--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী আৰু প্ৰযোজক খুছবু সুন্দৰ।দক্ষিণ ভাৰতৰ এটি পৰিচিত নাম।   তামিল ছবিত অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰা পিছত খুছবুৰ জীৱনৰ পথ পিছে মসৃণ নাছিল। তেওঁ শেহতীয়াকৈ ৰাজনীতো  ৰাজনীতিত যোগদান কৰিছে। 

শেহতীয়াকৈ দক্ষিণৰ অভিনেত্ৰীগৰাকী ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। তেওঁ শেহতীয়াকৈ তেওঁৰ নিজৰেই পিতৃৰ  বিষয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ।  ৮ বছৰ বয়সৰ পৰাই অভিনেত্ৰীগৰাকীক  তেওঁৰ পিতৃয়েই  যৌন নিৰ্যাতন চলাইছিল। কিন্তু  ভয়তে  কাকো  এই কথা ক'ব পৰা নাছিল খুছবুৱে। অৱশেষত খুছবুৱে মুখ খুলিছে।


কেৱল ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যই নহয়, খুছবুৰ আন এটা পৰিচয়ো আছে।  তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰো সদস্য। শেহতীয়া এক সাক্ষাৎকাৰত, অভিনেত্ৰী-খুছবুৱে শৈশৱৰ ভয়ংকৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ কয় যে  শৈশৱতে তেওঁৰ পিতৃয়ে তেওঁৰ ওপৰত চলোৱা যৌন শোষণে দিয়া মানসিক আঘাত গোটেই জীৱন ধৰি  ৰৈ যাব। খুছবুৱে কয় ’’মোৰ দেউতাই  মাক  প্ৰহাৰ কৰাটো তেওঁৰ জন্মগত অধিকাৰ বুলি ভাবিছিল। 

মই মাত্ৰ ৮ বছৰ বয়সতে যৌন নিৰ্যাতনৰ বলি হৈছিলোঁ। অৱশেষত ১৫ বছৰ বয়সত মই সাহসেৰে তাৰ প্ৰতিবাদ কৰিছিলো। মই ভয় কৰিছিলো যে মায়ে মোক বিশ্বাস নকৰিব। কিন্তু যেতিয়া মই  আৰু সহ্য কৰিব নোৱাৰা হ’লো তেতিয়াই মই সাহসেৰে  থিয় হ'লো। তাৰ পিছত তেওঁ আমাক এৰি গুচি গ'ল। ''

খুছবুৱে অভিনয়ৰ লগতে ৰাজনীতিতো বেছ সফলতা লাভ কৰিছে।  তেওঁ  প্ৰথমে ডিএমকে  দলত  আছিল আৰু তাৰ পিছত কেইদিনমান কংগ্ৰেছতো আছিল। অৱশেষত তেওঁ বিজেপিত যোগদান কৰিছে। খুছবুৱে  ২০২১  চনত তামিলনাডুৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি   পৰাজিত হৈছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু