--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইটো সম্ভৱনে! এজন মানুহ জন্ম হৈছিল, ডাঙৰ হৈছিল, ৮২ বছৰ বয়সলৈকে জীয়াই আছিল। কিন্তু তেওঁ গোটেই জীৱনত কোনো মুহূৰ্তৰ বাবেও এগৰাকী নাৰীৰ সংগসুখ বাদেই, ছাঁটোও দেখা নাপালে! পৃথিৱীত এনে এজন পুৰুষ আছিল যিয়ে জীৱনত কেতিয়াও নাৰী দেখা নাছিল। আনকি নিজৰ মাককো নেদিখিলে।

ব্ৰিটিছ প্ৰেছ "ইউনিলাড"ৰ প্ৰতিবেদন অনুসৰি ব্যক্তিজনৰ নাম মিহাইলো টলোটছ। তেওঁ গ্ৰীচৰ হালকিডিকিৰ বাসিন্দা আছিল। প্ৰতিবেদন অনুসৰি মিহাইলোৱে কেৱল বন্ধুৰ পৰা শুনি আৰু কিতাপ পঢ়ি নাৰীৰ অস্তিত্বৰ বিষয়ে জানিব পাৰিছিল। কিন্তু কোনো মহিলাক দেখা নাপালে।

১৮৫৬ চনত মিহাইলোৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। জন্ম দিয়াৰ কিছু সময়ৰ পিছতে তেওঁৰ মাতৃৰ মৃত্যু হয়। মিহাইলো অনাথ হৈ পৰিল। মিহাইলোৰ মাতৃৰ মৃত্যুৰ পিছত গ্ৰীচৰ মাউণ্ট আথোছৰ এটা মঠৰ সন্ন্যাসীসকলে তেওঁক দত্তক লয়। তেওঁ সন্ন্যাসীৰ মাজত ডাঙৰ-দীঘল হৈছিল।

কেৱল মিহাইলো সন্ন্যাসীৰ মাজত ডাঙৰ হোৱাই নহয়। শৈশৱৰ পৰাই তেওঁ সন্ন্যাসীৰ ৰীতি-নীতি পালন কৰিছিল। সৰুৰে পৰাই মঠৰ সন্ন্যাসীৰ দৰে কঠোৰ জীৱন যাপন কৰিবলৈও আৰম্ভ কৰিছিল। মিহাইলো বাস কৰা মঠটোত কঠোৰ নিয়ম মানি চলিছিল। মহিলাৰ প্ৰৱেশ নিষিদ্ধ আছিল।

কেৱল মহিলাই নহয়, গৰু, ভেড়াকে ধৰি যিকোনো পশুধনক মঠটোত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। গ্ৰীচৰ সেই মঠটোৰ শতিকা পুৰণি পৰম্পৰা আজিও বলবৎ হৈ আছে। মহিলাসকলক মঠত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল তাৰ এটা কাৰণ আছিল সন্ন্যাসীসকলে যাতে গোটেই জীৱন যথাযথভাৱে ব্ৰহ্মচৰ্য জীৱন যাপন কৰিব পাৰে।

কিন্তু মঠৰ সন্ন্যাসীসকলক বাহিৰৰ জগতলৈ যাবলৈ দিয়া হৈছিল। ফলত তেওঁলোকে বাহিৰলৈ ওলাই যাব পাৰিলে আৰু প্ৰয়োজন হ’লে এগৰাকী মহিলাক লগ কৰিব পাৰে। কিন্তু মিহাইল জীয়াই থকালৈকে তেওঁ কেতিয়াও আথোছ পৰ্বতৰ মঠটো এৰি নগৈছিল।

১৯৩৮ চনত ৮২ বছৰ বয়সত মিহাইলোৰ মৃত্যু হয়। মিহাইলোৰ মৃত্যুৰ পিছত মাউণ্ট আথোছৰ সন্ন্যাসীসকলে তেওঁক বিশেষ মৰ্যাদাৰে সমাধিস্থ কৰে। মঠৰ সন্ন্যাসীসকলে বিশ্বাস কৰিছিল যে পৃথিৱীৰ একমাত্ৰ পুৰুষ যিয়ে কেতিয়াও কোনো নাৰী দেখা পোৱা নাছিল। গতিকে সন্ন্যাসীসকলৰ মাজত তেওঁৰ অত্যন্ত সন্মান আছিল।

বাতৰি কাকতৰ এটা প্ৰতিবেদনত এইটোও প্ৰকাশ পাইছে যে মহিলাৰ কথা বাদেই, মিহাইলোৱে কেতিয়াও ৰেল, বিমান বা আনকি চিনেমাও দেখা নাছিল। ১৯৩৮ চনৰ ২৯ অক্টোবৰত ‘এডিনবাৰ্গ ডেইলী কুৰিয়ৰ’ কাকতত মিহাইলোৰ বিষয়ে এটা বাতৰি প্ৰকাশ পায়। ‘গ্ৰীক সন্ন্যাসীয়ে কেতিয়াও মহিলাক দেখা নোপোৱাকৈয়ে মৃত্যুবৰণ কৰে’ শীৰ্ষক এই প্ৰতিবেদন প্ৰকাশ পাইছিল।

বৰ্তমান মাউণ্ট এথছক ইউনেস্ক’ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্যতম হিচাপে স্বীকৃতি দিয়া হৈছে। লাখ লাখ দৰ্শনাৰ্থীৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পাহাৰ। কিন্তু মাউণ্ট এথ’ছৰ মঠত মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ এতিয়াও বহু বিতৰ্ক চলি আছে। বহুতে এই নিয়মটো ‘বৈষম্যমূলক’ আৰু ‘প্ৰাচীন’ বুলিও মন্তব্য কৰিছে।

মাউণ্ট এথোছৰ কোলাত ২০টা মঠ আছে। ইয়াত প্ৰায় ২০ হাজাৰ সন্ন্যাসীয়ে বাস কৰে। ২০টা মঠৰ ভিতৰত ১৭টা মঠত গ্ৰীক সন্ন্যাসীসকলে বাস কৰে। বাকী তিনিটাত ছাৰ্বিয়া, বুলগেৰিয়া আৰু ৰাছিয়াৰ সন্ন্যাসীসকলে বাস কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত