--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইটো সম্ভৱনে! এজন মানুহ জন্ম হৈছিল, ডাঙৰ হৈছিল, ৮২ বছৰ বয়সলৈকে জীয়াই আছিল। কিন্তু তেওঁ গোটেই জীৱনত কোনো মুহূৰ্তৰ বাবেও এগৰাকী নাৰীৰ সংগসুখ বাদেই, ছাঁটোও দেখা নাপালে! পৃথিৱীত এনে এজন পুৰুষ আছিল যিয়ে জীৱনত কেতিয়াও নাৰী দেখা নাছিল। আনকি নিজৰ মাককো নেদিখিলে।

ব্ৰিটিছ প্ৰেছ "ইউনিলাড"ৰ প্ৰতিবেদন অনুসৰি ব্যক্তিজনৰ নাম মিহাইলো টলোটছ। তেওঁ গ্ৰীচৰ হালকিডিকিৰ বাসিন্দা আছিল। প্ৰতিবেদন অনুসৰি মিহাইলোৱে কেৱল বন্ধুৰ পৰা শুনি আৰু কিতাপ পঢ়ি নাৰীৰ অস্তিত্বৰ বিষয়ে জানিব পাৰিছিল। কিন্তু কোনো মহিলাক দেখা নাপালে।

১৮৫৬ চনত মিহাইলোৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। জন্ম দিয়াৰ কিছু সময়ৰ পিছতে তেওঁৰ মাতৃৰ মৃত্যু হয়। মিহাইলো অনাথ হৈ পৰিল। মিহাইলোৰ মাতৃৰ মৃত্যুৰ পিছত গ্ৰীচৰ মাউণ্ট আথোছৰ এটা মঠৰ সন্ন্যাসীসকলে তেওঁক দত্তক লয়। তেওঁ সন্ন্যাসীৰ মাজত ডাঙৰ-দীঘল হৈছিল।

কেৱল মিহাইলো সন্ন্যাসীৰ মাজত ডাঙৰ হোৱাই নহয়। শৈশৱৰ পৰাই তেওঁ সন্ন্যাসীৰ ৰীতি-নীতি পালন কৰিছিল। সৰুৰে পৰাই মঠৰ সন্ন্যাসীৰ দৰে কঠোৰ জীৱন যাপন কৰিবলৈও আৰম্ভ কৰিছিল। মিহাইলো বাস কৰা মঠটোত কঠোৰ নিয়ম মানি চলিছিল। মহিলাৰ প্ৰৱেশ নিষিদ্ধ আছিল।

কেৱল মহিলাই নহয়, গৰু, ভেড়াকে ধৰি যিকোনো পশুধনক মঠটোত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। গ্ৰীচৰ সেই মঠটোৰ শতিকা পুৰণি পৰম্পৰা আজিও বলবৎ হৈ আছে। মহিলাসকলক মঠত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল তাৰ এটা কাৰণ আছিল সন্ন্যাসীসকলে যাতে গোটেই জীৱন যথাযথভাৱে ব্ৰহ্মচৰ্য জীৱন যাপন কৰিব পাৰে।

কিন্তু মঠৰ সন্ন্যাসীসকলক বাহিৰৰ জগতলৈ যাবলৈ দিয়া হৈছিল। ফলত তেওঁলোকে বাহিৰলৈ ওলাই যাব পাৰিলে আৰু প্ৰয়োজন হ’লে এগৰাকী মহিলাক লগ কৰিব পাৰে। কিন্তু মিহাইল জীয়াই থকালৈকে তেওঁ কেতিয়াও আথোছ পৰ্বতৰ মঠটো এৰি নগৈছিল।

১৯৩৮ চনত ৮২ বছৰ বয়সত মিহাইলোৰ মৃত্যু হয়। মিহাইলোৰ মৃত্যুৰ পিছত মাউণ্ট আথোছৰ সন্ন্যাসীসকলে তেওঁক বিশেষ মৰ্যাদাৰে সমাধিস্থ কৰে। মঠৰ সন্ন্যাসীসকলে বিশ্বাস কৰিছিল যে পৃথিৱীৰ একমাত্ৰ পুৰুষ যিয়ে কেতিয়াও কোনো নাৰী দেখা পোৱা নাছিল। গতিকে সন্ন্যাসীসকলৰ মাজত তেওঁৰ অত্যন্ত সন্মান আছিল।

বাতৰি কাকতৰ এটা প্ৰতিবেদনত এইটোও প্ৰকাশ পাইছে যে মহিলাৰ কথা বাদেই, মিহাইলোৱে কেতিয়াও ৰেল, বিমান বা আনকি চিনেমাও দেখা নাছিল। ১৯৩৮ চনৰ ২৯ অক্টোবৰত ‘এডিনবাৰ্গ ডেইলী কুৰিয়ৰ’ কাকতত মিহাইলোৰ বিষয়ে এটা বাতৰি প্ৰকাশ পায়। ‘গ্ৰীক সন্ন্যাসীয়ে কেতিয়াও মহিলাক দেখা নোপোৱাকৈয়ে মৃত্যুবৰণ কৰে’ শীৰ্ষক এই প্ৰতিবেদন প্ৰকাশ পাইছিল।

বৰ্তমান মাউণ্ট এথছক ইউনেস্ক’ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্যতম হিচাপে স্বীকৃতি দিয়া হৈছে। লাখ লাখ দৰ্শনাৰ্থীৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পাহাৰ। কিন্তু মাউণ্ট এথ’ছৰ মঠত মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ এতিয়াও বহু বিতৰ্ক চলি আছে। বহুতে এই নিয়মটো ‘বৈষম্যমূলক’ আৰু ‘প্ৰাচীন’ বুলিও মন্তব্য কৰিছে।

মাউণ্ট এথোছৰ কোলাত ২০টা মঠ আছে। ইয়াত প্ৰায় ২০ হাজাৰ সন্ন্যাসীয়ে বাস কৰে। ২০টা মঠৰ ভিতৰত ১৭টা মঠত গ্ৰীক সন্ন্যাসীসকলে বাস কৰে। বাকী তিনিটাত ছাৰ্বিয়া, বুলগেৰিয়া আৰু ৰাছিয়াৰ সন্ন্যাসীসকলে বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ