--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত চৰকাৰ সলনি হোৱাৰ পিছত ধাৰাবাহিকভাৱে বদলি চলি আছে। আই পি এছ আৰু আই এ এছ বদলিৰ পিছত এতিয়া জিলা পৰ্যায়ত আৰক্ষীৰ বদলি হৈ আছে। উদয়পুৰ জিলাৰ বহু থানাত সালসলনি কৰা হৈছে৷ আৰক্ষী বিষয়াৰ পৰা হেড কনিষ্টবললৈকে কৰা হৈছে সালসলনি।

ইয়াৰ মাজতে এক অনন্য বদলিকৰণ পোহৰলৈ আহিছে। উদয়পুৰৰ পৰা মেৰী নামৰ CID কুকুৰ এটাকো বদলি কৰা হৈছে। ইয়াৰ বাবে ট্ৰেন্সফাৰ অৰ্ডাৰ জাৰি কৰা হৈছে আৰু এতিয়া কুকুৰটোক ৰে’লৰ জৰিয়তে আন এখন জিলালৈ ট্ৰেন্সফাৰ কৰা হয়।

আচলতে এই স্নাইপাৰ কুকুৰটো উদয়পুৰ জিলাৰ চিআইডিৰ ডগ স্কোয়াডৰ অন্যতম অংশ আৰু চিনিয়ৰ কুকুৰ। কুকুৰটোক তদন্তৰ বাবে যিকোনো অপৰাধ স্থানলৈ লৈ যোৱা হয়। বিস্ফোৰক বিষয়ৰ বিশেষজ্ঞ মেৰী নামৰ কুকুৰটো। বহু অপৰাধ পোহৰলৈ অনাৰ ক্ষেত্ৰত মেৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

টিম ইনচাৰ্জ ভাগৱতী লালাই জনোৱা মতে কুকুৰটোক ভৰতপুৰ জিলালৈ বদলি কৰা হৈছে। এতিয়া মেৰীক ভৰতপুৰ চিআইডিত পোষ্ট কৰা হ'ব। পুলিচৰ দৰে মেৰীয়ে তাতো একে কৰ্তব্য পালন কৰিব। উদয়পুৰত আঠ বছৰ ধৰি CID বিভাগটোত কাম কৰিছিল মেৰীয়ে।
 
ডগ স্কোয়াডৰ দলৰ পৰা এটা বাৰ্তা জাৰি কৰা হৈছিল, য’ত কোৱা হৈছিল যে মেৰীৰ জন্ম হৈছিল ২০১৬ চনৰ ১ জানুৱাৰীত। মেৰী হৈছে দ্য কেনেল ক্লাব অৱ ইণ্ডিয়ানত পঞ্জীয়নভুক্ত কুকুৰ। Retriever Labrador জাতৰ কুকুৰ মেৰী আৰু মেৰী অতি প্ৰতিভাশালী। হাৰিয়ানা আইটিবিপিৰ প্ৰশিক্ষণ কেন্দ্ৰ পঞ্চকুলাৰ পৰা প্ৰশিক্ষণ লৈ বেচ-২০১৬ত বিস্ফোৰক শাখাত প্ৰথম স্থান লাভ কৰে।
 
মেৰীৰ প্ৰথম পোষ্টিং আছিল উদয়পুৰত। এতিয়া আঠ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভৰতপুৰ জ’নলৈ বদলি হ’ল মেৰী। মেৰী যাতে  সুস্থ হৈ থাকে আৰু নিজৰ কৰ্তব্যসমূহ উন্নত পদ্ধতিৰে পালন কৰি যায়, তাৰে কামনা কৰিছে আৰক্ষী বিভাগে। 
rajasthan police cid female dog mary transfer | Sach Bedhadak
মেৰীৰ কপালত তিলক, ডিঙিত মালা আৰু গলবস্ত্ৰ পিন্ধাই সন্মানজনকভাৱে বিদায় দিয়া হয়। সেই সময়ত সকলোৰে চকু সেমেকি উঠাৰ লগতে মেৰীও আৱেগিক হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু