--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনত এটা অতি পুৰণি পৰম্পৰা আছে৷ পৰম্পৰা অনুসৰি দৰাই কইনাক বিয়া পাতিব লাগিলে কইনাৰ নামত এক মোটা অংকৰ ধন কইনাৰ মূল্য হিচাবে আদায় দিব লাগে৷ সেই ধন পৰিশোধ কৰিবলগীয়া হোৱা বাবেই বহু যুৱকে বিয়া পতাৰ পৰা বিৰত থকা বুলি বহুতে ধাৰণা কৰিছে৷ সেইবাবেই চীনৰ চৰকাৰে দেশ খনৰ বহু প্ৰদেশৰ পৰা কইনাৰ মূল্য আদায় দিয়াৰ প্ৰথা বিলোপ কৰাৰ সিদ্ধান্ত লৈছে৷ 


 জনসংখ্যাৰ হাৰ বৃদ্ধি কৰিবলৈ চীনে  "কইনাৰ মূল্য" প্ৰথাৰ সমাপ্তিৰ কথা ভবা বুলি জানিব পৰা গৈছে।চীনৰ এগৰাকী প্ৰখ্যাত লেখকে কৈছে যে  কইনাসকলৰ বাবে  অত্যাধিক "কইনাৰ মূল্য" আদায় কৰাৰ পৰা নিৰুৎসাহিত কৰি দৰাসকলক বিয়াৰ বাবে উৎসাহিত কৰাৰ কথা ভবা হৈছে।  চীনত কইনাৰ মূল্য আদায় দিয়াটো এক সামাজিক ৰোগ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু কমিউনিষ্ট চৰকাৰে  পূব চীনৰ জিয়াংছি প্ৰদেশৰ কেইবাখনো চহৰ এনে প্ৰথা বিলোপৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰি 
দম্পতীসকলক বিবাহৰ পিছত  সন্তান জন্ম দিবলৈ উৎসাহিত কৰিবলৈ গানচু আৰু চাংচি প্ৰদেশত বিয়াৰ পিছত নৱ দম্পতীক  ৩০ দিনৰ ছুটী দিয়া হ’ব৷

ছাংহাইত  ১০ দিন  আৰু চিচুয়ানত  তিনিদিনেই লাভ কৰিব । দক্ষিণ-পশ্চিম বিশ্ববিদ্যালয়ৰ সামাজিক বিকাশ গৱেষণা প্ৰতিষ্ঠানৰ ডিন য়াং হাইয়াঙে কয় , "বিবাহৰ ছুটি বৃদ্ধি কৰাটো উৰ্বৰতাৰ হাৰ বৃদ্ধি কৰাৰ এক কাৰ্যকৰী উপায়"। উল্লেখ্য চীনে ১৯৮০  চনৰ পৰা ২০১৫  চনলৈ  কঠোৰ এক সন্তান নীতি প্ৰয়োগ কৰাৰ বাবে চীনৰ জনসংখ্যা হ্ৰাস পাইছে। 

২০২০ চনত চীনত প্ৰতি ১,০০০ গৰাকী লোকত ইয়াৰ সৰ্বনিম্ন ৬.৭৭ জন্মৰ হাৰ নথিভুক্ত কৰা হৈছিল৷  ফলত দেশৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পৰিছে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। ইপিনে চীনক চেৰ পেলাই বিশ্বৰ  আটাইতকৈ জনবহুল দেশত পৰিণত হোৱাৰ দিশে ভাৰত৷চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৱে  শেহতীয়াকৈ  ঘোষণা কৰিছে যে দেশ খনত সম্প্ৰতি  নথিভুক্ত কৰা  মৃত্যুৰ সংখ্যা ১০.৪১  নিযুত জন্মৰ সংখ্যা ৯.৫৬  নিযুততকৈ অধিক৷ ফলত ২০২২  চনত চীনৰ জনসংখ্যা ৮৫০,০০০হ্ৰাস হৈ ১.৪১১৭৫  বিলিয়নত উপনীত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক