--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসৰ বৰঘৰত পৰিণত হোৱা পাকিস্তানত এটা আত্মঘাতী বোমা বিস্ফোৰণত কমেও নজন আৰক্ষী নিহত হৈছে। এই ঘটনাত কমেও ১০ জন লোক  আহত হৈছে । সোমবাৰে পুৱা দক্ষিণ-পশ্চিম পাকিস্তানৰ কোৱেটাৰ ওচৰৰ এখন আৰক্ষীৰ ট্ৰাকত আক্ৰমণটো সংঘটিত হয় । ট্ৰাকৰ ভিতৰত থকা আৰক্ষী কৰ্মীসকলৰ ভিতৰৰে ৯ জনৰ  ঘটনাস্থলীতে মৃত্যু ঘটে। ডিচেম্বৰ মাহৰ পিছত পাকিস্তানত আৰক্ষীৰ ওপৰত সংঘটিত  এয়া  চতুৰ্থটো আক্ৰমণৰ ঘটনা।

প্ৰত্যক্ষদৰ্শীৰ মতে সোমবাৰে মটৰ চাইকেলত অহা এজন আত্মঘাতী বোমাৰুৱে আৰক্ষীৰ ট্ৰাক খনত খুন্দা মাৰে। লগে লগে   প্ৰচণ্ড শব্দ কৰি বোমাৰ  বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ  ফলত  সমগ্ৰ অঞ্চলটো কঁপি উঠে। সেই সময়ত কেইবাজনো আৰক্ষী ট্ৰাকৰ ভিতৰত আছিল। ওচৰত আন বহু সাধাৰণ লোকো আছিল । ফলত বিস্ফোৰণটোত কেইবাজনো সাধাৰণ লোক গুৰুতৰ ভাবে আহত হয়।

 ইয়াৰ পূৰ্বে ডিচেম্বৰত কোৱেটা, পেছাৱাৰৰ মছজিদ আৰু উত্তৰ-পশ্চিম পাকিস্তানৰ বান্নু জিলাত আৰক্ষীক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰণ চলাইছিল। সোমবাৰে  পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ৰাজধানী চহৰ কোৱেটাৰ পৰা ১৬০ কিলোমিটাৰ পূবত অৱস্থিত  চিব্বি নামৰ এখন চহৰত সংঘটিত হৈছে । স্থানীয় চিকিৎসালয় কৰ্তৃপক্ষই কৈছে  যে আহত ১০ জনৰ ভিতৰত কেইবাজনো গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে । তেওঁলোকৰ চিকিৎসা কৰি থকা হৈছে।

এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰা নাই। অৱশ্যে বেলুচিস্তানৰ  বেলুচ সম্প্ৰদায়ৰ এটা উগ্ৰপন্থী গোটে  এই আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি বহুতে সন্দেহ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু