--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ দলৰেই চৰকাৰৰ নানান কামৰ বিৰুদ্ধে সততে মাত মাতি আহিছে বিজেপিৰ সাংসদ তথা গান্ধী পৰিয়ালৰ এগৰাকী অন্যতম সদস্য বৰুণ গান্ধীয়ে। সেয়ে এইবেলি হয়তো ফল ভোগ কৰিব পাৰে বৰুণ গান্ধীয়ে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে এইবেলি পিলিভিট লোকসভা আসনৰ পৰা বৰুণ গান্ধীয়ে টিকট  লাভ নকৰিবও পাৰে।  সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি বৰুণৰ সলনি বিজেপিয়ে সঞ্জয় সিং গাংৱাৰকপিলভিটৰ পৰা  প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে।

লোকসভা নিৰ্বাচন ২০২৪ ৰ বাবে ১০০ দিনতকৈও কম সময় বাকী আছে। গোটেই পৃথিৱীয়ে ভাৰতৰ এই  নিৰ্বাচনলৈ দৃষ্টি ৰাখিছে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে  নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত হৈ আছে। 
 
উল্লেখ্য ২০১৯ ৰ নিৰ্বাচনত বিজেপিয়ে উত্তৰ প্ৰদেশৰ ৮০  খন লোকসভা আসনৰ ভিতৰত ৬২  খন আসন লাভ কৰিছিল। কংগ্ৰেছে মাত্ৰ এখন আসন লাভ কৰিছিল (ৰায়বৰেলী)। স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক পৰাস্ত কৰি আমেঠি আসনত জয়লাভ কৰিছিল। আমেঠি আৰু ৰায়বৰেলীৰ উপৰি উত্তৰ প্ৰদেশত আন এখন হাই প্ৰফাইল আসন আছে – পিলিভিট। এই আসনখন বৰ্তমান বিজেপিৰ হাতত আছে।পিলিভিট উত্তৰ প্ৰদেশৰ ৰোহিলখান্দ অঞ্চলত পৰে। সেয়া আগতে বৰেলী জিলাৰ অংশ আছিল। ১৮৭৯ চনত ই এখন পৃথক জিলাত পৰিণত হয়। ইয়াৰ জনসংখ্যা প্ৰায় ২০ লাখ। 

ৰাহুল গান্ধীৰ সম্পৰ্কীয় ভাতৃ আৰু বিজেপি নেতা বৰুণ গান্ধী বৰ্তমান পিলিভিটৰ সাংসদ।সেইবেলি প্ৰায় ৬৭.৪১% ভোটদান  হৈছিল। বৰুণ গান্ধীয়ে ২০১৯ চনত ৭,০৪,৫৪৯ টা ভোট লাভ কৰিছিল। ২০১৯  চনত, বৰুণ গান্ধীয়ে সমাজবাদী পাৰ্টিৰ হেমৰাজ বাৰ্মাক পৰাজিত কৰিছিল। হেমৰাজে ৪,৪৮,৯২২ টা ভোট লাভ কৰিছিল। বৰুণ গান্ধী ২০০৯ চনতো পিলিভিটৰ সাংসদো আছিল। 

বৰুণ গান্ধীক এজন উজ্জ্বল যুৱ নেতা হিচাপে গণ্য কৰা হয়। তেওঁলোকে যি ভালপায় সেয়াই কৰে।  বহুসময়ত তেওঁ দলৰ বিৰুদ্ধেই মাত মাতিছে।  সেয়ে তেওঁৰ টিকট হয়তো এইবাৰ কটা যাব পাৰে।  বিজেপিয়ে সঞ্জয় সিং গাংৱাৰক তেওঁৰ সলনি প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে। ৪৭ বছৰীয়া গাংৱাৰ বৰ্তমান এজন বিধায়ক। 

 মূল্যবৃদ্ধিকে ধৰি আন কেইবাটাও  বিষয়ত নিজৰ দলৰে চৰকাৰক সমালোচনা কৰি আহিছে  বৰুণ গান্ধীয়ে  গান্ধীয়ে চৰকাৰক প্ৰশ্ন কৰিছিল চৰকাৰী কোষাগাৰৰ ওপৰত প্ৰথম অধিকাৰ কাৰ আছে? বৰুণ গান্ধীয়ে তেওঁৰ চৰকাৰক 'ফ্ৰী কি ৰেৱৰী' সন্দৰ্ভতো সমালোচনা কৰিছিল।

বৰুণ গান্ধীয়ে এই বুলি  টুইট কৰিছিল যে দৰিদ্ৰ লোকসকলক ৫ কিলোগ্ৰাম ৰেচন দিয়াৰ বাবে 'ধন্যবাদ'  বিচৰা চৰকাৰ খনে পাঁচ বছৰত দুৰ্নীতিগ্ৰস্ত ধনী লোকসকলৰ ১০ লাখ কোটি টকালৈকে ঋণ ৰেহাই  দিছে৷

 পিলিভিটৰ সাংসদজনে তেওঁৰ নিজৰ দলৰ সাংসদ নিশিকান্ত দুবেৰ বক্তব্যকো সমালোচনা কৰিছিল। উল্লেখ্য  পূৰ্বে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে এক সমাৱেশত কৈছিল  যে বিনামূলীয়াকৈ বস্তু দিয়া লোকৰ পৰা সাৱধান হোৱা উচিত। মোদীয়ে মূলতঃ আম আদমী পাৰ্টীক লক্ষ্য কৰিয়েই কথা খিনি কৈছিল৷ কাৰণ আপে বিদ্যুতকে ধৰি আন বহু সেৱা জনতাক বিনামূলীয়াকৈ দিছে৷এই ক্ষেত্ৰত বৰুণ গান্ধীয়ে মোদীক তেওঁৰ মন্তব্যৰ বাবে সমৰ্থন জনোৱাৰ সলনি তেওঁৰ নিজৰ দলক কাঠগড়াতহে তুলিছে৷  পাঁচ বছৰত দুৰ্নীতিগ্ৰস্ত ধনী লোকসকলৰ ১০ লাখ কোটি টকালৈকে ঋণ ৰেহাই দিয়াৰ প্ৰসংগতে মোদীৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছিল বৰুণ গান্ধীয়ে৷

মোদীৰ চৰকাৰক কটাক্ষ কৰি বৰুণ গান্ধীয়ে কৈছিল  যে  মেহুল চোকচি আৰু ঋষি আগৰৱালাৰ নাম ’ফ্ৰীৰ ৰেৱাৰী’ৰ তালিকাত শীৰ্ষস্থানত আছে।  চৰকাৰী ধনৰ অপচয় কৰাৰ অধিৰকাৰ কাৰো নাই বুলিও তেওঁ কৈছিল৷

ইয়াৰ পূৰ্বেও  ‘অগ্নিপথ’ৰ বিষয়টোকলৈ চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছিল বৰুণ গান্ধী। অগ্নিবীৰৰ বাবে পেঞ্চনৰ দাবী উত্থাপন কৰি বৰুণ গান্ধীয়ে কৈছিল যে যদি অগ্নিবীৰৰ বাবে পেঞ্চন প্ৰৱৰ্তন কৰা নহয় তেন্তে তেঁৱো পেঞ্চন এৰি দিবলৈ সাজু আছে।

বৰুণ গান্ধীয়ে এইবুলি টুইট কৰিছিল, “যদি হ্ৰস্বম্যাদী সেৱাত নিয়োজিত অগ্নিবীৰসকল পেঞ্চনৰ বাবে যোগ্য নহয়, তেন্তে জনপ্ৰতিনিধিসকলক এই ‘লাভালাভ’ কিয় দিয়া উচিত? ৰাজ্যৰ ৰক্ষকসকলে পেঞ্চনৰ অধিকাৰ এৰি নিদিলেও মই মোৰ পেঞ্চন এৰি দিবলৈও সাজু। বিধায়ক,সাংসদসকলে তেওঁলোকৰ পেঞ্চন এৰি দিব নোৱাৰে আৰু এয়াও নিশ্চিত কৰিব নোৱাৰে যে অগ্নিবীৰসকলক পেঞ্চন দিয়া হ’ব“।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু