--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডত ভৰি থোৱাৰ পূৰ্বে বহু অভিনেতা-অভিনেত্ৰীয়ে নিজৰ নাম সলনি কৰে। সেই পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে। আজি ক’বলৈ বিচাৰিম কেইগৰাকীমান বলীউড অভিনেত্ৰীৰ নামৰ বিষয়ে। মানুহৰ মুখে মুখে বাগৰা কেইবাগৰাকীও অভিনেত্ৰীৰ নাম প্ৰকৃত নাম নহয়। তেওঁলোকে নিজৰ নাম সলনি কৰি বলীউডত ভৰি থৈছিল। এইসকলৰ ভিতৰত অন্যতম-

মীনা কুমাৰী

১) মীনা কুমাৰী- বলীউডৰ অন্যতম প্ৰসিদ্ধ অভিনেত্ৰী মীনা কুমাৰীৰ প্ৰকৃত নাম মেহজেবিন বানু।

মধুবালা

২) মধুবালা- সৌন্দৰ্য আৰু প্ৰতিভাৰ অন্যতম উদাহৰণ মধুবালাৰ প্ৰকৃত নাম মমতাজ জেহান দেহলাভি।

ৰেখা

৩) ৰেখা- বলীউডত এতিয়াও সৌন্দৰ্যৰে উজলি থকা ৰেখাৰ প্ৰকৃত নাম ভানুৰেখা জেমিনী গণেশন।

জয়া প্ৰদা

৪) জয়া প্ৰদা- বলীউডৰ অভিনেত্ৰী তথা ৰাজনীতিবিদ জয়া প্ৰদাৰ প্ৰকৃত নাম ললিতা ৰাণী ৰাৱণম।

মিনাক্ষী শেষাদ্ৰী

৫) মিনাক্ষী শেষাদ্ৰী- এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী মিনাক্ষী শেষাদ্ৰীৰ প্ৰকৃত নাম শশীকলা শেষাদ্ৰী।

কেটৰিনা কাঈফ

৬) কেটৰিনা কাঈফ-বলীউডৰ জনপ্ৰিয় কেটৰিনা কাঈফৰ প্ৰকৃত নাম কেটৰিনা টাৰ্কোটে। কিন্তু অভিনেত্ৰীগৰাকীয়ে তেওঁৰ মাতৃৰ উপাধি কাঈফ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে কিয়নো কেটৰিনা টাৰ্কোটে বুলি উচ্চাৰণ কৰাটো কঠিন বুলি অনুভৱ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

শিল্পা চেট্টী

৭) শিল্পা চেট্টী-শিল্পাৰ প্ৰকৃত নাম আছিল অশ্বিনী চেট্টী। শিল্পাৰ মাক পেছাত এগৰাকী জ্যোতিষী। শিল্পাৰ কেৰিয়াৰ উন্নত কৰিবলৈ মাতৃয়ে নিউমাৰ’লজী চাই কন্যাৰ নাম সলনি কৰি শিল্পা ৰাখিছিল।

প্ৰীতি জিণ্টা

৮) প্ৰীতি জিণ্টা- ডিম্পল গাৰ্ল প্ৰীতি জিণ্টাৰ নাম প্ৰকৃত নাম প্ৰীতম সিং জিণ্টা। চিনেমালৈ অহাৰ আগে আগে তেওঁ নিজৰ নাম সলনি কৰি প্ৰীতি ৰাখে।

ছানী লিয়নী

৯) ছানী লিয়নী- এডাল্ট মুভিৰ জনপ্ৰিয় তাৰকা হিচাপে অধিক পৰিচিত ছানী লিয়নীৰ প্ৰকৃত নাম কৰণজিৎ কৌৰ।

মল্লিকা শ্বেৰাৱট

১০) মল্লিকা শ্বেৰাৱট– বল্ড ছবিত অভিনয় কৰিবলৈ অহা মল্লিকা শ্বেৰাৱটৰ প্ৰকৃত নাম ৰীমা লাম্বা।

১১) টাবু- বলীউডৰ অতি প্ৰতিভাশালী অভিনেত্ৰী টাবুৰ প্ৰকৃত নাম তবাশ্বুম ফাতিমা হাছমী।

 

ভূমিকা চাওলা

১২) ভূমিকা চাওলা- তেৰে নাম ছবিত ছলমান খানৰ বিপৰীতে অভিনয় কৰি দৰ্শকৰ মৰম বুটলা ভূমিকা চাওলাৰ প্ৰকৃত নাম ৰচনা চাওলা।

অনুষ্কা চেট্টী

১৩) অনুষ্কা চেট্টী- বাহুবলী অভিনেত্ৰী অনুষ্কা চেট্টীৰো এটা প্ৰকৃত নাম আছে। তেওঁৰ প্ৰকৃত নাম ছুইটি চেট্টী।

মন্দাকিনী

১৪) মন্দাকিনী- এসময়ত বহুতো জনপ্ৰিয় ছবি উপহাৰ দিয়া মন্দাকিনীৰ প্ৰকৃত নাম য়াছমিন যোচেফ।

শ্ৰীদেৱী

১৫) শ্ৰীদেৱী- বলীউডত বিশেষ খ্যাতি থকা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ প্ৰকৃত নাম শ্ৰী আম্মা য়াংগাৰ আয়াপাম।

মহিমা চৌধুৰী

১৬) মহিমা চৌধুৰী- সুভাষ ঘাইৰ পৰিচালিত ছবি পৰদেশত অভিনয় কৰি দৰ্শকৰ বিশেষ সমাদৰ পোৱা মহিমা চৌধুৰীৰ প্ৰকৃত নাম ৰিতু চৌধুৰী।

ৰীনা ৰয়

১৭) ৰীনা ৰয়- ৰীনা ৰয়ৰ জন্মৰ নাম আছিল ছাইৰা আলী। তেওঁৰ মাতৃয়ে বিবাহ বিচ্ছেদৰ পিছত চাৰিওটা সন্তানৰ নাম সলনি কৰিছিল। মাতৃয়ে ৰীনাৰ নাম ছাইৰা আলীৰ পৰা ৰূপা ৰয়লৈ সলনি কৰিছিল। কিন্তু যেতিয়া ৰীনাই তেওঁৰ প্ৰথম ছবি জৰুৰটত অভিনয় কৰিছিল তেতিয়া চলচ্চিত্ৰ প্ৰযোজকে তেওঁৰ নাম ৰূপা ৰয়ৰ পৰা ৰীনা ৰয়লৈ সলনি কৰিছিল।

আৰু পঢ়কঃ অমন পাণ্ডেই ধৰা পেলালে গুগলৰ ২৩২টা ত্ৰুটি! গুগলে পুৰস্কাৰ দিলে ৬৫ কোটি টকা


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক