--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত ইণ্ডিয়া মিত্ৰজোঁটৰ সম্ভাৱনা প্ৰায় নিস্তেজ হৈ আহিছিল সেই সময়তে কংগ্ৰেছ-আপৰ মাজত হোৱা নিৰ্বাচনী সন্ধিয়ে বহুতৰে মুখলৈ পানী আনিছে।  লোকসভা নিৰ্বাচনৰ পূৰ্বে আজি ইণ্ডি মিত্ৰজোঁটে এখন যুটীয়া সংবাদমেল অনুষ্ঠিত কৰে। 

এই যুটীয়া সংবাদমেলত কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত পাঁচখন ৰাজ্যত মিত্ৰতাৰ কথা ঘোষণা কৰা হয়। মিত্ৰতা অনুসৰি দিল্লীত আম আদমী পাৰ্টীয়ে (আপ) চাৰিখন লোকসভা আসন আৰু কংগ্ৰেছে তিনিখন আসনত প্ৰতিদ্বন্দিতা কৰিব।লগতে  কংগ্ৰেছে হাৰিয়ানাৰ ১০  খন আসনৰ ভিতৰত ৯ খন আসনত প্ৰতিদ্বন্দিতা কৰিব আৰু আপে এখন আসনত প্ৰতিদ্বন্দিতা কৰিব। সংবাদমেলত প্ৰকাশ কৰা অনুসৰি  আম আদমী পাৰ্টীয়ে দিল্লীত চাৰিখন আসনত প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰ ভিতৰত আছে নতুন দিল্লী, পশ্চিম দিল্লী, দক্ষিণ দিল্লী আৰু পূব দিল্লী আসন কেইখন আছে।

 ইয়াৰ উপৰি কংগ্ৰেছে চান্দনী চক, উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম আসনকে ধৰি তিনিখন আসনত প্ৰতিদ্বন্দিতা কৰিব।ইয়াৰ উপৰি হাৰিয়ানাত কংগ্ৰেছে  ১০ খন আসনৰ ভিতৰত ৯ খন আসনত প্ৰতিদ্বন্দিতা কৰিব, আনহাতে আপে এখন আসনত প্ৰতিদ্বন্দিতা কৰিব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু সাংসদ মুকুল ৱাছনিকে কয়  যে গোৱাত  কংগ্ৰেছে দুয়োখন লোকসভা আসনত প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰ উপৰি গুজৰাটৰ ২৬  খন লোকসভা আসনৰ ভিতৰত কংগ্ৰেছে ২৪  খনত প্ৰতিদ্বন্দিতা কৰিব আৰু আপৰ প্ৰাৰ্থীয়ে  দুখন আসনত প্ৰতিদ্বন্দিতা কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক