--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত চৰকাৰ সলনি হোৱাৰ পিছত ধাৰাবাহিকভাৱে বদলি চলি আছে। আই পি এছ আৰু আই এ এছ বদলিৰ পিছত এতিয়া জিলা পৰ্যায়ত আৰক্ষীৰ বদলি হৈ আছে। উদয়পুৰ জিলাৰ বহু থানাত সালসলনি কৰা হৈছে৷ আৰক্ষী বিষয়াৰ পৰা হেড কনিষ্টবললৈকে কৰা হৈছে সালসলনি।

ইয়াৰ মাজতে এক অনন্য বদলিকৰণ পোহৰলৈ আহিছে। উদয়পুৰৰ পৰা মেৰী নামৰ CID কুকুৰ এটাকো বদলি কৰা হৈছে। ইয়াৰ বাবে ট্ৰেন্সফাৰ অৰ্ডাৰ জাৰি কৰা হৈছে আৰু এতিয়া কুকুৰটোক ৰে’লৰ জৰিয়তে আন এখন জিলালৈ ট্ৰেন্সফাৰ কৰা হয়।

আচলতে এই স্নাইপাৰ কুকুৰটো উদয়পুৰ জিলাৰ চিআইডিৰ ডগ স্কোয়াডৰ অন্যতম অংশ আৰু চিনিয়ৰ কুকুৰ। কুকুৰটোক তদন্তৰ বাবে যিকোনো অপৰাধ স্থানলৈ লৈ যোৱা হয়। বিস্ফোৰক বিষয়ৰ বিশেষজ্ঞ মেৰী নামৰ কুকুৰটো। বহু অপৰাধ পোহৰলৈ অনাৰ ক্ষেত্ৰত মেৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

টিম ইনচাৰ্জ ভাগৱতী লালাই জনোৱা মতে কুকুৰটোক ভৰতপুৰ জিলালৈ বদলি কৰা হৈছে। এতিয়া মেৰীক ভৰতপুৰ চিআইডিত পোষ্ট কৰা হ'ব। পুলিচৰ দৰে মেৰীয়ে তাতো একে কৰ্তব্য পালন কৰিব। উদয়পুৰত আঠ বছৰ ধৰি CID বিভাগটোত কাম কৰিছিল মেৰীয়ে।
 
ডগ স্কোয়াডৰ দলৰ পৰা এটা বাৰ্তা জাৰি কৰা হৈছিল, য’ত কোৱা হৈছিল যে মেৰীৰ জন্ম হৈছিল ২০১৬ চনৰ ১ জানুৱাৰীত। মেৰী হৈছে দ্য কেনেল ক্লাব অৱ ইণ্ডিয়ানত পঞ্জীয়নভুক্ত কুকুৰ। Retriever Labrador জাতৰ কুকুৰ মেৰী আৰু মেৰী অতি প্ৰতিভাশালী। হাৰিয়ানা আইটিবিপিৰ প্ৰশিক্ষণ কেন্দ্ৰ পঞ্চকুলাৰ পৰা প্ৰশিক্ষণ লৈ বেচ-২০১৬ত বিস্ফোৰক শাখাত প্ৰথম স্থান লাভ কৰে।
 
মেৰীৰ প্ৰথম পোষ্টিং আছিল উদয়পুৰত। এতিয়া আঠ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভৰতপুৰ জ’নলৈ বদলি হ’ল মেৰী। মেৰী যাতে  সুস্থ হৈ থাকে আৰু নিজৰ কৰ্তব্যসমূহ উন্নত পদ্ধতিৰে পালন কৰি যায়, তাৰে কামনা কৰিছে আৰক্ষী বিভাগে। 
rajasthan police cid female dog mary transfer | Sach Bedhadak
মেৰীৰ কপালত তিলক, ডিঙিত মালা আৰু গলবস্ত্ৰ পিন্ধাই সন্মানজনকভাৱে বিদায় দিয়া হয়। সেই সময়ত সকলোৰে চকু সেমেকি উঠাৰ লগতে মেৰীও আৱেগিক হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ