--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰণবীৰ সিঙৰ  নতুন ছবি "চাৰ্কাছ "ৰ ট্ৰেইলাৰ মুক্তি দিয়া হৈছে। ট্ৰেইলাৰ মুক্তিৰ পিছতে ৰণবীৰ- দীপিকাৰ অনুৰাগীসকলৰ মন প্ৰফুল্লিত হৈ পৰিছে৷ ইতিমধ্যে লাখ লাখ লোকে এই ট্ৰেইলাৰ চাই আনন্দিত হৈ পৰিছে৷ৰণবীৰ সিঙক চাৰে তিনি মিনিট দৈৰ্ঘ্যৰ ট্ৰেইলাৰত বিদ্যুতৰ ফ্লেছৰ মাজত  থকা দেখা গৈছে।  

দুগৰাকী জনপ্ৰিয়  নায়িকা পূজা হেগড়ে আৰু জেকলিন ফাৰ্ণাণ্ডেজে এই ছবিখনত দুটা বিশেষ৷ চৰিত্ৰত অভিনয় কৰিছে৷ অৱশ্যে দীপিকা পাডুকনকো  ট্ৰেইলাৰত দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে দৰাৰ সৈতে 'কাৰেণ্ট লাগা' গীতটোত প্ৰাণ ঢালি  নাচিছে। দক্ষিণৰ ষ্টাইলত গুলপীয়া- ৰঙা  সাজ  পিন্ধা দীপিকাৰ পোছাক দেখি সকলোৱে আকৰ্ষিত হৈছে। দীপিকা পাডুকনক ৰোহিত চেট্টীৰ কমেডি ছবি খনত এগৰাকী আইটেম গাৰ্ল হিচাপে দেখা যাব।

ৰোহিত চেট্টীয়ে খ্ৰীষ্টমাছত মুক্তি পাবলগীয়া এই ছবিখনত ষাঠিৰ দশকৰ নষ্টালজিয়া কঢ়িয়াই আনিবলৈচেষ্টা চলাইছে। ছবিখনত ৰণবীৰৰ সৈতে বৰুণ শৰ্মায়ো অভিনয় কৰিছে। ট্ৰেইলাৰত দেখা গৈছে যে ৰণবীৰৰ এক অদ্ভুত ৰোগ আছে। তেওঁ  বিদ্যুত খায়,বিদ্যুতৰ সৈতে খেলা ৰিব পাৰে৷ ইয়াৰ বাবে তেওঁক বহুতে  'ইলেক্ট্ৰিক মেন' বুলি কয়। 
ৰোহিত চেট্টীৰ চলচ্চিত্ৰখন 'দো দুনি চাৰ' (১৯৬৮) আৰু 'আঙ্গুৰ' (১৯৮২)ৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷   পৰিচালক ৰোহিত চেট্টীৰ সৈতে কৰা  এইখন ৰণবীৰৰ তৃতীয়  ছবি। তেওঁলোকে আগতে 'চিম্বা' আৰু 'সূৰ্যবংশী'ত একেলগে কাম কৰিছিল।ৰণবীৰৰ 'জয়েশভাই জৰ্দাৰ'-এ বক্স অফিচ গৰম  কৰিব নোৱাৰিলে।সেই বিফলতা পাহৰি ৰণবীৰে "চাৰ্কাছ "কলৈ আশাবাদী। ছবিখনত মুখ্য চৰিত্ৰত ৰণবীৰ কাপুৰৰ লগতে বৰুণ ধাৱানেও অভিনয় কৰিছে। সঞ্জয় মিশ্ৰা, জনি লিভাৰ, অশ্বিনী কালচেকাৰ, মুকেশ তিৱাৰী, সিদ্ধাৰ্থ যাদৱক "চাৰ্কাছ " বিভিন্ন চৰিত্ৰত দেখা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক