাণ কৰিছে শেহতীয়াকৈ। যৌৱনৰ কালছোৱাত এখন পাছত সিখন ছবিত ষ্টাণ্ট মেন নোহোৱাকৈয়ে একশ্যন ছবিত অভিনয় কৰিছিল বলীউডৰ এংগ্ৰী ইয়ং মেনে। প্ৰৱল প্ৰত্যাহ্বানপূৰ্ণ ছবিতো অভিনয় কৰাৰ কি দুৰ্বাৰ হেঁপাহ অমিতাভৰ। তেনে কৰিবলৈ যাওঁতেই ‘কুলী’ ছবিত দুৰ্ঘটনাৰ মুখামুখী হৈছিল ‘বিগ বি’। ’৮০ দশকৰ এই ঘটনাত মৃত্যৰ দুৱাৰদলিৰ পৰা ভাগ্যে উভতি অহাৰ পাছতো ৰাখিব পৰা নাই অমিতাভক। স্বেচ্ছাই অভিনয় কৰি গৈছে একশ্যন দৃশ্যসমূহত। এই বৃদ্ধাৱস্থাতো ব্যতিক্ৰম নহয় শ্বেহেনশ্বাহ। সম্প্ৰতি, এটি বিজ্ঞাপনৰ একশ্যন দৃশ্যত ব’ডি ডাবল কৰিবলৈ অসন্তুষ্টি প্ৰকাশ কৰে ৭৯বছৰীয়া অমিতাভে। এখন, দুখন নহয় তিনিখন কাঁচৰ পেনেল ঘুঁচিয়াই ভাঙি পেলাইছে নিজে। যেন ১৬বছৰীয়া অমিতাভহে। অৱশ্যে, অমিতাভৰ এনে কাৰ্যত বিস্মিত তথা মুগ্ধ পৰিচালকসহ বিজ্ঞাপনৰ গোটেই ইউনিট। একাংশই মন্তব্য কৰিছে যে, অমিতাভে ‘দিৱাৰ’ কিম্বা ‘জঞ্জীৰ’ ছবিৰ ৰাগী নায়কক মনত পেলাই দিছে নিমিষতে। একশ্যন ডিৰেক্টৰ মনোহৰ বৰ্মাই কয়, ‘আমি শ্বুটিঙৰ সময়ত বলি ডাবলৰ ব্যৱস্থা ৰাখিছিলো। কিন্তু বচ্চনজীয়ে ছেটলৈ আহি পৰিচালকক কয়, এই দৃশ্যতো তেওঁ নিজেই কৰিব বিচাৰে বুলি। তেওঁৰ কাৰ্যই আমাক আচৰিত কৰি তুলিলে। তেওঁ পুনৰ প্ৰমাণ কৰি দিলে যে, বয়স কেৱল মাথো এটি সংখ্যা।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু