--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিল্পা ছেট্টী বলীউডৰ এগৰাকী মোহময়ী আৰু আগশাৰীৰ অভিনেত্ৰী। বিগত বৰ্ষত সংবাদ মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল তেওঁ। অভিনেত্ৰীগৰাকীৰ স্বামী ৰাজ কুন্দ্ৰাক অশ্লীল ভিডিঅ' নিৰ্মাণৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। উক্ত ঘটনাৰ বাবে কেইবামাহ তেওঁ কাৰাগাৰতে কটাব লগীয়া হৈছিল। স্বামীৰ অনৈতিক কাৰ্যৰ গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাতো। পাছে সকলো বাধা নেওচি পুনৰ একেলগে হাঁহি্ মাতি জীৱনৰ পৃষ্ঠাবোৰ ৰঙীন কৰি তুলিবলৈ চেষ্টা কৰিছে শিল্পা-ৰাজে। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীৰ এটা পুৰণি বিবৃতি পুনৰ চৰ্চালৈ আহিছে। ছ’চিয়েল মিডিয়াতো বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। বলীউডৰ এনাৰ্জী বম্ব অক্ষয় কুমাৰ। এই বয়সতো যিকোনো ধৰণৰ চৰিত্ৰত অতি সাৱলীল ৰূপত তুলি ধৰিব পাৰে অক্ষয় কুমাৰে। এতিয়াও যিকোনো ছবিৰ একচন দৃশ্যৰ দৃশ্যগ্ৰহণ তেওঁ নিজেই কৰে। অৱশ্যে, এক পুৰণি বিবৃতিত শিল্পা ছেট্টীয়ে অক্ষয় কুমাৰৰ বিৰুদ্ধে নিদাৰুণ অভিযোগ উত্থাপন কৰা দেখা গৈছিল। যিটো ঘটনাই লক্ষ লক্ষ অনুৰাগীক কৰিছিল আহত। দৃষ্টি আকৰ্ষণ কৰিছিল বলীউডৰ বহু তাৰকা অভিনেতা-অভিনেত্ৰীৰ। এসময়ত অভিনেত্ৰীগৰাকীয়ে বিশ্বাস কৰি নিজৰ সৰ্বোস্ব ভালপোৱা দি দিছিল হেনো অক্ষয়ক। কিন্তু সেই সময়ত, অভিনেত্ৰীগৰাকীৰ প্ৰেমৰ সুযোগ লৈ অক্ষয়ে প্ৰতাৰণা কৰিছিল বুলি মন্তব্য কৰিছে শিল্পা ছেট্টীয়ে। বিদেশত ‘বিগ ব্ৰাডাৰ’ নামৰ এটা ৰিয়েলিটী শ্বত অভিনেত্ৰী শিল্পা ছেট্টীয়ে কথা প্ৰসংগত কৈছিল যে, ‘২২বছৰ বয়সতে মন দিছিলো অক্ষয়ক। প্ৰথমবাৰৰ বাবে অক্ষয়ৰ সৈতে সাঙোৰ খাই পৰিছিলো মই। কিন্তু মোৰ বিশ্বাস, প্ৰেম,ভালপোৱাৰ সুযোগ লৈ প্ৰতাৰণা কৰিছিল অক্ষয় কুমাৰে। সেই সময়ত টুইংকল খান্না অক্ষয়ৰ জীৱনলৈ আহিছিল। আৰু তেতিয়াই তেওঁৰ সৈতে মোৰ সম্পৰ্কৰ দূৰত্ব বৃদ্ধি পাবলৈ লয়।সেই সময়ত তেওঁলোক দুয়ো খুব কম সময়ৰ ভিতৰতে বিবাহ পাশত আৱদ্ধ হৈছিল।’ জানিবলৈ পোৱা মতে, অক্ষয়ৰ বিয়াৰ খবৰ শুনি ভাগি পৰিছিল শিল্পা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক