--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডত ভৰি থোৱাৰ পূৰ্বে বহু অভিনেতা-অভিনেত্ৰীয়ে নিজৰ নাম সলনি কৰে। সেই পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে। আজি ক’বলৈ বিচাৰিম কেইগৰাকীমান বলীউড অভিনেত্ৰীৰ নামৰ বিষয়ে। মানুহৰ মুখে মুখে বাগৰা কেইবাগৰাকীও অভিনেত্ৰীৰ নাম প্ৰকৃত নাম নহয়। তেওঁলোকে নিজৰ নাম সলনি কৰি বলীউডত ভৰি থৈছিল। এইসকলৰ ভিতৰত অন্যতম-

মীনা কুমাৰী

১) মীনা কুমাৰী- বলীউডৰ অন্যতম প্ৰসিদ্ধ অভিনেত্ৰী মীনা কুমাৰীৰ প্ৰকৃত নাম মেহজেবিন বানু।

মধুবালা

২) মধুবালা- সৌন্দৰ্য আৰু প্ৰতিভাৰ অন্যতম উদাহৰণ মধুবালাৰ প্ৰকৃত নাম মমতাজ জেহান দেহলাভি।

ৰেখা

৩) ৰেখা- বলীউডত এতিয়াও সৌন্দৰ্যৰে উজলি থকা ৰেখাৰ প্ৰকৃত নাম ভানুৰেখা জেমিনী গণেশন।

জয়া প্ৰদা

৪) জয়া প্ৰদা- বলীউডৰ অভিনেত্ৰী তথা ৰাজনীতিবিদ জয়া প্ৰদাৰ প্ৰকৃত নাম ললিতা ৰাণী ৰাৱণম।

মিনাক্ষী শেষাদ্ৰী

৫) মিনাক্ষী শেষাদ্ৰী- এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী মিনাক্ষী শেষাদ্ৰীৰ প্ৰকৃত নাম শশীকলা শেষাদ্ৰী।

কেটৰিনা কাঈফ

৬) কেটৰিনা কাঈফ-বলীউডৰ জনপ্ৰিয় কেটৰিনা কাঈফৰ প্ৰকৃত নাম কেটৰিনা টাৰ্কোটে। কিন্তু অভিনেত্ৰীগৰাকীয়ে তেওঁৰ মাতৃৰ উপাধি কাঈফ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে কিয়নো কেটৰিনা টাৰ্কোটে বুলি উচ্চাৰণ কৰাটো কঠিন বুলি অনুভৱ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

শিল্পা চেট্টী

৭) শিল্পা চেট্টী-শিল্পাৰ প্ৰকৃত নাম আছিল অশ্বিনী চেট্টী। শিল্পাৰ মাক পেছাত এগৰাকী জ্যোতিষী। শিল্পাৰ কেৰিয়াৰ উন্নত কৰিবলৈ মাতৃয়ে নিউমাৰ’লজী চাই কন্যাৰ নাম সলনি কৰি শিল্পা ৰাখিছিল।

প্ৰীতি জিণ্টা

৮) প্ৰীতি জিণ্টা- ডিম্পল গাৰ্ল প্ৰীতি জিণ্টাৰ নাম প্ৰকৃত নাম প্ৰীতম সিং জিণ্টা। চিনেমালৈ অহাৰ আগে আগে তেওঁ নিজৰ নাম সলনি কৰি প্ৰীতি ৰাখে।

ছানী লিয়নী

৯) ছানী লিয়নী- এডাল্ট মুভিৰ জনপ্ৰিয় তাৰকা হিচাপে অধিক পৰিচিত ছানী লিয়নীৰ প্ৰকৃত নাম কৰণজিৎ কৌৰ।

মল্লিকা শ্বেৰাৱট

১০) মল্লিকা শ্বেৰাৱট– বল্ড ছবিত অভিনয় কৰিবলৈ অহা মল্লিকা শ্বেৰাৱটৰ প্ৰকৃত নাম ৰীমা লাম্বা।

১১) টাবু- বলীউডৰ অতি প্ৰতিভাশালী অভিনেত্ৰী টাবুৰ প্ৰকৃত নাম তবাশ্বুম ফাতিমা হাছমী।

 

ভূমিকা চাওলা

১২) ভূমিকা চাওলা- তেৰে নাম ছবিত ছলমান খানৰ বিপৰীতে অভিনয় কৰি দৰ্শকৰ মৰম বুটলা ভূমিকা চাওলাৰ প্ৰকৃত নাম ৰচনা চাওলা।

অনুষ্কা চেট্টী

১৩) অনুষ্কা চেট্টী- বাহুবলী অভিনেত্ৰী অনুষ্কা চেট্টীৰো এটা প্ৰকৃত নাম আছে। তেওঁৰ প্ৰকৃত নাম ছুইটি চেট্টী।

মন্দাকিনী

১৪) মন্দাকিনী- এসময়ত বহুতো জনপ্ৰিয় ছবি উপহাৰ দিয়া মন্দাকিনীৰ প্ৰকৃত নাম য়াছমিন যোচেফ।

শ্ৰীদেৱী

১৫) শ্ৰীদেৱী- বলীউডত বিশেষ খ্যাতি থকা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ প্ৰকৃত নাম শ্ৰী আম্মা য়াংগাৰ আয়াপাম।

মহিমা চৌধুৰী

১৬) মহিমা চৌধুৰী- সুভাষ ঘাইৰ পৰিচালিত ছবি পৰদেশত অভিনয় কৰি দৰ্শকৰ বিশেষ সমাদৰ পোৱা মহিমা চৌধুৰীৰ প্ৰকৃত নাম ৰিতু চৌধুৰী।

ৰীনা ৰয়

১৭) ৰীনা ৰয়- ৰীনা ৰয়ৰ জন্মৰ নাম আছিল ছাইৰা আলী। তেওঁৰ মাতৃয়ে বিবাহ বিচ্ছেদৰ পিছত চাৰিওটা সন্তানৰ নাম সলনি কৰিছিল। মাতৃয়ে ৰীনাৰ নাম ছাইৰা আলীৰ পৰা ৰূপা ৰয়লৈ সলনি কৰিছিল। কিন্তু যেতিয়া ৰীনাই তেওঁৰ প্ৰথম ছবি জৰুৰটত অভিনয় কৰিছিল তেতিয়া চলচ্চিত্ৰ প্ৰযোজকে তেওঁৰ নাম ৰূপা ৰয়ৰ পৰা ৰীনা ৰয়লৈ সলনি কৰিছিল।

আৰু পঢ়কঃ অমন পাণ্ডেই ধৰা পেলালে গুগলৰ ২৩২টা ত্ৰুটি! গুগলে পুৰস্কাৰ দিলে ৬৫ কোটি টকা


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু