--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী আৰু প্ৰযোজক খুছবু সুন্দৰ।দক্ষিণ ভাৰতৰ এটি পৰিচিত নাম।   তামিল ছবিত অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰা পিছত খুছবুৰ জীৱনৰ পথ পিছে মসৃণ নাছিল। তেওঁ শেহতীয়াকৈ ৰাজনীতো  ৰাজনীতিত যোগদান কৰিছে। 

শেহতীয়াকৈ দক্ষিণৰ অভিনেত্ৰীগৰাকী ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। তেওঁ শেহতীয়াকৈ তেওঁৰ নিজৰেই পিতৃৰ  বিষয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ।  ৮ বছৰ বয়সৰ পৰাই অভিনেত্ৰীগৰাকীক  তেওঁৰ পিতৃয়েই  যৌন নিৰ্যাতন চলাইছিল। কিন্তু  ভয়তে  কাকো  এই কথা ক'ব পৰা নাছিল খুছবুৱে। অৱশেষত খুছবুৱে মুখ খুলিছে।


কেৱল ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যই নহয়, খুছবুৰ আন এটা পৰিচয়ো আছে।  তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰো সদস্য। শেহতীয়া এক সাক্ষাৎকাৰত, অভিনেত্ৰী-খুছবুৱে শৈশৱৰ ভয়ংকৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ কয় যে  শৈশৱতে তেওঁৰ পিতৃয়ে তেওঁৰ ওপৰত চলোৱা যৌন শোষণে দিয়া মানসিক আঘাত গোটেই জীৱন ধৰি  ৰৈ যাব। খুছবুৱে কয় ’’মোৰ দেউতাই  মাক  প্ৰহাৰ কৰাটো তেওঁৰ জন্মগত অধিকাৰ বুলি ভাবিছিল। 

মই মাত্ৰ ৮ বছৰ বয়সতে যৌন নিৰ্যাতনৰ বলি হৈছিলোঁ। অৱশেষত ১৫ বছৰ বয়সত মই সাহসেৰে তাৰ প্ৰতিবাদ কৰিছিলো। মই ভয় কৰিছিলো যে মায়ে মোক বিশ্বাস নকৰিব। কিন্তু যেতিয়া মই  আৰু সহ্য কৰিব নোৱাৰা হ’লো তেতিয়াই মই সাহসেৰে  থিয় হ'লো। তাৰ পিছত তেওঁ আমাক এৰি গুচি গ'ল। ''

খুছবুৱে অভিনয়ৰ লগতে ৰাজনীতিতো বেছ সফলতা লাভ কৰিছে।  তেওঁ  প্ৰথমে ডিএমকে  দলত  আছিল আৰু তাৰ পিছত কেইদিনমান কংগ্ৰেছতো আছিল। অৱশেষত তেওঁ বিজেপিত যোগদান কৰিছে। খুছবুৱে  ২০২১  চনত তামিলনাডুৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি   পৰাজিত হৈছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক