--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: খবৰ অনুসৰি  ৮ বছৰ ধৰি ছমী আলীৰ লগত ডেটিং কৰিছিলছলমান খানে আৰু এতিয়া বহু বছৰৰ পাছত মাজে অভিনেতাগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। আকৌ এবাৰ ভাইজানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছমী আলীয়ে। ছলমানে তেওঁক আক্ৰমণ কৰি চিগাৰেটেৰে জ্বলাই দিয়াৰ অভিযোগো উত্থাপন কৰিছে।

কোৱা হয় যেতিয়া প্ৰেমে কষ্ট দিবলৈ আৰম্ভ কৰে, তেতিয়া তাৰ পৰা আঁতৰি যোৱাটোৱেই ভাল, আৰু যদি এবাৰ আঁতৰি যায়, তেন্তে পাহৰি যোৱাটোৱেই উত্তম উপায়। কিন্তু এনে লাগে ছলমান খানৰ সৈতে সম্পৰ্ক শেষ হোৱাৰ পিছতো ভাইজানৰ জীৱন আগবাঢ়িছে যদিও ছমী আলীয়ে আজি কিছুদিনৰ পৰাই ছালমান খানৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মাত মাতিছে। গুৰুতৰ অভিযোগত ঘেৰি ধৰি ছলমান খানক । শেহতীয়াকৈ এতিয়া আকৌ এবাৰ ছলমানক টাৰ্গেট কৰিলে ছমী আলীয়ে।
salman somy ali


ছলমান খানৰ সৈতে নিজৰ ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰাৰ সময়ত ছমীয়ে কয় যে ভাৰতত অনুষ্ঠিত হ’বলগীয়া তেওঁৰ শ্ব’টো নিষিদ্ধ কৰা হৈছে। তেওঁ লিখিছে - মোকো ভাবুকি দিয়া হৈছে যিটো কাপুৰুষৰ চিন। কিন্তু মোৰ পক্ষ ল’বলৈ মোৰ হাতত ৫০ জন অধিবক্তা আছে। আপুনি মোক শাৰীৰিকভাৱে আক্ৰমণ কৰি চিগাৰেটেৰে জ্বলাই দিছিল। বিশেষ কথাটো হ'ল এই পোষ্টটো শ্বেয়াৰ কৰি থাকোঁতে ছমীয়ে ছলমানৰ সৈতে নিজৰ ছবি শ্বেয়াৰ কৰিছিল যদিও তেওঁৰ নাম লোৱা নাছিল। ইফালে পোষ্টটোৰ শেষত ছলমানক সমৰ্থন কৰি অহা সেই অভিনেত্ৰীসকলকো টাৰ্গেট কৰিছিল ছমীয়ে।

আচলতে ছলমান খানৰ প্ৰাৰম্ভিক প্ৰেমিকাসকলৰ ভিতৰত অন্যতম আছিল ছমী আলী। দুয়োজনে ১৯৯১ চনৰ পৰাই ইজনে সিজনৰ লগত ডেটিং আৰম্ভ কৰিছিল। সেই সময়ত দুয়োৰে কেৰিয়াৰ মাত্ৰ আৰম্ভ হৈছিল আৰু ছলমানো নাছিল ডাঙৰ তাৰকা। ১৯৯১ চনৰ পৰা আৰম্ভ হোৱা তেওঁলোকৰ সম্পৰ্ক ১৯৯৮ চনলৈকে চলিছিল। এই বছৰ দুয়োৰে ব্ৰেকআপ হৈছিল। ছমী আলীৰ কেৰিয়াৰো ভাল নহ’ল, সেয়েহে তেওঁ ফ্ল’ৰিডালৈ উভতি আহিল। ইয়াৰ পিছত ঐশ্বৰ্য ৰায় আহিছিল ছলমানৰ জীৱনত।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু