--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিল্পা ছেট্টী বলীউডৰ এগৰাকী মোহময়ী আৰু আগশাৰীৰ অভিনেত্ৰী। বিগত বৰ্ষত সংবাদ মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল তেওঁ। অভিনেত্ৰীগৰাকীৰ স্বামী ৰাজ কুন্দ্ৰাক অশ্লীল ভিডিঅ' নিৰ্মাণৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। উক্ত ঘটনাৰ বাবে কেইবামাহ তেওঁ কাৰাগাৰতে কটাব লগীয়া হৈছিল। স্বামীৰ অনৈতিক কাৰ্যৰ গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাতো। পাছে সকলো বাধা নেওচি পুনৰ একেলগে হাঁহি্ মাতি জীৱনৰ পৃষ্ঠাবোৰ ৰঙীন কৰি তুলিবলৈ চেষ্টা কৰিছে শিল্পা-ৰাজে। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীৰ এটা পুৰণি বিবৃতি পুনৰ চৰ্চালৈ আহিছে। ছ’চিয়েল মিডিয়াতো বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। বলীউডৰ এনাৰ্জী বম্ব অক্ষয় কুমাৰ। এই বয়সতো যিকোনো ধৰণৰ চৰিত্ৰত অতি সাৱলীল ৰূপত তুলি ধৰিব পাৰে অক্ষয় কুমাৰে। এতিয়াও যিকোনো ছবিৰ একচন দৃশ্যৰ দৃশ্যগ্ৰহণ তেওঁ নিজেই কৰে। অৱশ্যে, এক পুৰণি বিবৃতিত শিল্পা ছেট্টীয়ে অক্ষয় কুমাৰৰ বিৰুদ্ধে নিদাৰুণ অভিযোগ উত্থাপন কৰা দেখা গৈছিল। যিটো ঘটনাই লক্ষ লক্ষ অনুৰাগীক কৰিছিল আহত। দৃষ্টি আকৰ্ষণ কৰিছিল বলীউডৰ বহু তাৰকা অভিনেতা-অভিনেত্ৰীৰ। এসময়ত অভিনেত্ৰীগৰাকীয়ে বিশ্বাস কৰি নিজৰ সৰ্বোস্ব ভালপোৱা দি দিছিল হেনো অক্ষয়ক। কিন্তু সেই সময়ত, অভিনেত্ৰীগৰাকীৰ প্ৰেমৰ সুযোগ লৈ অক্ষয়ে প্ৰতাৰণা কৰিছিল বুলি মন্তব্য কৰিছে শিল্পা ছেট্টীয়ে। বিদেশত ‘বিগ ব্ৰাডাৰ’ নামৰ এটা ৰিয়েলিটী শ্বত অভিনেত্ৰী শিল্পা ছেট্টীয়ে কথা প্ৰসংগত কৈছিল যে, ‘২২বছৰ বয়সতে মন দিছিলো অক্ষয়ক। প্ৰথমবাৰৰ বাবে অক্ষয়ৰ সৈতে সাঙোৰ খাই পৰিছিলো মই। কিন্তু মোৰ বিশ্বাস, প্ৰেম,ভালপোৱাৰ সুযোগ লৈ প্ৰতাৰণা কৰিছিল অক্ষয় কুমাৰে। সেই সময়ত টুইংকল খান্না অক্ষয়ৰ জীৱনলৈ আহিছিল। আৰু তেতিয়াই তেওঁৰ সৈতে মোৰ সম্পৰ্কৰ দূৰত্ব বৃদ্ধি পাবলৈ লয়।সেই সময়ত তেওঁলোক দুয়ো খুব কম সময়ৰ ভিতৰতে বিবাহ পাশত আৱদ্ধ হৈছিল।’ জানিবলৈ পোৱা মতে, অক্ষয়ৰ বিয়াৰ খবৰ শুনি ভাগি পৰিছিল শিল্পা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু