--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰণবীৰ সিঙৰ  নতুন ছবি "চাৰ্কাছ "ৰ ট্ৰেইলাৰ মুক্তি দিয়া হৈছে। ট্ৰেইলাৰ মুক্তিৰ পিছতে ৰণবীৰ- দীপিকাৰ অনুৰাগীসকলৰ মন প্ৰফুল্লিত হৈ পৰিছে৷ ইতিমধ্যে লাখ লাখ লোকে এই ট্ৰেইলাৰ চাই আনন্দিত হৈ পৰিছে৷ৰণবীৰ সিঙক চাৰে তিনি মিনিট দৈৰ্ঘ্যৰ ট্ৰেইলাৰত বিদ্যুতৰ ফ্লেছৰ মাজত  থকা দেখা গৈছে।  

দুগৰাকী জনপ্ৰিয়  নায়িকা পূজা হেগড়ে আৰু জেকলিন ফাৰ্ণাণ্ডেজে এই ছবিখনত দুটা বিশেষ৷ চৰিত্ৰত অভিনয় কৰিছে৷ অৱশ্যে দীপিকা পাডুকনকো  ট্ৰেইলাৰত দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে দৰাৰ সৈতে 'কাৰেণ্ট লাগা' গীতটোত প্ৰাণ ঢালি  নাচিছে। দক্ষিণৰ ষ্টাইলত গুলপীয়া- ৰঙা  সাজ  পিন্ধা দীপিকাৰ পোছাক দেখি সকলোৱে আকৰ্ষিত হৈছে। দীপিকা পাডুকনক ৰোহিত চেট্টীৰ কমেডি ছবি খনত এগৰাকী আইটেম গাৰ্ল হিচাপে দেখা যাব।

ৰোহিত চেট্টীয়ে খ্ৰীষ্টমাছত মুক্তি পাবলগীয়া এই ছবিখনত ষাঠিৰ দশকৰ নষ্টালজিয়া কঢ়িয়াই আনিবলৈচেষ্টা চলাইছে। ছবিখনত ৰণবীৰৰ সৈতে বৰুণ শৰ্মায়ো অভিনয় কৰিছে। ট্ৰেইলাৰত দেখা গৈছে যে ৰণবীৰৰ এক অদ্ভুত ৰোগ আছে। তেওঁ  বিদ্যুত খায়,বিদ্যুতৰ সৈতে খেলা ৰিব পাৰে৷ ইয়াৰ বাবে তেওঁক বহুতে  'ইলেক্ট্ৰিক মেন' বুলি কয়। 
ৰোহিত চেট্টীৰ চলচ্চিত্ৰখন 'দো দুনি চাৰ' (১৯৬৮) আৰু 'আঙ্গুৰ' (১৯৮২)ৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷   পৰিচালক ৰোহিত চেট্টীৰ সৈতে কৰা  এইখন ৰণবীৰৰ তৃতীয়  ছবি। তেওঁলোকে আগতে 'চিম্বা' আৰু 'সূৰ্যবংশী'ত একেলগে কাম কৰিছিল।ৰণবীৰৰ 'জয়েশভাই জৰ্দাৰ'-এ বক্স অফিচ গৰম  কৰিব নোৱাৰিলে।সেই বিফলতা পাহৰি ৰণবীৰে "চাৰ্কাছ "কলৈ আশাবাদী। ছবিখনত মুখ্য চৰিত্ৰত ৰণবীৰ কাপুৰৰ লগতে বৰুণ ধাৱানেও অভিনয় কৰিছে। সঞ্জয় মিশ্ৰা, জনি লিভাৰ, অশ্বিনী কালচেকাৰ, মুকেশ তিৱাৰী, সিদ্ধাৰ্থ যাদৱক "চাৰ্কাছ " বিভিন্ন চৰিত্ৰত দেখা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু