--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স বাঢ়ি্লেও বাঢ়ক, মনটোহে আচল ধন। ৭৯ বছৰ বয়সতো বলীউডৰ 'শ্বেহেনশ্বাহ'ৰ অপাৰ মহিমাত বিস্ময়াভিভূত অনুৰাগী। অমিতাভ বচ্চনে নিজেই তাৰ প্ৰমাণ কৰিছে শেহতীয়াকৈ। যৌৱনৰ কালছোৱাত এখন পাছত সিখন ছবিত ষ্টাণ্ট মেন নোহোৱাকৈয়ে একশ্যন ছবিত অভিনয় কৰিছিল বলীউডৰ এংগ্ৰী ইয়ং মেনে। প্ৰৱল প্ৰত্যাহ্বানপূৰ্ণ ছবিতো অভিনয় কৰাৰ কি দুৰ্বাৰ হেঁপাহ অমিতাভৰ। তেনে কৰিবলৈ যাওঁতেই ‘কুলী’ ছবিত দুৰ্ঘটনাৰ মুখামুখী হৈছিল ‘বিগ বি’। ’৮০ দশকৰ এই ঘটনাত মৃত্যৰ দুৱাৰদলিৰ পৰা ভাগ্যে উভতি অহাৰ পাছতো ৰাখিব পৰা নাই অমিতাভক। স্বেচ্ছাই অভিনয় কৰি গৈছে একশ্যন দৃশ্যসমূহত। এই বৃদ্ধাৱস্থাতো ব্যতিক্ৰম নহয় শ্বেহেনশ্বাহ। সম্প্ৰতি, এটি বিজ্ঞাপনৰ একশ্যন দৃশ্যত ব’ডি ডাবল কৰিবলৈ অসন্তুষ্টি প্ৰকাশ কৰে ৭৯বছৰীয়া অমিতাভে। এখন, দুখন নহয় তিনিখন কাঁচৰ পেনেল ঘুঁচিয়াই ভাঙি পেলাইছে নিজে। যেন ১৬বছৰীয়া অমিতাভহে। অৱশ্যে, অমিতাভৰ এনে কাৰ্যত বিস্মিত তথা মুগ্ধ পৰিচালকসহ বিজ্ঞাপনৰ গোটেই ইউনিট। একাংশই মন্তব্য কৰিছে যে, অমিতাভে ‘দিৱাৰ’ কিম্বা ‘জঞ্জীৰ’ ছবিৰ ৰাগী নায়কক মনত পেলাই দিছে নিমিষতে। একশ্যন ডিৰেক্টৰ মনোহৰ বৰ্মাই কয়, ‘আমি শ্বুটিঙৰ সময়ত বলি ডাবলৰ ব্যৱস্থা ৰাখিছিলো। কিন্তু বচ্চনজীয়ে ছেটলৈ আহি পৰিচালকক কয়, এই দৃশ্যতো তেওঁ নিজেই কৰিব বিচাৰে বুলি। তেওঁৰ কাৰ্যই আমাক আচৰিত কৰি তুলিলে। তেওঁ পুনৰ প্ৰমাণ কৰি দিলে যে, বয়স কেৱল মাথো এটি সংখ্যা।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement