--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ জীৱন ৰক্ষা কৰাত নাৰ্ছে মুখ্য ভূমিকা গ্ৰহণ কৰা দেখা যায়। কিন্তু এগৰাকী ঘাতক নাৰ্ছৰ কথা শুনিলে আপুনি আচৰিত হৈ পৰিব। এই নাৰ্ছগৰাকীয়ে এটা নহয়, দুটা নহয়, ৭টাকৈ নৱজাত শিশু হত্যা কৰিছে। শুকুৰবাৰে উত্তৰ ইংলেণ্ডৰ এখন চিকিৎসালয়ৰ নাৰ্ছগৰাকীক ৭টা কেঁচুৱাক হত্যা কৰাৰ লগতে আন ছটা কেঁচুৱাক হত্যাৰ চেষ্টা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হয়। ৩৩ বছৰীয়া নাৰ্ছগৰাকীৰ নাম লুচি লেটবি। 

তেওঁৰ বিৰুদ্ধে ২০১৫ চনৰ পৰা ২০১৬ চনৰ ভিতৰত উত্তৰ-পশ্চিম ইংলেণ্ডৰ কাউণ্টেছ অৱ চেষ্টাৰ হাস্পতালত কাম কৰি থকাৰ সময়তে সাতটা কেঁচুৱা (পাঁচটা ল’ৰা আৰু দুগৰাকী ছোৱালী) হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে, আনহাতে আন ছয়জন তেওঁৰ হাতত আহত হৈছিল। কোনো শিশুৰ পেটত বায়ু সোমোৱাই আৰু কোনো শিশুক ইনচুলিনৰ বেজী দি হত্যা কৰে নাৰ্চগৰাকীয়ে। 

অৱশ্যে নাৰ্ছগৰাকীয়ে সকলো অভিযোগ অস্বীকাৰ কৰিছে। নাৰ্চগৰাকীৰ এই জঘন্য কাণ্ড পোহৰলৈ অহাত সহায় কৰে ভাৰতীয় মূলৰ শিশু চিকিৎসক ৰবি জয়ৰামে। লুচি লেটবিৰ ঘৰত তালাচী চলাওতে আৰক্ষীয়ে এটা টোকা উদ্ধাৰ কৰে। য'ত লিখা আছিল ''মই দুষ্ট আত্মাৰ মানুহ...মই এইবোৰ কৰিছো।''

পাছে লুচিয়ে এই কথাটো এই ঘটনাৰ লগত জড়িত হৈ লিখা নাই বুলি আৰক্ষীক বুজাবলৈ যত্ন কৰিছিল। 

শুকুৰবাৰে মানচেষ্টাৰ ক্রাউন ক’ৰ্টৰ জুৰীয়ে নাৰ্ছ লুচি লেটবিক সাতটা নৱজাতকক হত্যা কৰাৰ লগতে আন ছটাক হত্যা কৰাৰ চেষ্টা কৰাৰ দোষী সাব্যস্ত কৰে। সোমবাৰে এই আদালতত তেওঁক শাস্তি প্ৰদান কৰা হ’ব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ