--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ জীৱন ৰক্ষা কৰাত নাৰ্ছে মুখ্য ভূমিকা গ্ৰহণ কৰা দেখা যায়। কিন্তু এগৰাকী ঘাতক নাৰ্ছৰ কথা শুনিলে আপুনি আচৰিত হৈ পৰিব। এই নাৰ্ছগৰাকীয়ে এটা নহয়, দুটা নহয়, ৭টাকৈ নৱজাত শিশু হত্যা কৰিছে। শুকুৰবাৰে উত্তৰ ইংলেণ্ডৰ এখন চিকিৎসালয়ৰ নাৰ্ছগৰাকীক ৭টা কেঁচুৱাক হত্যা কৰাৰ লগতে আন ছটা কেঁচুৱাক হত্যাৰ চেষ্টা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হয়। ৩৩ বছৰীয়া নাৰ্ছগৰাকীৰ নাম লুচি লেটবি। 

তেওঁৰ বিৰুদ্ধে ২০১৫ চনৰ পৰা ২০১৬ চনৰ ভিতৰত উত্তৰ-পশ্চিম ইংলেণ্ডৰ কাউণ্টেছ অৱ চেষ্টাৰ হাস্পতালত কাম কৰি থকাৰ সময়তে সাতটা কেঁচুৱা (পাঁচটা ল’ৰা আৰু দুগৰাকী ছোৱালী) হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে, আনহাতে আন ছয়জন তেওঁৰ হাতত আহত হৈছিল। কোনো শিশুৰ পেটত বায়ু সোমোৱাই আৰু কোনো শিশুক ইনচুলিনৰ বেজী দি হত্যা কৰে নাৰ্চগৰাকীয়ে। 

অৱশ্যে নাৰ্ছগৰাকীয়ে সকলো অভিযোগ অস্বীকাৰ কৰিছে। নাৰ্চগৰাকীৰ এই জঘন্য কাণ্ড পোহৰলৈ অহাত সহায় কৰে ভাৰতীয় মূলৰ শিশু চিকিৎসক ৰবি জয়ৰামে। লুচি লেটবিৰ ঘৰত তালাচী চলাওতে আৰক্ষীয়ে এটা টোকা উদ্ধাৰ কৰে। য'ত লিখা আছিল ''মই দুষ্ট আত্মাৰ মানুহ...মই এইবোৰ কৰিছো।''

পাছে লুচিয়ে এই কথাটো এই ঘটনাৰ লগত জড়িত হৈ লিখা নাই বুলি আৰক্ষীক বুজাবলৈ যত্ন কৰিছিল। 

শুকুৰবাৰে মানচেষ্টাৰ ক্রাউন ক’ৰ্টৰ জুৰীয়ে নাৰ্ছ লুচি লেটবিক সাতটা নৱজাতকক হত্যা কৰাৰ লগতে আন ছটাক হত্যা কৰাৰ চেষ্টা কৰাৰ দোষী সাব্যস্ত কৰে। সোমবাৰে এই আদালতত তেওঁক শাস্তি প্ৰদান কৰা হ’ব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস