--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত ইণ্ডিয়া মিত্ৰজোঁটৰ সম্ভাৱনা প্ৰায় নিস্তেজ হৈ আহিছিল সেই সময়তে কংগ্ৰেছ-আপৰ মাজত হোৱা নিৰ্বাচনী সন্ধিয়ে বহুতৰে মুখলৈ পানী আনিছে।  লোকসভা নিৰ্বাচনৰ পূৰ্বে আজি ইণ্ডি মিত্ৰজোঁটে এখন যুটীয়া সংবাদমেল অনুষ্ঠিত কৰে। 

এই যুটীয়া সংবাদমেলত কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত পাঁচখন ৰাজ্যত মিত্ৰতাৰ কথা ঘোষণা কৰা হয়। মিত্ৰতা অনুসৰি দিল্লীত আম আদমী পাৰ্টীয়ে (আপ) চাৰিখন লোকসভা আসন আৰু কংগ্ৰেছে তিনিখন আসনত প্ৰতিদ্বন্দিতা কৰিব।লগতে  কংগ্ৰেছে হাৰিয়ানাৰ ১০  খন আসনৰ ভিতৰত ৯ খন আসনত প্ৰতিদ্বন্দিতা কৰিব আৰু আপে এখন আসনত প্ৰতিদ্বন্দিতা কৰিব। সংবাদমেলত প্ৰকাশ কৰা অনুসৰি  আম আদমী পাৰ্টীয়ে দিল্লীত চাৰিখন আসনত প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰ ভিতৰত আছে নতুন দিল্লী, পশ্চিম দিল্লী, দক্ষিণ দিল্লী আৰু পূব দিল্লী আসন কেইখন আছে।

 ইয়াৰ উপৰি কংগ্ৰেছে চান্দনী চক, উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম আসনকে ধৰি তিনিখন আসনত প্ৰতিদ্বন্দিতা কৰিব।ইয়াৰ উপৰি হাৰিয়ানাত কংগ্ৰেছে  ১০ খন আসনৰ ভিতৰত ৯ খন আসনত প্ৰতিদ্বন্দিতা কৰিব, আনহাতে আপে এখন আসনত প্ৰতিদ্বন্দিতা কৰিব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু সাংসদ মুকুল ৱাছনিকে কয়  যে গোৱাত  কংগ্ৰেছে দুয়োখন লোকসভা আসনত প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰ উপৰি গুজৰাটৰ ২৬  খন লোকসভা আসনৰ ভিতৰত কংগ্ৰেছে ২৪  খনত প্ৰতিদ্বন্দিতা কৰিব আৰু আপৰ প্ৰাৰ্থীয়ে  দুখন আসনত প্ৰতিদ্বন্দিতা কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু