--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটে। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী যোগী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, মায়াৱতী, অখিলেশ যাদৱকে ধৰি বহু নেতাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। ইফালে যোগী চৰকাৰৰ মন্ত্ৰী অসীম অৰুণে নিজৰ পুৰণি দিনক স্মৰণ কৰি পোষ্ট কৰিছে, যেতিয়া তেওঁ তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মূল দেহৰক্ষী আছিল।

ফেচবুকত পোষ্ট দি অসীম অৰুণে কয় যে মই ২০০৪ চনৰ পৰা প্ৰায় তিনিবছৰ ধৰি তেওঁৰ দেহৰক্ষী আছিলোঁ। এছ পি জিত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ অন্তৰ্নিহিত বৃত্ত হ’ল ক্ল’জ প্ৰটেকচন টিম, যাৰ নেতৃত্ব দিয়াৰ সুযোগ পাইছিলোঁ। এআইজি চিপিটি সেইজন বিষয়া যিয়ে কেতিয়াও প্ৰধানমন্ত্ৰীৰ পৰা আঁতৰি থাকিব নোৱাৰে। যদি মাত্ৰ এজন দেহৰক্ষীহে প্ৰধানমন্ত্ৰীৰ লগত থাকিব পাৰে, তেন্তে তেওঁৰ লগত থাকিব কেৱল এইজন বিষয়া। এনে পৰিস্থিতিত তেওঁৰ ছাঁৰ দৰে তেওঁৰ লগত থকাটো মোৰ দায়িত্ব আছিল।

যোগী চৰকাৰৰ মন্ত্ৰী অসীমে আৰু কয়, মনমোহন ছাৰৰ এখনেই গাড়ী আছিল - মাৰুতি ৮০০, যিখন গাড়ী পি এম হাউচত জিলিকি থকা ক'লা বিএমডব্লিউৰ পিছফালে ৰখাই থোৱা আছিল। মনমোহন সিঙে বাৰে বাৰে মোক কৈছিল - BMW নহয়,Maruti 800হে মোৰ পছন্দৰ। এইখনহে মোৰ গাড়ী (Maruti 800)। মই এইখনতহে চলা-ফুৰা কৰিবলৈ ভালপাম।

তেতিয়া মই তেওঁক বুজাইছিলোঁ যে ছাৰ BMW গাড়ীখন আপোনাৰ বিলাসিতাৰ বাবে নহয়, ইয়াৰ নিৰাপত্তা বৈশিষ্ট্য এনেকুৱা যে এছপিজিয়ে ইয়াক ব্যৱহাৰ কৰিছে। মনমোহন সিঙে তেতিয়া Maruti 800খনলৈ সদায় এনেদৰে চাই থাকে যেন তেওঁ অনুভৱ কৰে যে তেওঁ এজন মধ্যবিত্ত ব্যক্তি আৰু সাধাৰণ মানুহজনৰ যত্ন লোৱাটো তেওঁৰ দায়িত্ব। কোটিটকীয়া গাড়ী প্ৰধানমন্ত্ৰীৰ কিন্তু তেওঁৰ বাবে Maruti 800হে শ্ৰেষ্ঠ।

এই কথাবোৰৰ পৰাই বুজিব পাৰি যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং কিমান সৰল আছিল।

উল্লেখ্য যে যোৱা ২৬ ডিচেম্বৰত হঠাৎ ঘৰতে অজ্ঞান হৈ পৰে ড০ মনমোহন সিং। নিশা ৮.০৬ বজাত তেওঁক দিল্লী এইমছৰ মেডিকেল ইমাৰ্জেন্সিলৈ অনা হয়। এইমছে এক বিবৃতি জাৰি কৰি কয় যে সকলো চেষ্টা কৰিও তেওঁক বচাব নোৱাৰি নিশা ৯.৫১ বজাত তেওঁক মৃত ঘোষণা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু