--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন তথা ত্ৰয়োদশ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ দেহাৱসানত শোকস্তব্ধ দেশবাসী। সুদক্ষ অৰ্থনীতিবিদ হিচাপেও মনমোহন সিং আছিল জগত বিখ্যাত৷ বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ তথা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মহাপ্ৰয়াণত দেশবাসীয়ে সুঁৱৰিছে তেওঁৰ কেইটামান মহান কৰ্মক।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এনে ৭টা সৰ্বোৎকৃষ্ট কাম কৰি থৈ গৈছে যাৰ বাবে তেওঁৰ ওচৰত ভাৰতবাসী আজীৱন কৃতজ্ঞ হৈ থাকিব৷ সেই কামেৰে তেওঁ দেশক প্ৰগতিৰ পথেৰে আগুৱাই লৈ গৈছিল। আহকচোন জানো কি সেই বিশেষ ৭টা কাম...

 ১) ১৯৯১ অৰ্থনৈতিক সংস্কাৰঃ ৯০ দশকৰ আৰম্ভণিতে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত অচলাৱস্থাই দেখা দিছিল। দেশত চলিছিল পেট্ৰ’লিয়ামৰ সাংঘাতিক নাটনি৷ দেশখন পৰিচালনা কৰিবলৈ সেই সময়ত ভয়ংকৰ অৰ্থনৈতিক সমস্যাই দেখা দিছিল। তেনে সময়তে নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে সকলোকে আচৰিত কৰি অ-ৰাজনৈতিক ডঃ মনমোহন সিঙক ভাৰতৰ অৰ্থনৈতিক সংকট দূৰ কৰিবৰ বাবে বিত্তমন্ত্ৰী হিচাবে কেবিনেটত মকৰল কৰে। প্ৰতিপক্ষৰ তীব্ৰ বিৰোধিতা সত্বেও পাছৰ কেইবছৰত ডঃ সিঙে ভাৰতৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি হিচাবে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে। একমাত্ৰ মনমোহন সিঙৰ সবল নেতৃত্বত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাবে গোলকীয়ভাৱে সিঙৰ প্ৰতিষ্ঠা হ'ল৷ আৰ্থিক সংস্কাৰৰ ব্যাপক নীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা এতিয়াও বিশ্বজুৰি সমাদৃত। সেই সময়ত দেশৰ ওচৰত ত্ৰাণকৰ্তা ৰূুপে তেওঁ বিবেচিত হৈছিল।

২) তথ্য জনাৰ অধিকাৰ আইন(২০০৫)- ভাৰতত এনে দুখন আইনৰ প্ৰণয়ন কৰা হৈছে য’ত জনসাধাৰণৰ সুবিধা আটাইতকৈ বেছি৷ সেয়া হ’ল উপভোক্তা আইন আৰু তথ্য জনাৰ অধিকাৰ আইন (RTI)৷ মনমোহন সিং প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতালে অহাৰ পাছতেই এই বিধেয়ক দুখন গৃহীত হৈছিল৷ ইয়াৰ বাবে ভাৰতবাসীয়ে দীৰ্ঘদিন ধৰি যুঁজ দি আছিল৷ এই আৰটিআই আইনৰ বাবেই পৰৱৰ্তী সময়ত বিভিন্ন বিভাগত সংঘটিত অনিয়ম পোহৰলৈ আহিছিল। চৰকাৰী গোপনীয়তা আইন, ১৯২৩' আৰু এনেকুৱা কেইখনমান আইনে নাগৰিকে তথ্য লাভ কৰাৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল, সেইয়া তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ য়ে নাইকিয়া কৰিলে।

৩) বন অধিকাৰ আইন (২০০৬)- জনজাতীয় সম্প্ৰদায়ক তেওঁলোকৰ পৰম্পৰাগত ভূমিৰ অধিকাৰ ঘূৰাই অনাটো আছিল এক ঐতিহাসিক পদক্ষেপ।

৪) মনৰেগা (২০০৬)- এয়া এনে এখন আইন যাৰদ্বাৰা চৰকাৰ আৰু জনসাধাৰণৰ সম্পৰ্ক সলনি হৈছিল৷ মনৰেগা আইনত মহিলাসকলক বিশেষকৈ প্ৰাধান্য দিয়া হৈছিল৷ এই আইনৰ জৰিয়তে গাঁৱৰ সকলো মানুহে নিজৰ এলেকাৰ আশেপাশে যাতে কৰ্মসংস্থাপন পায় তাৰবাবে গুৰুত্ব প্ৰদান কৰা হৈছিল৷ গোটেই পৰিয়ালটোকেই মুল লক্ষ্য কৰি লোৱা হৈছিল এই আঁচনিত৷ কৰ্মদক্ষহীন কৰ্মকৰ্তাৰ বাবে পিছলৈ পাছে এই আইন প্ৰসহনত পৰিণত হৈছিল৷ 

৫) চিভিল নিউক্লিয়েৰ ডীল (২০০৮)- ভাৰতৰ প্ৰগতিৰ লগে লগে শক্তিখণ্ডৰো প্ৰয়োজনীয়তা ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছিল। প্ৰতিখন গাঁৱলৈ বিজুলী যোগান ধৰিবৰ বাবে বিজুলী শক্তি উৎপাদনো অৱশ্যাম্ভাৱী হৈ পৰিছিল। ইয়াৰ বাবে নিউক্লিয়েৰ প্লাণ্ট স্থাপন কৰাটোৱেই হৈছে আটাইতকৈ সহজ। কিন্তু ইয়াৰ ফলত দায়ৱদ্ধতা আৰু বিপদো বাঢ়ি যায়। লগতে সেই সময়ত এনে প্ৰচাৰ ব্যাপক হৈ পৰিছিল যে চৰকাৰে আমেৰিকাৰ ওচৰত এইবোৰ কৰি দেশখন বন্ধকত থব বিচাৰিছে। মনমোহন চৰকাৰৰ সহযোগী কমিউনিষ্ট দলে ঘোষণা কৰিছিল নিউক্লিয়েৰ চুক্তি সম্পন্ন হ’লে তেওঁলোকে চৰকাৰৰ পৰা সমৰ্থন উঠাই ল’ব। এইবোৰৰ মাজতে মনমোহন সিঙে এই ঐতিহাসিক চুক্তি সম্পন্ন কৰিছিল। এয়া আছিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বৃহৎ কূটনৈতিক জয়।

৬) শিক্ষাৰ অধিকাৰ আইন (২০০৯)- ড° সিঙৰ চৰকাৰে ৬ৰ পৰা ১৪ বছৰ বয়সৰ প্ৰতিটো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছিল। এই আইনখনে শিশুসকলক তেওঁলোকৰ মৌলিক অধিকাৰ প্ৰদানৰ দিশত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ল।

৭) খাদ্য সুৰক্ষা আইন (২০১৩)- স্বাধীনতাৰ দিনদিয়েক পূৰ্বে পশ্চিমবংগত দুৰ্ভিক্ষই দেখা দিছিল। সেই দুৰ্ভিক্ষত ৩০ লাখ লোকৰ মৃত্যু হৈছিল। চীনৰ সৈতে যুদ্ধ হোৱাৰ পিচত পুনৰ দুৰ্ভিক্ষই দেখা দিছিল। একে সময়তে পাকিস্তানৰ সৈতেও যুদ্ধ লাগিছিল। সেউজ বিপ্লৱৰ পাছত স্থিতি কিছু সুস্থিৰ হৈ পৰিছিল। কিন্তু ইমানৰ পিছতো দেশৰ কোটি কোটি লোকে পেট পূৰাই খাবলৈ পোৱা নাছিল। এনে সময়তে মনমোহন চৰকাৰে খাদ্য সুৰক্ষা বিধেয়কৰ জৰিয়তে বিশ্বত এক আদৰ্শ দাঙি ধৰিবলৈ সমৰ্থ হৈছিল। খাদ্য সুৰক্ষা আইনখন কিছু পৰিমাণে সমালোচিত হ’লেও এটা পৰ্যায়লৈকে ই দেশৰ কোটি কোটি দৰিদ্ৰ লোকক সকাহ দিবলৈ সমৰ্থ হয়। সেয়ে খাদ্য সুৰক্ষা আইনখনক সমগ্ৰ বিশ্বতে মনমোহন চৰকাৰৰ দেশবাসীৰ প্ৰতি থকা দায়ৱদ্ধতাৰ নমুনা হিচাপে আজিও গণ্য কৰি অহা হৈছে। 

সফল ৰাজনীতিবিদ তথা অৰ্থনীতিবিদ ডঃ মনমোহন সিঙৰ বিয়োগত তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। মহান কৰ্মৰাজিৰে দেশক মহীয়ান কৰি যোৱা মনমোহন সিঙক দেশবাসীয়ে আজীৱন মনতস ৰাখিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
অমিত শ্বাহে উন্মোচন কৰিলে অসমৰ বান বিষয়ক মানচিত্র
তীব্র হৈছে ইজৰাইল-ইৰানৰ যুদ্ধ
ভাৰত অভিমুখী ব'য়িঙৰ ২খন বিমানত কাৰিকৰী বিজুতি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?