--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনত এটা অতি পুৰণি পৰম্পৰা আছে৷ পৰম্পৰা অনুসৰি দৰাই কইনাক বিয়া পাতিব লাগিলে কইনাৰ নামত এক মোটা অংকৰ ধন কইনাৰ মূল্য হিচাবে আদায় দিব লাগে৷ সেই ধন পৰিশোধ কৰিবলগীয়া হোৱা বাবেই বহু যুৱকে বিয়া পতাৰ পৰা বিৰত থকা বুলি বহুতে ধাৰণা কৰিছে৷ সেইবাবেই চীনৰ চৰকাৰে দেশ খনৰ বহু প্ৰদেশৰ পৰা কইনাৰ মূল্য আদায় দিয়াৰ প্ৰথা বিলোপ কৰাৰ সিদ্ধান্ত লৈছে৷ 


 জনসংখ্যাৰ হাৰ বৃদ্ধি কৰিবলৈ চীনে  "কইনাৰ মূল্য" প্ৰথাৰ সমাপ্তিৰ কথা ভবা বুলি জানিব পৰা গৈছে।চীনৰ এগৰাকী প্ৰখ্যাত লেখকে কৈছে যে  কইনাসকলৰ বাবে  অত্যাধিক "কইনাৰ মূল্য" আদায় কৰাৰ পৰা নিৰুৎসাহিত কৰি দৰাসকলক বিয়াৰ বাবে উৎসাহিত কৰাৰ কথা ভবা হৈছে।  চীনত কইনাৰ মূল্য আদায় দিয়াটো এক সামাজিক ৰোগ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু কমিউনিষ্ট চৰকাৰে  পূব চীনৰ জিয়াংছি প্ৰদেশৰ কেইবাখনো চহৰ এনে প্ৰথা বিলোপৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰি 
দম্পতীসকলক বিবাহৰ পিছত  সন্তান জন্ম দিবলৈ উৎসাহিত কৰিবলৈ গানচু আৰু চাংচি প্ৰদেশত বিয়াৰ পিছত নৱ দম্পতীক  ৩০ দিনৰ ছুটী দিয়া হ’ব৷

ছাংহাইত  ১০ দিন  আৰু চিচুয়ানত  তিনিদিনেই লাভ কৰিব । দক্ষিণ-পশ্চিম বিশ্ববিদ্যালয়ৰ সামাজিক বিকাশ গৱেষণা প্ৰতিষ্ঠানৰ ডিন য়াং হাইয়াঙে কয় , "বিবাহৰ ছুটি বৃদ্ধি কৰাটো উৰ্বৰতাৰ হাৰ বৃদ্ধি কৰাৰ এক কাৰ্যকৰী উপায়"। উল্লেখ্য চীনে ১৯৮০  চনৰ পৰা ২০১৫  চনলৈ  কঠোৰ এক সন্তান নীতি প্ৰয়োগ কৰাৰ বাবে চীনৰ জনসংখ্যা হ্ৰাস পাইছে। 

২০২০ চনত চীনত প্ৰতি ১,০০০ গৰাকী লোকত ইয়াৰ সৰ্বনিম্ন ৬.৭৭ জন্মৰ হাৰ নথিভুক্ত কৰা হৈছিল৷  ফলত দেশৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পৰিছে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। ইপিনে চীনক চেৰ পেলাই বিশ্বৰ  আটাইতকৈ জনবহুল দেশত পৰিণত হোৱাৰ দিশে ভাৰত৷চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৱে  শেহতীয়াকৈ  ঘোষণা কৰিছে যে দেশ খনত সম্প্ৰতি  নথিভুক্ত কৰা  মৃত্যুৰ সংখ্যা ১০.৪১  নিযুত জন্মৰ সংখ্যা ৯.৫৬  নিযুততকৈ অধিক৷ ফলত ২০২২  চনত চীনৰ জনসংখ্যা ৮৫০,০০০হ্ৰাস হৈ ১.৪১১৭৫  বিলিয়নত উপনীত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু