--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসৰ বৰঘৰত পৰিণত হোৱা পাকিস্তানত এটা আত্মঘাতী বোমা বিস্ফোৰণত কমেও নজন আৰক্ষী নিহত হৈছে। এই ঘটনাত কমেও ১০ জন লোক  আহত হৈছে । সোমবাৰে পুৱা দক্ষিণ-পশ্চিম পাকিস্তানৰ কোৱেটাৰ ওচৰৰ এখন আৰক্ষীৰ ট্ৰাকত আক্ৰমণটো সংঘটিত হয় । ট্ৰাকৰ ভিতৰত থকা আৰক্ষী কৰ্মীসকলৰ ভিতৰৰে ৯ জনৰ  ঘটনাস্থলীতে মৃত্যু ঘটে। ডিচেম্বৰ মাহৰ পিছত পাকিস্তানত আৰক্ষীৰ ওপৰত সংঘটিত  এয়া  চতুৰ্থটো আক্ৰমণৰ ঘটনা।

প্ৰত্যক্ষদৰ্শীৰ মতে সোমবাৰে মটৰ চাইকেলত অহা এজন আত্মঘাতী বোমাৰুৱে আৰক্ষীৰ ট্ৰাক খনত খুন্দা মাৰে। লগে লগে   প্ৰচণ্ড শব্দ কৰি বোমাৰ  বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ  ফলত  সমগ্ৰ অঞ্চলটো কঁপি উঠে। সেই সময়ত কেইবাজনো আৰক্ষী ট্ৰাকৰ ভিতৰত আছিল। ওচৰত আন বহু সাধাৰণ লোকো আছিল । ফলত বিস্ফোৰণটোত কেইবাজনো সাধাৰণ লোক গুৰুতৰ ভাবে আহত হয়।

 ইয়াৰ পূৰ্বে ডিচেম্বৰত কোৱেটা, পেছাৱাৰৰ মছজিদ আৰু উত্তৰ-পশ্চিম পাকিস্তানৰ বান্নু জিলাত আৰক্ষীক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰণ চলাইছিল। সোমবাৰে  পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ৰাজধানী চহৰ কোৱেটাৰ পৰা ১৬০ কিলোমিটাৰ পূবত অৱস্থিত  চিব্বি নামৰ এখন চহৰত সংঘটিত হৈছে । স্থানীয় চিকিৎসালয় কৰ্তৃপক্ষই কৈছে  যে আহত ১০ জনৰ ভিতৰত কেইবাজনো গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে । তেওঁলোকৰ চিকিৎসা কৰি থকা হৈছে।

এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰা নাই। অৱশ্যে বেলুচিস্তানৰ  বেলুচ সম্প্ৰদায়ৰ এটা উগ্ৰপন্থী গোটে  এই আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি বহুতে সন্দেহ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক